বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে ৰাজ্য চৰকাৰে ভাস্কৰাব্দ কেলেণ্ডাৰক চৰকাৰী কেলেণ্ডাৰ হিচাপে ঘোষণা কৰা নাই। চৰকাৰী কেলেণ্ডাৰৰ শক আৰু গ্ৰেগৰিয়ানৰ সৈতে এতিয়াৰে পৰা ভাস্কৰাব্দ কেলেণ্ডাৰো সংযোজন কৰা হ’ব বুলিহে ঘোষমা কৰিছে। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।
গুৱাহাটী (বিশ্বাস নিউজ): শেহতীয়াকৈ ভাস্কৰাব্দক অসমৰ অফিচিয়েল কেলেণ্ডাৰ হিচাপে ব্যৱহাৰ কৰা হ’ব বুলি ছ’চিয়েল মিডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰা দেখা গৈছে। এই ভাইৰেল পোষ্টক সঁচা বুলি গণ্য কৰি বিভিন্ন ছ’চিয়েল মিডিয়া ইউজাৰে শ্বেয়াৰ কৰিছে। আনকি একাংশ সংবাদ মাধ্যমেও এই বাতৰি প্ৰকাশ কৰিছে। কিন্তু, বিশ্বাস নিউজৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি ভাস্কৰাব্দক অসমৰ অফিচিয়েল কেলেণ্ডাৰ হিচাপে নহয়, বৰঞ্চ অফিচিয়েল কেলেণ্ডাৰৰ অংশ হিচাপেহে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে ভাইৰেল হোৱা এই পোষ্ট বিভ্ৰান্তিকৰ।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক পেজ Galaxy Classes য়ে ২১ অক্টোবৰ ২০২১ তাৰিখে এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে –
असम का नया कैलेंडर | हाल ही में असम सरकार ने घोषणा की है कि लूनी–सोलर कैलेंडर– ‘भास्करब्दा’ को राज्य में आधिकारिक कैलेंडर के रूप में उपयोग किया जायेगा। वर्तमान में, असम सरकार का आधिकारिक कैलेंडर शक कैलेंडर और ग्रेगोरियन कैलेंडर का उपयोग करता है।
ইয়াৰ অসমীয়া অনুবাদ –
অসমৰ নতুন বৰ্ষপঞ্জী | শেহতীয়াকৈ, অসম চৰকাৰে ঘোষণা কৰিছে যে ৰাজ্যখনত লুনি-ছ’লাৰ বৰ্ষপঞ্জী – ‘ভাস্কৰাব্দ’ এক চৰকাৰী কেলেণ্ডাৰ হিচাপে ব্যৱহাৰ কৰা হ’ব। বৰ্তমান অসম চৰকাৰৰ চৰকাৰী বৰ্ষপঞ্জীত শকা বৰ্ষপঞ্জী আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ব্যৱহাৰ কৰা হয়।
একেধৰণৰ পোষ্ট আন ছ’চিয়েল মিডিয়া ইউজাৰসকলেও বিভিন্নধৰণে শ্বেয়াৰ কৰিছে। তলত তেনে এক লিংক দিয়া হৈছে –
https://www.facebook.com/pragnewsassam/posts/7133729413319045
পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত ক্লিক কৰি চাব পাৰিব।
বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰিয়েই গুগলত প্ৰাসঙ্গিক কী-ৱৰ্ডেৰে ছাৰ্ছ কৰোতে বিভিন্ন বাতৰিৰ লিংক দেখিবলৈ পাইছিলো। এই বাতৰিবোৰতো এতিয়াৰে পৰা অসমৰ চৰকাৰী কেলেণ্ডাৰত ভাস্কৰাব্দ কেলেণ্ডাৰখনো সংযোজন ঘটোৱা হ’ব বুলি উল্লেখ কৰা হৈছে। আমাৰ অনুসন্ধানৰ সময়ত আমি The Hindu কাকতৰ ৱেবছাইটত এটা বাতৰি লাভ কৰো। ইয়াত উল্লেখ কৰা হৈছে যে শক আৰু গ্ৰেগৰিয়ানৰ উপৰিও এতিয়াৰে পৰা অসমৰ অফিচিয়েল কেলেণ্ডাৰত ভাস্কৰাব্দ কেলেণ্ডাৰখনো সংযোজন ঘটোৱা হ’ব। তলৰ লিংক ক্লিক কৰি এই বাতৰি পঢ়িবলৈ পাব –
আমি এই ভাইৰেল পোষ্ট সন্দৰ্ভত বাতৰি বিচাৰোতে অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ Verified টুইটাৰ প্ৰ’ফাইলত এটা পোষ্ট দেখিবলৈ পাও। ইয়াতো উল্লেখ কৰা হৈছে যে সাদাৰণ প্ৰশাসন বিভাগৰ এক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এতিয়াৰে পৰা ভাস্কৰাব্দ কেলেণ্ডাৰখনো অসমৰ অফিচিয়েল কেলেণ্ডাৰত সংযোজন কৰা হ’ব। তলৰ লিংকত সেয়া দেখিবলৈ পাব।
অফিচিয়েল কেলেণ্ডাৰ সম্বন্ধীয় কোনো বাতৰিতে ভাস্কৰাব্দক অফিচিয়েল কেলেণ্ডাৰ হিচাপে ব্যৱহাৰ কৰা হ’ব বুলি উল্লেখ নাই, বৰঞ্চ ইয়াক অতিৰিক্তকৈ সংযোজন কৰা হ’ব বুলিহে উল্লেখ আছে।
আনফালে ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে যোৱা ২৮ অক্টোবৰ, ২০২১ তাৰিখে এক অধিসূচনাযোগে সকলো চৰকাৰী যোগাযোগত তাৰিখ আৰু চন উল্লেখৰ ক্ষেত্ৰত কিছু নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি সকলো চৰকাৰী পত্ৰ বা জাননীতে অসমীয়া কেলেণ্ডাৰৰ লগতে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰি তাৰিখ আৰু চন উল্লেখ থাকিব লাগিব বুলি এক নিৰ্দেশনা চৰকাৰে জাৰি কৰিছে।
সেইদৰে বৰাক উপত্যকাত থকা কার্যালয়সমূহে তেওঁলোকৰ কাৰ্যালয়ৰ পৰা কৰা চৰকাৰী যোগাযোগত বাংলা কেলেণ্ডাৰৰ লগতে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰি আৰু বড়োলেও টেৰিট’ৰিয়েল এলেকাত থকা কার্যালয়সমূহে চৰকাৰী যোগাযোগত বড়ো/স্থানীয় কেলেণ্ডাৰৰ লগতে গ্রেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰি তাৰিখ আৰু চন উল্লেখ কৰিব লাগিব।
আগশাৰীৰ সংবাদ গোষ্ঠী The Sentinel ৰ এটা নিউজ লিংক –
বিশ্বাস নিউজে এই সন্দৰ্ভত দৈনিক অসম বাতৰি কাকতৰ জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ শংকৰ ডেকাৰ সৈতে যোগাযোগ কৰিছিল আৰু এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰিছিল। তেওঁ আমাক কৈছিল যে এয়া সামান্য বিভ্ৰান্তিকৰ। অসমৰ অফিচিয়েল কেলেণ্ডাৰখন ভাস্কৰাব্দ কেলেণ্ডাৰ হিচাপে ঘোষণা কৰা নাই, বৰঞ্চ এতিয়াৰে পৰা শক আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ লগতে অসমৰ অফিচিয়েল কেলেণ্ডাৰখনত ভাস্কৰাব্দ কেলেণ্ডাৰো সংযোজন হ’ব।
অনুসন্ধানৰ অন্তিম পৰ্যায়ত যেতিয়া আমি ফে’চবুকত ভাস্কৰাব্দ কেলেণ্ডাৰ অসমৰ অফিচিয়েল কেলেণ্ডাৰ হিচাপে ঘোষণা কৰা বুলি বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰা Galaxy Classes নামৰ পেজটোৰ ফেচবুক প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে পেজটো ৩৪৬৪২ গৰাকী লোকে অনুসৰণ কৰে। আনহাতে এই ভাইৰেল পোষ্টটো ২৩ গৰাকী লোকে শ্বেয়াৰ কৰিছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য মতে এই ভাইৰেল পোষ্টটোত উল্লেখ কৰাৰ দৰে ৰাজ্য চৰকাৰে ভাস্কৰাব্দ কেলেণ্ডাৰক চৰকাৰী কেলেণ্ডাৰ হিচাপে ঘোষণা কৰা নাই। চৰকাৰী কেলেণ্ডাৰৰ শক আৰু গ্ৰেগৰিয়ানৰ সৈতে এতিয়াৰে পৰা ভাস্কৰাব্দ কেলেণ্ডাৰো সংযোজন কৰা হ’ব বুলিহে ঘোষমা কৰিছে। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ