X
X

Fact Check: গৰমৰ কাৰণে বাইকত জুই লগাৰ দাবী ভুৱা, নালাছোপাৰাৰ পুৰণি ভিডিঅ’ ভাইৰেল

বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, যিটো ভিডিঅ’ক ভাইৰেল কৰা হৈ আছে সেয়া মুম্বাইৰ নালাছোপাৰাৰ এটা পুৰণি ঘটনাৰ ভিডিঅ’ হয়। বাইকত গৰমৰ প্ৰকোপৰ কাৰণে জুই লগা নাছিল, অট’ৰ লগত খুন্দা খোৱাৰ পাছত সেই জুই লাগিছিল। সেই ভিডিঅ’ক ভুৱা দাৱীৰ সৈতে বিয়পাই থকা হৈছে।

  • By: Umam Noor
  • Published: May 29, 2024 at 11:55 AM

নতুন দিল্লী (বিশ্বাস নিউজ)। তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে-লগে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। তাত এখন বাইকত জুই লাগি থকা দেখা পোৱা গৈ আছে। এই ভিডিঅ’ শ্বেয়াৰ কৰি ইউজাৰে দাবী কৰিছে যে, গৰমৰ প্ৰকোপত এই বাইকত জুই লাগি গৈছে আৰু বিহাৰৰ দ্বাৰভাঙ্গাত এই ঘটনা সংঘটিত হোৱা চকুত পৰিছে। 

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰি গম পাইছে যে, ভাইৰেল হৈ থকা এই ভিডিঅ’ মহাৰাষ্ট্ৰৰ নালাছোপাৰাৰ পুৰণি এটা ঘটনাৰ ভিডিঅ’ হয়। বাইকখনত আচলতে গৰমৰ কাৰণে জুই লগা নাই, অট’ৰ লগত খুন্দা খোৱাৰ কাৰণে এই জুই লাগিছে। এই ভিডিঅ’ক ভুৱা দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে। 

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ”তপ্ত দুপৰীয়া দ্বাৰভাঙ্গাৰ আটাইতকৈ ব্যস্ত এলেকা দোনাৰত বাইকত জুই লাগি গৈছে। পানী দি সেই জুই নুমাবলৈ যাওঁতে, বাইকৰ টেংকি খোলাৰ লগে-লগে বিস্ফোৰণ। এজন ব্যক্তি বেয়াকৈ জখম হৈছে…”

পোষ্টাৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।

অনুসন্ধান

আমাৰ অনুসন্ধান আৰম্ভ কৰি আমি সদৌ প্ৰথমতে ভিডিঅ’টোৰ কী-ফ্ৰমেছ উলিয়াইছিলোঁ আৰু সেইবোৰক গুগল লেঞ্চৰ সহায়তা ছাৰ্চ কৰিছোঁ। ছাৰ্চ কৰি থাকোঁতে আমি গম পালোঁ যে, এই ভিডিঅ’টো ‘মুম্বই নিউজ’ নামৰ এখন ভাৰিফাইড এক্স হেণ্ডলত 2002-ৰ এপ্ৰিলত আপলোড কৰা হৈছিল। তাত কোৱা হৈছে যে, এই ভিডিঅ’টো মুম্বাইৰ নালাছোপাৰাৰ হয়। 

এই তথ্যৰ ভিত্তিত আমি নিজৰ অনুসন্ধান আগবঢ়াইছিলোঁ আৰু আমি এই ঘটনা সম্বন্ধীয় বহু কেইখন নিউজ ৰিপ’ৰ্ট পাইছিলোঁ। ইণ্ডিয়া টিভি হিন্দীৰ 13 এপ্ৰিল 2022-ৰ বাতৰি অনুসৰি, ”নালাছোপাৰাত বাইকত জুই লগাৰ এটা ভিডিঅ’ পোৱা গৈছে। ছিল্ক চেণ্টাৰৰ সন্মুখত থকা তালাচী চকীত এই ঘটনা সংঘটিত হৈছে। সেই ঠাইত এজন ল’ৰাই বাইকৰ বেটাৰি থকা অংশত লগা জুই পানীৰে নুমাই আছিল, তেতিয়াই হঠাতে বাইকত ডাঙৰ এটা বিস্ফোৰণ হৈছিল আৰু বাইকত জুই লাগি গৈছিল। এই দুৰ্ঘটনাত 2 জন ব্যক্তি বেয়াকৈ অগ্নিদগ্ধ হৈছে, তেওঁলোকক চিতিৎসাৰ কাৰণে হস্পিটেলত ভৰ্তি কৰা হৈছে।”  

আনহাতে, এনডিটিভি-য়ে দিয়া বাতৰি অনুসৰি, ”চিএনজি অট’ এখনৰ লগত এখন মোটৰবাইকৰ খুন্দা লাগিছিল। খুন্দা খোৱাৰ লগে-লগে মোটৰবাইকৰ টেংকীত জুই লাগি গৈছিল। কিন্তু, আচৰিত কথা এয়াই যে, এই জুই তেতিয়া হে ভয়াবহ হৈ উঠিছিল, যেতিয়া মোটৰবাইকৰ টেংকীত অলপকৈ লগা জুই নুমাবলৈ তাৰ উপৰত পাইপে দি পানী মাৰি দিয়া হৈছিল। মানুহৰ কথা শুনি যুৱকজনে জুই নুমাবলৈ চেষ্টা কৰিছিল। কিন্তু সেই যুৱক জনে টেংকীৰ ঢাকন খোলাৰ লগে-লগে জুই অধিক ভয়াবহ হৈ উঠিছিল। এই জুই ইমানে তীব্ৰ আছিল যে যুৱকজনেও সেই জুইৰ কবলত পৰি গৈছিল। আনকি এই ভয়াবহ জুইৰ কবলত পৰি জ্বলি গৈছে ওচৰতে থিয় হৈ থকা এখন অট’ও।” 

ভাইৰেল হোৱা ভিডিঅ’ক বিহাৰৰ দ্বাৰভাঙ্গাৰ বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈ আছে। এই বিষয়ত নিশ্চিত হোৱাৰ বাবে আমি দৈনিক জাগৰণ-ৰ দ্বাৰভাঙ্গাৰ ভাৰপ্ৰাপ্ত সাংবাদিক মৃত্যুঞ্জয় ভৰদ্বাজৰ সৈতে যোগাযোগ কৰি ভিডিঅ’টো শ্বেয়াৰ কৰিছিলোঁ। তেওঁ জনালে, ‘এই ভিডিঅ’টো যোৱা দুই-তিনি দিন ধৰে ইণ্টাৰনেটত ভাইৰেল হৈ আছে এই বুলি যে, ঘটনাটো দ্বাৰভাঙ্গাৰ হয়, কিন্তু ভিডিঅ’টো ইয়াৰ নহয়।”

এই ভুৱা পোষ্ট শ্বেয়াৰ কৰিছে উত্তৰাখণ্ড নামৰ এটা ফেচবুক গ্ৰুপ। সেই গ্ৰুপৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি গম পালোঁ যে, এই গ্ৰুপৰ সদস্য সংখ্যা 15 হেজাৰৰ অধিক। 

নিষ্কৰ্ষঃ বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, যিটো ভিডিঅ’ক ভাইৰেল কৰা হৈ আছে সেয়া মুম্বাইৰ নালাছোপাৰাৰ এটা পুৰণি ঘটনাৰ ভিডিঅ’ হয়। বাইকত গৰমৰ প্ৰকোপৰ কাৰণে জুই লগা নাছিল, অট’ৰ লগত খুন্দা খোৱাৰ পাছত সেই জুই লাগিছিল। সেই ভিডিঅ’ক ভুৱা দাৱীৰ সৈতে বিয়পাই থকা হৈছে।

  • Claim Review : শ্বেয়াৰ কৰি ইউজাৰে দাবী কৰিছে যে, গৰমৰ প্ৰকোপত এই বাইকত জুই লাগি গৈছে আৰু বিহাৰৰ দ্বাৰভাঙ্গাত এই ঘটনা সংঘটিত হোৱা চকুত পৰিছে।
  • Claimed By : FB Group- Uttarakhand
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later