নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত আত্মজাহৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। 45 ছেকেণ্ডৰ এই ভিডিঅ’ত দেখা পোৱা গৈ আছে যে খঙত জাঙুৰ খাই উঠা এদল মানুহে আৰক্ষী আৰু জেচিবি-ৰ উপৰত আক্ৰমণ চলাই আছে। ছ’চিয়েল মিডিয়াৰ কেইজনমান ইউজাৰে এই ভিডিঅ’ক এই বুলি কৈ ভাইৰেল কৰি আছে যে ভিডিঅ’টো উত্তৰ প্ৰদেশৰ হয়। এয়া দাবী কৰা হৈ আছে যে, উত্তৰ প্ৰদেশত বুলডোজাৰ অভিযানৰ ফলত দুইজন ব্যক্তিয়ে নিজক জীৱিত অৱস্থাত দাহ কৰিছে। বিশ্বাস নিউজে ভাইৰেল এই পোষ্টৰ তদন্ত কৰি চাইছে। তাৰ পাছত গম পোৱা গৈছে যে এই দাবী মিছা হয়। গম পোৱা গৈছে যে বিহাৰৰ ৰাজধীনী পাটনাত হোৱা এটা ঘটনাৰ ভিডিঅ’ক কেইজনমান মানুহে উত্তৰ প্ৰদেশৰ বুলি কৈ বিভ্ৰান্তি বিয়পাই দি আছে।
ফেচবুক ইউজাৰ দিলীপ বৰ্মাই এটা গ্ৰুপত যোৱা 19 ফেব্ৰুৱাৰী তাৰিখে ভিডিঅ’ এটা পোষ্ট কৰি এই দাবী কৰিছে, “বাবাজীৰ বুলডোজাৰ চলোৱা অভিযানৰ কাৰণে দুইজন ব্যক্তিয়ে নিজৰ গাত জুই দিছে। উত্তৰ প্ৰদেশৰ ৰামৰাজ্য।”
এই পোষ্টক সঁচা বুলি ভাবি আন ইউজাৰসকলেও এইটোক ভাইৰেল কৰি আছে। ইয়াৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পৰা যাব।
বিশ্বাস নিউজে ভাইৰেল হোৱা এই ভিডিঅ’ৰ প্ৰকৃত সত্য গম পোৱাৰ কাৰণে পোন প্ৰথমতে ইনৱিড টুল ব্যৱহাৰ কৰিছে। এই টুলত ভাইৰেল ভিডিঅ’টোক আপলোড কৰি বহুকেইখন কিফ্ৰেম উলিওৱা হৈছে। তাৰ পাছত সেইবোৰক গুগল ৰিভাৰ্ছ ইমেজ টুলত আপলোড কৰি ছাৰ্চ কৰা হৈছে। ইয়াৰ লগত যুক্ত কেইটামান বাতৰি আৰু ভিডিঅ’ ৱেবছাইটত পোৱা গৈছে। ইটিভি ভাৰতৰ ৱেবছাইটত 16 ফেব্ৰুৱাৰী প্ৰকাশ পোৱা এটা বাতৰিত কোৱা হৈছে, “বিহাৰৰ পাটনাত বেদখল উচ্ছেদ কৰাৰ সময়ত দোকানীসকলে আত্মজাহ দিয়াৰ চেষ্টা কৰিছে। এই ঘটনাৰ সময়ত হুলুস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।”
“আৰক্ষীয়ে বচাবলৈ যোৱাৰ চেষ্টা কৰাৰ সলনি থিয় হৈ মানুহৰ মুখলৈ চাই আছিল। ঘটনাটো সংঘটিত হৈছে আলমগঞ্জ থানা এলেকাৰ মেহেন্দিগঞ্জ গুমটিৰ ওচৰত।” সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়িবলৈ পোৱা যাব। এই বাতৰিত ভিডিঅ’ও ব্যৱহাৰ কৰা হৈছে।
ছাৰ্চ কৰাৰ সময়ত জাগৰণ ডট কম-তো উক্ত ঘটনাৰ লগত যুক্ত বাতৰি পোৱা গৈছে। 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পোৱা বাতৰিত কোৱা হৈছে, “মেহেন্দিগঞ্জ গুমটিৰ ওচৰত ৰেলৱে লাইনৰ দাঁতিত থকা মাটিডোখৰত বৃহস্পতিবাৰ দুপৰীয়া বেদখল উচ্ছেদ কৰিবলৈ যোৱা ৰেল আৰক্ষী প্ৰশাসনক ডাঙৰ বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছে।”
সেই সময়ত এজন দোকানীয়ে আত্মজাহ দিয়াৰ চেষ্টা চলাইছিলে। “নাৰী আৰু পুৰুষসকলে ৰাস্তাত নামি বিক্ষোভ প্ৰদৰ্শনো কৰিছিলে। ঘটনাস্থলত উপস্থিত আৰক্ষী প্ৰশাসনৰ বক্তব্য যে দোকানী অনিল কুমাৰ গুপ্তাই আত্মজাহ দিয়াৰ চেষ্টা চলাইছিলে। তেওঁক বচাবলৈ গৈ দোকানীজনৰ ককাই অজিত কুমাৰ গুপ্তা, আদিত্য কুমাৰ গুপ্তা আৰু ওচৰতে কচুৰিৰ দোকান দিয়া এজন ব্যক্তি জখম হৈছে।” সম্পূৰ্ণ বাতৰি ইয়াত পঢ়ি চাওঁক।
তদন্তক আগুৱাই লৈ যোৱাৰ কাৰণে দৈনিক জাগৰণৰ ই-পেপাৰৰ পাটনা সংস্কৰণৰ চালিজাৰি চাবলৈ আৰম্ভ কৰা হৈছে। 17 ফেব্ৰুৱাৰী 2023 তাৰিখে প্ৰকাশ পোৱা বাতৰিত বিতং ঘটনা উল্লেখ কৰা হৈছে। বাতৰিত কোৱা হৈছে, “গুলজাৰবাগ ৰেল ষ্টেচনৰ পূৱ মেহেন্দিগঞ্জ গুমটিৰ ওচৰত ৰেললাইনৰ দাঁতিত থকা মাটিডোখৰৰপৰা বেদখল উচ্ছেদ কৰিবলৈ যোৱা ৰেল আৰক্ষী আৰু প্ৰশাসনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰাৰ সময়ত হাৰ্ডৱেৰ দোকানী অনিল কুমাৰ গুপ্তাই নিজৰ গাত জুই দি আত্মজাহ দিয়াৰ চেষ্টা চলাইছিলে। তেওঁক বচাবলৈ গৈ তেওঁৰ ককাই অজিত কুমাৰ গুপ্তা, আদিত্য কুমাৰ গুপ্তা আৰু ওচৰতে কচুৰি-পকোড়া দোকান দিয়া কনহাই জুই লাগি জখম হৈছে। তেওঁলোক সকলোক চিকিৎসাৰ কাৰণে মানুহে তেওঁলোকক ব্যক্তিগত খণ্ডৰ হস্পিটেলত লৈ গৈছে। তাৰপৰা গুৰুতৰ অৱস্থাত অনিলৰ আত্মীয়ই এম্বলেঞ্চত কৰি দিল্লীলৈ লৈ গৈ আছিল, কিন্তু বাটতে তেওঁৰ মৃত্যু হৈছে।” তলত এইবোৰ বাতৰি পঢ়ি চাব পাৰে।
বিশ্বাস নিউজে তদন্ত আগুৱাই লৈ যোৱাৰ কাৰণে দৈনিক জাগৰণ, পাটনা গোটৰ জ্যেষ্ট সাংবাদিক আশিস শুক্লাৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ এই বিষয়ত সকলো তথ্য দিয়াৰ সময়ত কৈছে যে ভাইৰেল হোৱা ভিডিঅ’ৰ ঘটনাটো 16 ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হৈছিল। ঘটনাটো মেহেন্দিগঞ্জ গুমটিৰ ওচৰৰ হয়। বেদখল উচ্ছেদ অভিযানৰ সমটয়ত এজন ব্যক্তিয়ে আত্মজাহ দিছিলে।
তদন্তৰ অন্তিম পৰ্যায়ত সেইজন ইউজাৰৰ বিষয়ে তদন্ত কৰি চোৱা হৈছে যিজনে বিহাৰৰ ঘটনাৰ উত্তৰ প্ৰদেশৰ ঘটনা বুলি বিভ্ৰান্তি বিয়পাইছে। এইগৰাকী ফেচবুক ইউজাৰ দিলীপ বৰ্মাৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত গম পোৱা গৈছে যে এইগৰাকী ইউজাৰ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ নিবাসী হয়। এইগৰাকী ইউজাৰ এটা ৰাজনৈতিক দলৰ লগত যুক্ত হৈ আছে।
উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত প্ৰমাণিত হৈছে যে ভাইৰেল হোৱা পোষ্ট বিভ্ৰান্তিকৰ হয়। বিহাৰৰ পাটনাত হোৱা আত্মজাহৰ ঘটনাক কেইজনমান মানুহে উত্তৰ প্ৰদেশৰ বুলি ভাইৰেল কৰি আছে।
দাবী: বাবাজীৰ বুলডোজাৰ অভিযানৰ কাৰণে 2জন ব্যক্তিয়ে নিজক জীৱন্ত অৱস্থাত দগ্ধ কৰিছে। উত্তৰ প্ৰদেশৰ ৰামৰাজ্য।
দাবী কৰিছে: ফেচবুক ইউজাৰ দিলীপ বৰ্মা
Fact Check: বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ