X
X

Fact Check: ইজিপ্তৰ ম’মি-ৰ এআই-ৰ সহায়ত প্ৰস্তুত কৰা ছবি ভুল দাবীৰ সৈতে ভাইৰাল হৈ আছে

নতুন দিল্লী (বিশ্বাস নিউজ) সামাজিক মাধ্যমত এখন ছবি ভাইৰাল হৈ আছে য’ত বহুসংখ্যক মানুহক এটা ডাঙৰ কঙ্কালৰ কাষত বহি থকা দেখা যায়। পোষ্টটো এই দাবীৰ সৈতে ভাইৰাল হৈ আছে যে, ছবিখনত দেখা পোৱা কঙ্কালটো 1920 চনত হাৱাৰ্ড কাৰ্টাৰে  উদ্ধাৰ কৰা এটা বিশাল  ফেৰাউনৰ ম’মি। কিন্তু বিশ্বাস নিউজৰ তদন্তত এই পোষ্টটো মিছা বুলি প্ৰকাশ পাইছে। ভাইৰাল পোষ্টত দেখুৱা ছবিখন কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি।

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী ‘RA Yadav’-এ ভাইৰাল ছবিখন ফেব্ৰুৱাৰি মাহৰ 4 তাৰিখে শ্বেয়াৰ কৰি লিখিছে যে, “1920 চনত ইজিপ্তৰ সমাধি খননত হাৱাৰ্ড কাৰ্টাৰে বিশাল ফেৰাউনৰ ম’মি উদ্ধাৰ কৰিছিল #এনছিয়েণ্ট #ফেৰাউনচ #ইতিহাস #ৰায়াদাব #ভাইৰাল”

তদন্ত:

ভাইৰাল পোষ্টটো পৰীক্ষা কৰাৰ লগে লগে বিশঅবাস নিউজৰ দলটোৱে লক্ষ্য কৰে যে, ছবিখনত চিত্ৰিত ব্যক্তিসকলৰ মুখখন স্পষ্টকৈ দেখা নাযায়, আৰু আগলৈ মুখ কৰি থকা ব্যক্তিজনৰ চকু আৰু হাতও ম্লান হৈ পৰিছে। এই বিজুতিবোৰ আমাক সন্দেহ কৰিবলৈ বাধ্য কৰালে যে, ছবিখন হয়তো কৃত্ৰিমভাৱে সৃষ্টি কৰা হৈছে।

এয়া নিশ্চিত কৰিবলৈ, আমি হাইভ মডাৰেচন বুলি এটা টুল ব্যৱহাৰ কৰিলো, যি কৃত্ৰিম বুদ্ধিমত্তাৰ মাধ্যমে প্ৰস্তুত কৰা ছবি চিনাক্ত কৰিবলৈ সহায় কৰে। এই বিশ্লেষণে 99.9% শতাংশ সম্ভাৱনা প্ৰদৰ্শন কৰিলে যে ছবিখন কৃত্ৰিম বুদ্ধিমত্তাৰ মাধ্যমে প্ৰস্তুত কৰা ছবি। অইন এটা  এআই এণ্ড নট বুলি টুলৰ মাধ্যমে কৰা তদন্তইও একে ফলাফল প্ৰদৰ্শন কৰিলে।

অতিৰিক্ত নিশ্চিতিকৰণৰ বাবে, আমি এআই বিশেষজ্ঞ ড, আজহাৰ মাকৱেৰ লগত পৰামৰ্শ কৰিলোঁ। ড. মাকৱে আমাক কলে যে, “এয়া ভুৱা, কাৰণ যেতিয়া আপুনি সম্পূৰ্ণ ছবিখল চাব, আপুনি দেখা পাবো য, মুখ আৰু দাৰি সঠিক আছে। কিন্তু যেতিয়া আপুনি ছবিখন ডাঙৰ কৰিব আপুনি দেখা পাবো যে,  মুখ আৰু দাৰি ম্লান হৈ আছে আৰু আকাৰতও বিসংগতি দেখা যায়। এয়া সাধাৰণতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ছবিসমূহৰ ক্ষেত্ৰত দেখা যায়, যিবিলাক সামগ্ৰিকভাবে সঠিক দেখা পালেও যদি ভালদৰে লক্ষ্য কৰিলে দেখা পোৱা যায় যে, সেই ছবিত বহুত বিসংগতি চকুত পৰে।”

এতিয়া এয়া স্পষ্ট যে, ছবিখন আচল নহয় আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এখন ছবি, কিন্তু আমি জানিব বিছাৰো যে, হাৱাৰ্ড কাৰ্টাৰে 1920 চনত বিশাল ম’মি এটা আৱিষ্কাৰ কৰিছিলে নে নাই। কিৱাৰ্ডৰ জৰিয়তে বিছাৰি থাকোতে, আমি গম পালো যে ব্ৰিটিছ প্ৰত্নত্বত্তবিদ হাৱাৰ্ড কাৰ্টাৰে 1922 চনত ফেৰাউ টুটাংখামুন-ৰ পুৰাতন ইজিপ্তৰ সমাধি আৱিষ্কাৰ কৰিছিলে, যাৰ ভিতৰত টুটাংখামুনৰ ম’মি উদ্ধাৰ হৈছিল।

টুটাংখামুনৰ ম’মিৰ বিষয়ে অধিক অনুসন্ধান কৰিলে ইয়াৰ উচ্চতা আৰু প্ৰস্থ 5 ফুট 6 ইঞ্চি হোৱাৰ কথা উন্মোচিত হয়। ইয়াৰ পিছত এতিয়ালৈকে আৱিষ্কাৰ কৰা সকলো ম’মিৰ দৈৰ্ঘ আৰু প্ৰস্থৰ বিষয়ে বিছাৰিলোঁ, কিন্তু আমি কতো ইমান বিশাল ম’মি উদ্ধাৰ হোৱাৰ খবৰ নাপালো।

ব্যৱহাৰকাৰী RA Yadav, যিজনে ভাইৰাল ছবি বিভ্ৰন্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰিছে, তেঁও নিজকে নিজৰ প্ৰফাইলত পাটনাৰ বাসিন্দা বুলি ব্যাখ্যা কৰিছে। তেঁওৰ ফেচবুকত 34,000 হাজাৰৰও অধিক অনুসৰণকাৰী আছে। 

সামৰণি:  ভাইৰাল ছবি য’ত এটা বিশাল ইজিপ্তৰ ম’মি দেখা পোৱা গৈছে সেয়া ভুৱা বুলি প্ৰমানিত হৈছে। এয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে আৰু কোনো প্ৰকৃত প্ৰত্নতাত্ত্বিক আৱিষ্কাৰ নহয়।

  • Claim Review : ইজিপ্তৰ সমাধি খনন কাৰ্যত ফেৰাউনৰ বিশাল ম’মি আৱিষ্কাৰ কৰিলে হাৱাৰ্ড কাৰ্টাৰে
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী 'RA Yadav'
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later