X
X

Fact Check : ২০১৮ চনত মিৰাটত আৰক্ষীক মাৰপিট কৰাৰ ভিডিঅ’ এতিয়া ভুৱা দাবীৰে ভাইৰেল

বিশ্বাস নিউজৰ এক অনুসন্ধানত প্ৰকাশ পাইছে যে মিৰাটৰ এটা পুৰণি ভিডিঅ’ এতিয়া কাল্পনিক বিধায়ক অনিল উপাধ্যায়ৰ নামত কিছু লোকে ভাইৰেল কৰি তুলিছে। ভাইৰেল পোষ্টটো ভুৱা।

বিশ্বাস নিউজ (নতুন দিল্লী) । শেহতীয়াকৈ এটা ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে। এজন মানুহে এগৰাকী আৰক্ষীক প্ৰহাৰ কৰা দেখা গৈছে এই ভিডিঅ’টোত। ছ’চিয়েল মিডিয়া ইউজাৰসকলে দাবী কৰিছে যে আৰক্ষীজনক প্ৰহাৰ কৰা ব্যক্তিজন এজন প্ৰভাৱশালী বিজেপি বিধায়ক অনিল উপাধ্যায়। ভাইৰেল পোষ্টটো সন্দৰ্ভত বিশ্বাস নিউজে কৰা এক বিতং অনুসন্ধানত প্ৰকাশ পাইছে যে কিছুসংখ্যক লোকে ২০১৮ চনৰ অক্টোবৰত মিৰাটত সংঘটিত এটা ঘটনাৰ ভিডিঅ’ এতিয়া ভুৱা দাবীৰে ভাইৰেল কৰি তুলিছে। আৰক্ষীক প্ৰহাৰ কৰি থকা লোকজন বিজেপি দলৰ কাউন্সিলৰ আছিল। গোটেই ঘটনাটো তেওঁৰ ৰেষ্টুৰেণ্টত সংঘটিত হৈছিল। এই ভিডিঅ’টো ভাইৰেল কৰি মানুহক এতিয়া বিপথে পৰিচালিত কৰা হৈছে। আমাৰ তদন্তত এইটোও প্ৰকাশ পাইছিল যে বিজেপিত অনিল উপাধ্যায় নামৰ কোনো বিধায়ক নাই।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ব্যৱহাৰকাৰী সঞ্জয় শৰ্মাই ২০২১ চনৰ ১০ ছেপ্টেম্বৰত এটা ২৯ ছেকেণ্ডৰ ভিডিঅ’ আপলোড কৰি দাবী কৰিছিল: “বিজেপি বিধায়ক অনিল উপাধ্যায়ৰ সাহস চাওক, আৰক্ষীৰ ক্ষেত্ৰতে যদি এনে হয় তেন্তে সাধাৰণ ৰাইজৰ কি হ’ব। আপোনালোকক শুভেচ্ছা যে আপোনালোক ৰামৰাজ্যত বাস কৰি আছে। এই ভিডিঅ’টো ইমান ভাইৰেল কৰি তোলক যাতে সমগ্ৰ ভাৰতে ইয়াক চাব পাৰে।”

ফে’চবুক পোষ্টটোৰ লেখাখিনি হুবহু তুলি দিয়া হৈছে। এই পোষ্টকেই সত্য বুলি মানি বহু ইউজাৰে ইয়াক ভাইৰেল কৰি তুলিছে। ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল পোষ্টটোৰ সত্যতা বিচাৰি ভিডিঅ’টো InVID টুলত আপলোড কৰিছিল আৰু কেইবাটাও গ্ৰেব উলিয়াইছিল। তাৰ পিছতে আমি গুগল ৰিভাৰ্চ ইমেজ টুলৰ সহায়ত অনুসন্ধান আৰম্ভ কৰো। মূল খবৰটো উত্তৰ প্ৰদেশ উত্তৰাখণ্ডৰ News19 ইউটিউব চেনেলত আমি দেখিবলৈ পাইছিলোঁ। এইটো ২০ অক্টোবৰ ২০১৮ তে আপলোড কৰা হৈছিল। ইয়াত কোৱা হৈছে যে হোটেল মালিকজনে এজন দাৰোগাক প্ৰহাৰ কৰিছিল। হোটেলখন এজন বিজেপি কাউন্সিলাৰৰ আছিল।

আমি কুইণ্টৰ ইউটিউব চেনেলতো এই সম্পৰ্কীয় বাতৰি পাইছিলো। ইয়াত কোৱা হৈছিল, মিৰাটত এজন বিজেপি পাৰিষদে এজন আৰক্ষীক প্ৰহাৰ কৰিছিল। ভিডিঅ’টো ২০ অক্টোবৰ ২০১৮ ত আপলোড কৰা হৈছিল।

অনুসন্ধানৰ সময়ত, আমি কেইবাটাও বাতৰি ৱেবছাইটত ভাইৰেল ভিডিঅ’ সম্পৰ্কীয় প্ৰতিবেদন পঢ়িবলৈ পাইছিলো। ২০ অক্টোবৰ, ২০১৮ ত Jagran.com প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে মিৰাটৰ পাৰ্টাপুৰ আৰক্ষী থানাৰ মহিউদ্দিনপুৰ আউটপ’ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুখপাল সিঙে ১৯ অক্টোবৰ, ২০১৮ তাৰিখে এগৰাকী মহিলা অধিবক্তাৰ সৈতে সুৰাপান কৰি ব্লেক পেপাৰ ৰেষ্টুৰেণ্টত আহাৰ গ্ৰহণ কৰি আছিল। ৰেষ্টুৰেণ্টৰ পৰিচালক তথা বিজেপি পাৰিষদ মুনীশ চৌধুৰীয়ে ইয়াতেই আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ উপৰিও, দাৰোগাকো লাইনত ৰখা হৈছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।

অনুসন্ধানৰ সময়ত, আমি উত্তৰ প্ৰদেশ আৰক্ষীৰ ফেচবুক পৃষ্ঠাত ১০ ছেপ্টেম্বৰ, ২০২১ তাৰিখৰ এটা পোষ্ট পাইছিলো। ইয়াত কোৱা হৈছিল যে ভিডিঅ’টো ২০১৮ চনৰ, য’ত সেই সময়ত অভিযোগপত্ৰ পঞ্জীয়ন কৰি তদানীন্তণ সদস্যসহ ০৪ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছে। অনুগ্ৰহ কৰি সত্যাপন অবিহনে বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰি উৰাবাতৰি বিয়পাই নিদিব।

আমি মিৰাট আৰক্ষীৰ পৰা এটা পুৰণি টুইটো পাইছিলো। ইয়াত গোচৰটোৰ বিষয়ে অৱগত কৰা হৈছিল আৰু কৈছিল যে হোটেল ব্যৱসায়ীজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। টুইটটো ২০ অক্টোবৰ ২০১৮ ত টুইট কৰা হৈছিল।

https://twitter.com/meerutpolice/status/1053622923829874688?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1053622923829874688%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.vishvasnews.com%2Fpolitics%2Ffact check the 2018 video of the beating of a policeman in meerut is now viral with fake claims%2F

বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’ৰ বাবে মিৰাটৰ চিটি এছপি বিনীত ভাটনাগৰৰ সৈতে যোগাযোগ কৰে। তেওঁ আমাক কয় যে ভাইৰেল ভিডিঅ’ৰ কেছটো পুৰণি। যিজন পাৰিষদৰ ভিডিঅ’ ভাইৰেল হৈছিল তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। অৱশ্যে এই বিষয়টোত আৰক্ষীৰ দ্বাৰা কোনো তদন্ত হোৱা নাই।

অনুসন্ধানৰ অন্তিম পৰ্যায়ত, বিশ্বাস নিউজে ভুৱা পোষ্ট কৰা ব্যৱহাৰকাৰীজনক পৰীক্ষা কৰিছিল। ইয়াৰ সামাজিক স্কেনিংত প্ৰকাশ পাইছিল যে ফেচবুক ব্যৱহাৰকাৰী সঞ্জয় কুমাৰ উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ বাসিন্দা। এই একাউণ্টটোত ২০৭ জন অনুসৰণকাৰী আৰু ৬৮৫ জন বন্ধু আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ এক অনুসন্ধানত প্ৰকাশ পাইছে যে মিৰাটৰ এটা পুৰণি ভিডিঅ’ এতিয়া কাল্পনিক বিধায়ক অনিল উপাধ্যায়ৰ নামত কিছু লোকে ভাইৰেল কৰি তুলিছে। ভাইৰেল পোষ্টটো ভুৱা।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later