Fact Check: অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা আঁতৰোৱা নাই, অসমীয়া Language Paper হে আঁতৰোৱা হৈছে; ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দৰাচলতে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা আঁতৰোৱা হোৱা নাই। বৰঞ্চ অহা বছৰৰ পৰা অসমীয়া ভাষাত প্ৰশ্নকাকত উপলব্ধ হোৱাৰ উপৰি অসমীয়া ভাষাতে উত্তৰ লিখাৰো ব্যৱস্থাহে কৰা হৈছে। অৱশ্যে অসমীয়া আৰু ইংৰাজী Language Paper দুখন পৰীক্ষা ব্যৱস্থাৰ পৰা আঁতৰোৱা হৈছে। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।

Fact Check: অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা আঁতৰোৱা নাই, অসমীয়া Language Paper হে আঁতৰোৱা হৈছে; ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ

নতুন দিল্লী (Vishvas News)। অসম লোকসেৱা আয়োগৰ পৰীক্ষাসমূহৰ পৰা অসমীয়া ভাষা সম্পূৰ্ণৰূপে আঁতৰাই দিয়া বুলি বিভিন্নধৰণৰ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসম লোকসেৱা আয়োগৰ পৰা মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই মাতৃভাষা অৰ্থাৎ অসমীয়া ভাষা বাতিল কৰিছে বুলি উল্লেখ কৰি এটা টুইট ভাইৰেল হৈ পৰিছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি এই দাবী বিভ্ৰান্তিকৰ। দৰাচলতে, লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষা কাকতহে অৰ্থাৎ Language Paper খনহে আঁতৰোৱা হৈছে। এতিয়াও পূৰ্বৰ দৰেকৈ পৰীক্ষাৰ্থীয়ে অসমীয়া ভাষাত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। গতিকে এই পোষ্ট বিভ্ৰান্তিকৰ।

কি এই ভাইৰেল পোষ্ট?

টুইটাৰ প্ৰ’ফাইল Bhupen kumar Borah ই এই পোষ্ট’টো শ্বেয়াৰ কৰি লিখিছে “অসমতে আজি এলাগী হৈছে, সংকটত ভূগিছে “চিৰচেনেহী মোৰ ভাষা জননী”।অসম লোকসেৱা আয়োগৰ পৰা মুখ্যমন্ত্ৰীয়ে বাতিল কৰিছে মাতৃভাষা এই সিদ্ধান্ত কোনো কালেই গ্ৰহনযোগ্য হ’ব নোৱাৰে।।” এই পোষ্টটোৰ সৈতে ইউজাৰজনে তিনিখন বাতৰি কাকতৰ ক্লিপিং ব্যৱহাৰ কৰিছে, য’ত অসম লোকসেৱা আয়োগত অসমীয়া বিষয় প্ৰত্যাহাৰৰ প্ৰতিক্ৰিয়া হিচাপে কংগ্ৰেছ দলে অৱস্থান ধৰ্মঘট পালন কৰাৰ এক বাতৰি প্ৰকাশ হৈছে।

ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।

অনুসন্ধান
বিশ্বাস নিউজে সৰ্বপ্ৰথমে এই ভাইৰেল পোষ্টটো গুৰুত্বসহকাৰে পৰীক্ষা কৰে। পোষ্টটোত স্পষ্টকৈ উল্লেখ আছে যে অসম লোকসেৱা আয়োগৰ পৰা মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা বাতিল কৰিছে। এই সন্দৰ্ভত আমি সঠিক কী-ৱৰ্ডেৰে গুগল ছাৰ্ছ কৰোতে ভালেমান বাতৰি লাভ কৰো। ২৪ নৱেম্বৰত বঙাইগাওঁত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অসম লোকসেৱা আয়োগত ভাষা বিষয় দুটা নাথাকিব। অৰ্থাৎ অসমীয়া আৰু ইংৰাজী বিষয়ৰ কাকত নাথাকিব। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অফিচিয়েল ফে’চবুকত কৰা পোষ্ট তলত চাব পাৰিব –

https://www.facebook.com/himantabiswasarma/photos/pcb.10158881056703983/10158881056308983

এই বাতৰি প্ৰকাশৰ পিছতে জনসাধাৰণৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি কৰে ছ’চিয়েল মিডিয়াত প্ৰকাশিত বিভিন্ন ভাইৰেল পোষ্টে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে পুনৰ ঘোষণা কৰে যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কেৱল ভাষা কাকত বা Language Paper হে নাথাকিব। পৰীক্ষাৰ্থীসকলে পূৰ্বৰ দৰেকৈ অসমীয়া আৰু ইংৰাজী ভাষাত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। অৱশ্যে এই পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে পৰীক্ষাৰ্থীগৰাকী অসমৰ বাসিন্দা হ’ব লাগিব। লগতে অসমৰ স্বীকৃত ভাষাত কথা পাতিব পাৰিব লাগিব। তলৰ লিংকত ক্লিক কৰি এই ভিডিঅ’ চাব পাৰিব –

(15.33 মিনিটৰ পৰা)

তলৰ লিংকতো APSC সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ সম্পূৰ্ণ ভিডিঅ’টো চাব পাৰিব –

এই সংবাদ মেলতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এতিয়াৰে পৰা APSC ৰ প্ৰশ্নকাকত ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো উপলব্ধ হ’ব। APSC Combined Competitive Exam Rules 1989 অনুসৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত কেৱল ইংৰাজী ভাষাতে উপলব্ধ হৈছিল।

অহা বছৰৰ পৰা এই পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া ভাষাত উপলব্ধ হ’ব পাৰিব আৰু পৰীক্ষাৰ্থীসকলে প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাত অসমীয়া ভাষাতে অৱতীৰ্ণ হ’ব পাৰিব। এই সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ লিংক তলত আগবঢ়োৱা হ’ল –

https://www.indiatoday.in/education-today/news/story/apsc-paper-to-now-be-set-in-assamese-language-too-1881639-2021-11-27
https://www.sentinelassam.com/education/competitive-exams/assam-public-service-commission-apsc-exam-will-now-be-conducted-in-assamese-as-well-cm-himanta-biswa-565138

আমি এই সন্দৰ্ভত অসমৰ আগশাৰীৰ নিউজ চেনেল ND24 ৰ Assistant News Editor Pankaj Protim Borar ৰ সৈতে যোগাযোগ কৰিছিলো আৰু ভাইৰেল টুইটটো শ্বেয়াৰ কৰিছিলো। তেওঁ কয় যে এয়া বিভ্ৰান্তিকৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছেই যে অহাবছৰৰ পৰা অসমীয়া ভাষাতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত পৰীক্ষাৰ্থীসকলে অৱতীৰ্ণ হ’ব পাৰিব।

শেষত, আমি টুইটাৰ ইউজাৰ Bhupen Kumar Bora ৰ প্ৰ’ফাইল স্কেন কৰিছিলোঁ। তেওঁৰ এই ভাইৰেল পোষ্টটো ৩৯ জন লোকে ৰিটুইট কৰিছে। এই প্ৰ’ফাইলটো ১৯৪০০ লোকে অনুসৰণ কৰে। টুইটাৰ ইউজাৰগৰাকী এটা বিশেষ ৰাজনৈতিক দলৰ সৈতে জড়িত বুলি উল্লেখ কৰা হৈছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দৰাচলতে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা আঁতৰোৱা হোৱা নাই। বৰঞ্চ অহা বছৰৰ পৰা অসমীয়া ভাষাত প্ৰশ্নকাকত উপলব্ধ হোৱাৰ উপৰি অসমীয়া ভাষাতে উত্তৰ লিখাৰো ব্যৱস্থাহে কৰা হৈছে। অৱশ্যে অসমীয়া আৰু ইংৰাজী Language Paper দুখন পৰীক্ষা ব্যৱস্থাৰ পৰা আঁতৰোৱা হৈছে। গতিকে এই ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস