X
X

Fact Check: আহত সাংবাদিকৰ এই ছবিখন চলি থকা ইজৰাইল হামাছ সংঘৰ্ষৰ নহয়, এয়া 2015-ৰ

নতুন দিল্লী(বিশ্বাস নিউজ): ইজৰাইল- হামাছ যুদ্ধ চলি থকা সময়ত, সামাজিক মাধ্যমত বহুত ভুল পোষ্ট বিয়পাই পৰিছে। এনে এখন ছবি ভাইৰাল হৈছে, য’ত আহত এজন মহিলাক মাইক্ৰফ’ন ধৰি থকা অৱস্থাত দেখা পোৱা গৈছে। পোষ্টত এই দাবি কৰা হৈছে যে তেঁও এজন পেলেস্তাইনৰ সাংবাদিক, যিজনে গ্ৰেনেডৰ দ্বাৰা আহত হোৱাৰ পিছতও ক্ৰমাগতভাবে সাংবাদিকতা অক্ষুন্ন ৰাখিছে। পোষ্টৰ মতে এয়া সাম্প্ৰতিক কালৰ এখন ছবি।

বিশ্বাস নিউজে ইয়াৰ তদন্ত কৰিছে আৰু এই তথ্য পোহৰলৈ আহিছে যে, এয়া 2015-ৰ এখন পুৰণি ছবি। এই পোষ্টখন ভ্ৰমাত্মক।

কি ভাইৰাল হৈ আছে?

7 নভেম্বৰ 2023 তাৰিখে Ashik Razvi Tts (Archive)  নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে, ভাইৰাল ছবিখন এই কেপশ্বনৰ সৈতে শ্বেয়াৰ কৰিছে, যে,  “#ফ্ৰিপেলেস্তাইন #ফ্ৰিজাৰ্নালিষ্ট হানা মাহামেইদ, যিজনে পূৰ্ব জেৰুজালেমত, মুখত ইজৰাইলৰ গ্ৰেনেডৰ আঘাত প্ৰাপ্ত হৈও স্ক্ৰীনত পুনৰ ঘুৰি আহিছে।”   

তদন্ত

ভাইৰাল ছবিখন তদন্ত কৰিবলৈ, বিশ্বাস নিউজে গুগল ৰিভাৰ্ছ ইমেজ ব্যৱহাৰ কৰিলে। আমি এই ছবিখন 2015-ৰ একাধিক সংবাদৰ লগত যুক্ত অৱস্থাত পালো।

এই ছবিখন  news website DNA India ৰ 5 অক্টোৱৰ 2015-ত প্ৰকাশিত এখন সংবাদত ব্যৱহাৰ কৰা হৈছিল। এখন তথ্য মতে, “এজন সাংবাদিক, হানা মাহামেইদ, যিজনক পূৰ্ৱ জেৰুজালেমত কাষৰ পৰা মুখত স্টান গ্ৰেনেডেৰে আঘাত কৰা হৈছিল, ঘটনাৰ অলপ পিছতে সাংবাদিকতাৰ কাৰ্য পুনৰ আৰম্ভ কৰি দিছিল। এই ঘটনা তেতিয়া সংঘটিত হৈছিল যেতিয়া তেঁও,  ৰামাল্লাৰ বাহিৰত, বেইট এই চেটেলমেন্টৰ কাষত সংঘটিত সংঘৰ্ষৰ ঘটনাৰ সংবাদ সম্প্ৰচাৰ কৰি আছিল। অকুপেচন ফৰ্ছে এই সংঘৰ্ষৰ ঘটনাৰ সময়ত পেলেস্তাইনৰ সাংবাদিকক লক্ষ্য কৰি তেঁওক ষ্টান গ্ৰেনেড আৰু কন্দুৱা গেছেৰে আঘাত কৰিছিল যাৰ ফলত, মাহামেইদ আহত হৈছিল।”

এই ছবিখন 5 অক্টোৱৰ, 2015-ত, independent.co.uk –ৰ দ্বাৰাও এখন সংবাদত প্ৰকাশ কৰা হৈছিল। এই ৰিপ’ৰ্ট মতে, “এজন টিভি সাংবাদিক,  পূৰ্ৱ জেৰুজালেমত সংঘটিত ইজৰাইল পুলিছ আৰু  ডেম’ষ্ট্ৰেটৰৰ মাজৰ সংঘৰ্ষত মুখত আঘাত প্ৰাপ্ত হৈও বেণ্ডেজ লগাই পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি আহিছিল।”

এই ছবিখন অক্টোৱৰ 2015-ৰ বিভিন্ন সামাজিক মাধ্যম একাউন্টত পোৱা গৈছিল।

পৰৱৰ্তী সময়ত, বিশ্বাস নিউজে ইজৰাইলৰ ফেক্ট চেকিং সংস্থা, দা হুইছেল-ৰ মুখ্য গৱেষক আৰু বিদেশী সম্পৰ্কৰ প্ৰবন্ধক উৰিয়া বাৰ-মেইৰ-ৰ ওচৰ চাপিছিল, যিজনে আমাক এয়া নিশ্চিত কৰিছিল যে, এই ছবিখন দীৰ্ঘ সময় ধৰি ইন্টাৰনেটত আছিল আৰু বাৰে বাৰে ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈছিল।

শেষত, আমি এই ভুল দাবি শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী Ashik Razvi Tts প্ৰ’ফাইল স্কেন কৰিলো আৰু এই তথ্য গম পালো যে, ব্যৱহাৰকাৰীজনৰ 5000-ৰও অধিক অনুসৰণকাৰী আছে আৰু তেঁও কেৰালাৰ কন্নৌৰৰ বাসিন্দা।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ছবিখনৰ সাম্প্ৰতিক কালৰ ইজ-ৰাইল হামাছ সংঘৰ্ষৰ লগত কোনো সম্পৰ্ক নাই, এয়া 2015-ৰ ছবি।

  • Claim Review : সাংবাদিক হানা মাহামেইদ, পূৰ্ৱ জেৰুজালেমত এটা ইজৰাইলি গ্ৰেনেডৰ দ্বাৰা মুখত আঘাত প্ৰাপ্ত হৈও পুনৰ স্ক্ৰীনত উভতি আহিছে
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী আশিক ৰাজৱি টিটিএচ
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later