X
X

Fact Check: 2014-ত হোৱা গ্ৰন্থ উন্মোচনত প্ৰধানমন্ত্ৰী মোডীৰ এখন ছবিক এডিট কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হোৱা ছবিখন এডিট কৰি তৈয়াৰ কৰা হৈছে। 2014 চনত হোৱা এখন গ্ৰন্থ উন্মোচন অনুষ্ঠানৰ ছবিত প্ৰধানমন্ত্ৰী যিখন কিতাপ পঢ়ি থকা দেখা পোৱা গৈ আছে, সেই কিতাপখনৰ নাম হ’ল ‘Getting India Back on Track’।

  • By: Umam Noor
  • Published: Mar 27, 2023 at 05:06 PM

নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোডীৰ এখন ছবি ভাইৰেল হৈ আছে। ছবিখনত দেখা পোৱা গৈ আছে যে প্ৰধানমন্ত্ৰী মোডী এখন কিতাপ পঢ়ি আছে আৰু কিতাপখনত লিখা আছে ‘101 ৱেজ টু ছেভ আডানী’। এই ছবিখনক শ্বেয়াৰ কৰি ইউজাৰে মোডীক আক্ৰমণ কৰি আছে। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে এই ছবিখন এডিট কৰি তৈয়াৰ কৰা হৈছে। 2014 চনত এখন গ্ৰন্থ উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী ‘Getting India Back on Track’ নামৰ এখন কিতাপ পঢ়ি আছিলে, সেই ছবিখনক এডিট কৰা হৈছে।

ভাইৰেল হোৱা পোষ্টত কি আছে?

ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰিছে। য’ত দেখা পোৱা গৈ আছে যে প্ৰধানমন্ত্ৰী মোডীৰ হাতত এখন কিতাপ আছে আৰু তাত লিখা আছে ‘101 Ways to Save Adani’। ইউজাৰে এই ছবিখন শ্বেয়াৰ কৰি এয়াও লিখিছে, “Always keeping the cheat-code handy…”

উল্লিখিত পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত

আমি নিজৰ তদন্ত আৰম্ভ কৰি পোন প্ৰথমতে গুগল লেন্সৰ জৰিয়তে আমি ভাইৰেল ছবিখন ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰাৰ পাছত আচল ছবিখন carnegie-mec.org ৱেবছাইটত পাইছোঁ। এই ৱেবছাইটত ছবিখন 8 জুন 2014-ত আপলোড কৰা হৈছিল। ইয়াত উল্লেখ কৰা তথ্যত কোৱা হৈছে, “ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰাৰ দুই সপ্তাহ পাছত শ্ৰী নৰেন্দ্ৰ মোডীয়ে গেটিং ইণ্ডিয়া বেক অন ট্ৰেক: এন একচন এজেণ্ডা ফৰ ৰিফৰ্ম নামৰ কিতাপ এখন উন্মোচন কৰিছে। বিবেক দেবৰায়, এছলে জে. টেলিছ আৰু ৰীছ ট্ৰেভৰৰ দ্বাৰা সম্পাদিত গেটিং ইণ্ডিয়া বেক অন ট্ৰেক (কাৰ্ণেগী এণ্ডাওমেণ্ট ফৰ ইণ্টাৰনেচনেল পীচ এণ্ড ৰেণ্ডম হাউজ ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত) কিতাপখনত ভাৰতৰ কেইজনমান সৰ্বাধিক দক্ষ বিদ্বানসকলৰ বিশ্লেষণ আৰু দিহা অন্তৰ্ভুক্ত কৰা হৈছে এই বিষয়ত যে এই দেশখনক কেনেকৈ উচ্চ মাত্ৰাত নিৰৱচ্ছিন্ন উন্নয়নৰ দিশত আৰু আন্তৰাষ্ট্ৰীয় সফলতাৰ বাটত উভতাই আনিব পৰা যাব।”

এই গ্ৰন্থ উন্মোচনৰ ভিডিঅ’ক পিএমঅ’ ইণ্ডিয়া আৰু নৰেন্দ্ৰ মোডীৰ অফিচিয়েল ইউটিউব চেনেলত জুন 2014-ত আপলোড কৰা হৈছিল। সেইবোৰ চেনেলতো দেখা পোৱা গৈ আছে যে প্ৰধানমন্ত্ৰী মোডীৰ হাতত থকা কিতাপখনৰ নাম ‘Getting India Back on Track’ হয়।

এই বিষয়ত নিশ্চিত হোৱাৰ কাৰণে আমি বিজেপিৰ মুখপাত্ৰৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, এই ছবিখন বহুত পুৰণি হয় আৰু সেইখনক এডিট কৰা হৈছে।

ভুৱা ছবি শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত গম পোৱা গৈছে যে এই পেজক 343,755 মানুহে ফলো কৰি থাকে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হোৱা ছবিখন এডিট কৰি তৈয়াৰ কৰা হৈছে। 2014 চনত হোৱা এখন গ্ৰন্থ উন্মোচন অনুষ্ঠানৰ ছবিত প্ৰধানমন্ত্ৰী যিখন কিতাপ পঢ়ি থকা দেখা পোৱা গৈ আছে, সেই কিতাপখনৰ নাম হ’ল ‘Getting India Back on Track’।

  • Claim Review : ছবিখনত দেখা পোৱা গৈ আছে যে প্ৰধানমন্ত্ৰী মোডী এখন কিতাপ পঢ়ি আছে আৰু কিতাপখনত লিখা আছে ‘101 ৱেজ টু ছেভ আডানী’।
  • Claimed By : ભાજપ નો વિકાસ ગાંડો થયો છે
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later