বিশ্বাস নিউজৰ অনুসন্ধানত দাবীটো মিছা বুলি প্ৰমাণিত হৈছিল। এইখন ২০১৪ চনত লণ্ডনৰ ৰাজপথত কিছুমান কুৰ্দি কৰ্মী আৰু অভিনেতাৰ এখন নাটক আছিল, কোনো প্ৰকৃত মহিলাই নিলাম কৰা নাছিল।
নতুন দিল্লী (বিশ্বাস নিউজ)। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত এজন ব্যক্তিক পথৰ কাষত কিছুমান বোৰ্খা পিন্ধা মহিলা বিক্ৰী কৰি থকা দেখা গৈছে। পোষ্টটো আফগানিস্তানৰ বুলি দাবী কৰা হৈছে, য’ত মহিলাসকলক পথৰ কাষত নিবিদাৰ বাবে মুকলি কৰি ৰখা হৈছে। পিছে, বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। এইখন ২০১৪ চনত লণ্ডনৰ ৰাজপত কিছুমান কুৰ্দি কৰ্মী আৰু অভিনেতাৰ এখন নাটক আছিল।
কি এই ভাইৰেল পোষ্ট?
ভাইৰেল ভিডিঅ’টোৰ সৈতে কেপশ্যনত লিখা হৈছে, “সময় সলনি হওতে বেছিপৰ নালাগে। যিসকলে কৈছিল যে হিন্দুসকলৰ জী-ভনী-বোৱাৰীক নিশাৰ আহাৰৰ সৈতে বিক্ৰী কৰা হয়, তেওঁলোকেই এতিয়া সেই একেই বজাৰত তেওঁলোকৰ মাতৃ-ভগ্নীক বিক্ৰী কৰিবলৈ লৈছে – chamcho or des k gaddaro sudher jao namak harami vaten se matt karna”
বিশ্বাস নিউজে নিজৰ ফেক্ট চেকিং হোৱাটছএপ্প চাটব’টটো (+91 95992 99372) এই দাবী সত্যতা নিৰূপনৰ বাবে লাভ কৰিছিল।
অনুসন্ধান
আমাৰ অনুসন্ধান আৰম্ভ কৰিবলৈ, আমি প্ৰথমে এই ভিডিঅ’টো InVID টুলত ৰাখিছিলোঁ আৰু ইয়াৰ কীফ্ৰেমবোৰ উলিয়াই লৈছিলো। আমি এই ছবিবোৰ গুগল ৰিভাৰ্চ ইমেজত অনুসন্ধান কৰিছিলো। আমি এই ভিডিঅ’টো bbc.com এটা বাতৰিত আন এটা কোণৰ পৰা পাইছিলো। প্ৰতিবেদন অনুসৰি, “কুৰ্দি কৰ্মীসকলৰ দ্বাৰা ইছলামিক ষ্টেটৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰচাৰ চলি আছে – লণ্ডনৰ মাজভাগত এটা ভুৱা “ইছলামিক ষ্টেট ছেক্স শ্লেভ মাৰ্কেট”ৰ ভিডিঅ’ ইউটিউবত এক মিলিয়নতকৈও অধিক বাৰ চোৱা হৈছিল। ”
আমি এই সন্দৰ্ভত এটা বাতৰি newsweek.com/ তো পাইছিলোঁ। এই খবৰ অনুসৰি এই ভিজুৱেলবোৰ লণ্ডনত ২০১৪ চনত হোৱা এক মকড্ৰীলৰহে।
আমি এই বাটৰ নাটৰ কিছু দৃশ্যাংশ huffingtonpost.co.uk তো দেখিবলৈ পাইছো।
আমি চাৰ্লট মেৰেডিথৰ সৈতে যোগাযোগ কৰিছিলো, যিয়ে ২০১৪ চনত হাফিংটন পোষ্টৰ বাবে এই বাতৰিটো লিখিছিল। চাৰ্লট বৰ্তমান এছবিএছ নিউজৰ সৈতে জড়িত। তেওঁ আমাক কৈছিল যে ভিডিঅ’টো ২০১৪ চনৰ লণ্ডনৰ। ভিডিঅ’টো প্ৰকৃততে এটা মক ড্ৰিল আছিল।
ভিডিঅ’টো Hitendra Patel Nilkanth নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীৰ মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছিল। ব্যৱহাৰকাৰীৰ একাউণ্ট স্কেন কৰাৰ পিছত, আমি দেখিছিলো যে ব্যৱহাৰকাৰীয়ে তেওঁৰ তথ্য লুকুৱাই ৰাখিছিল। বিশ্বাস নিউজৰ অনুসন্ধানত দাবীটো মিছা বুলি প্ৰমাণিত হৈছিল। এইখন ২০১৪ চনত লণ্ডনৰ ৰাজপথত কিছুমান কুৰ্দি কৰ্মী আৰু অভিনেতাৰ এখন নাটক আছিল, কোনো প্ৰকৃত মহিলাই নিলাম কৰা নাছিল।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত দাবীটো মিছা বুলি প্ৰমাণিত হৈছিল। এইখন ২০১৪ চনত লণ্ডনৰ ৰাজপথত কিছুমান কুৰ্দি কৰ্মী আৰু অভিনেতাৰ এখন নাটক আছিল, কোনো প্ৰকৃত মহিলাই নিলাম কৰা নাছিল।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ