বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি ভাইৰেল দাবীটো মিছা। এইখন প্ৰকৃততে এখন ফটোহে, পেইণ্টিং নহয়।
নতুন দিল্লী (বিশ্বাস নিউজ) || এখন ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এই ছবিখনত এগৰাকী মহিলাক দেখা গৈছে। পোষ্টটোৰ সৈতে সংযুক্ত ফটোখন এখন আলোকচিত্ৰ নহয়, বৰঞ্চ এজন শিল্পীৰ দ্বাৰা নিৰ্মিত পেইণ্টিং বুলি দাবী কৰা হৈছে। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে দাবীটো মিছা আছিল। এইখন প্ৰকৃততে এখন ফটোহে, পেইণ্টিং নহয়।
কি এই ভাইৰেল পোষ্ট
ফেচবুক পৃষ্ঠা Radio Tarana ই এই পোষ্টটো শ্বেয়াৰ কৰি লিখিছে “This is not a Photograph but a Painting: This is the Talent of Indian Painting.”
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।
অনুসন্ধান
বিশ্বাস নিউজে এই পোষ্টটো পৰীক্ষা কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজ অনুসন্ধান কৰিছিল। আমি এই ছবিখন ১৩ অক্টোবৰ, ২০১৮ তাৰিখে Snehlata Vasaikar নামৰ এগৰাকী মাৰাঠী অভিনেত্ৰীৰ ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰা দেখিছিলো। শিৰোনাম অনুসৰি, ছবিখন Prithviraj_Babar নামৰ এজন ফটোগ্ৰাফাৰে তুলিছিল।
আমি এই ছবিখন পৃথ্বীৰাজ বাবৰ নামৰ এগৰাকী ফটোগ্ৰাফাৰৰ ইনষ্টাগ্ৰাম একাউণ্টত পাইছিলোঁ।
আমি এই সন্দৰ্ভত পৃথ্বীৰাজ বাবৰৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিলো। তেওঁ নিশ্চিত কৰিছিল যে ভাইৰেল দাবীটো ভুৱা আৰু প্ৰকৃততে তেওঁ তেওঁৰ কেমেৰাৰ পৰা টানি অনা এখন ছবি। তেওঁ আমাৰ সৈতে এই ফটো শ্বুটৰ আৰু কিছুমান ফটো শ্বেয়াৰ কৰিছিল যিবোৰ তলত দেখা গৈছে।
ভুৱা পোষ্ট শ্বেয়াৰ কৰা ৰেডিঅ’ তৰানা পৃষ্ঠাৰ সামাজিক স্কেনিংত, আমি দেখিছিলো যে পৃষ্ঠাটোৰ ৮০৫,০৪৪ জন অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি ভাইৰেল দাবীটো মিছা। এইখন প্ৰকৃততে এখন ফটোহে, পেইণ্টিং নহয়।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ