X
X

Fact Check : প্ৰিয়ংকা চোপ্ৰা, নিক জোনাছ আৰু কেটৰিনা কাইফৰ হলি উদযাপন কৰাৰ এই ছবি 2020 চনৰ হয়

নতুন দিল্লী(বিশ্বাস নিউজ)। প্ৰিয়ংকা চোপ্ৰা, এতিয়া নিজৰ স্বামীৰ লগত ইণ্ডিয়াত আহিছে। ইয়াৰ মাজতে দুজনৰ এখন ছবি সামাজিক মাধ্যমত ভাইৰাল হৈ আছে। য’ত তেঁওলোকক হলিত ৰং খেলি থকা দেখা পোৱা যায়। ছবিখনত প্ৰিয়ংকা আৰু নিকৰ লগত অভিনেত্ৰী কেটৰিনা কাইফও আছে। কিছুমান ব্যৱহাৰকাৰীয়ে এই ছবিখনক সাম্প্ৰতিক কালৰ বুলি শ্বেয়াৰ কৰি আছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হোৱা ছবিখন 2020 চনৰ হয়। যেতিয়া সেই দুজনে ইশা আম্বানী দ্বাৰা আয়োজিত হলি পাৰ্টিত অংশগ্ৰহণ কৰিছিল। ছবিখন সেই সময়ৰ যিটোক ব্যৱহাৰকাৰীসকলে সাম্প্ৰতিক কালৰ বুলি শ্বেয়াৰ কৰি আছে।

কি ভাইৰাল হৈ আছে?

ফেচবুক পেজ ‘মা অম্বে গৌৰি’-এ 22 মাৰ্চ তাৰিখে ছবিখন শ্বেয়াৰ কৰি লিখিছে যে, “প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ হলিত আনন্দ কৰি থকা অৱস্থাত, ইয়াৰ বাহিৰেও পাৰ্টিত উপস্থিত আছিল বিশেষ অতিথি, নিকৰ ছবিসমূহত অভিনেত্ৰী কেটৰিনা কাইফকও দেখা পোৱা গৈছে। নিক জোনাছ আৰু প্ৰিয়ংকাৰ লগত বিভিন্ন ভঙ্গিমাত ফটো উঠাইছিল অভিনেত্ৰী কেটৰিনা কাইফে। এই সময়ত সকলোকে হলিৰ আনন্দে মাতি থকা দেখা পোৱা যায়।এয়াই নহয়, 5 দিন আগত হোৱা এই হলি উদযাপনত ঢোল বজোৱাও দেখা পোৱা যায়।“

সামাজিক মাধ্যমত বিভিন্ন ব্যৱহাৰকাৰীয়ে এই ছবিখনক একে দাবীৰ সৈতে শ্বেয়াৰ কৰিছে। ভাইৰাল পোষ্টৰ আৰ্কাইভ লিঙ্কটো ইয়াত চাওক।

তদন্ত

ভাইৰাল ছবিৰ তদন্তৰ বাবে আমি গুগল ৰিভাৰ্ছ ইমেজ ব্যৱহাৰ কৰিলোঁ। জাগৰণ ডট কম-ত ছবি সন্দৰ্ভত সংবাদ লাভ কৰিলোঁ। 2020-ৰ 7 মাৰ্চ তাৰিখত প্ৰকাশিত সংবাদত ভাইৰাল ছবি পোৱা গ’ল। প্ৰকাশিত সংবাদত কোৱা হৈছে যে, “আম্বানী পৰিয়ালৰ ঘৰত হলি পাৰ্টি ৰখা হৈছিল, য’ত সকলো বলিউড তাৰকাৰ সৈতে প্ৰিয়ংকাও স্বামী নিক জোনাছৰ লগত উপস্থিত হৈছিল। আম্বানীৰ হলি পাৰ্টিত অভিনেত্ৰী কেটৰিনা কাইফও উপস্থিত আছিল। কেটৰিনায়েও প্ৰিয়ংকা আৰু নিকৰ লগত মিলি হলি খেলিলে। দুয়োৰ লগত কেটৰিনাৰ ছবি বহুত প্ৰশংসা ভুটুলিছে।“

ভাইৰাল ছবিখন আমি নিক জোনাছৰ ভেৰিফাইড ইনস্টাগ্ৰাম একাউন্টতও পালো। 2020 চনৰ 6 মাৰ্চ(আৰ্কাইভ লিঙ্ক)-ত কৰা পোষ্টত লিখা হৈছে যে, “মোৰ প্ৰথম হলি!(পাঁচ দিন আগত)মোৰ দ্বিতীয় ঘৰ ভাৰতত এনে অবিশ্বাস্য মানুহৰ লগত আনন্দ অনুষ্ঠান উদযাপনত বহুত মজা লাগিল।”

ভাইৰাল ছবিৰ লগত সম্পৰ্কিত সংবাদ বহুত অন্যান্য ৱেবচাইটত পঢ়িব পাৰিব। অধিক তথ্যৰ বাবে আমি মুম্বাইৰ, দৈনিক জাগৰণৰ জ্যেষ্ঠ সংবাদদাতা স্মিতা শ্ৰীবাস্তবৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জঁনালে যে, ছবিখন পুৰণি হয়, এই বছৰৰ নহয়।

শেষত আমি পোষ্টখন ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা পেজটো স্কেন কৰিলোঁ। তাতে আমি গম পালো যে, এই পেজটোৰ 1.4 মিলিয়ন অনুসৰণকাৰী আছে। পেজটোত বিনোদন সন্দৰ্ভত পোষ্ট শ্বেয়াৰ কৰা হয়।

সামৰণি: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, নিক জোনাছ আৰু কেটৰিনা কাইফৰ হলি উপভোগ কৰি থকা অৱস্থাত ভাইৰাল হোৱা ছবিখন পুৰণি হয়। 2020 চনত ইশা আম্বানীয়ে আয়োজন কৰা হলি পাৰ্টিত প্ৰিয়ংকা চোপ্ৰা, স্বামী নিক জোনাছৰ লগত উপস্থিত হৈছিল। ছবিখন সেইসময়ৰ, যিটেক এতিয়া মানুহে সাম্প্ৰতিক কালৰ বুলি শ্বেয়াৰ কৰি আছে। ছবিখনৰ বৰ্তমান সময়ৰ লগত কোনো সম্পৰ্ক নাই।

  • Claim Review : ছবিখনত প্ৰিয়ংকা আৰু নিকৰ লগত অভিনেত্ৰী কেটৰিনা কাইফও আছে। কিছুমান ব্যৱহাৰকাৰীয়ে এই ছবিখনক সাম্প্ৰতিক কালৰ বুলি শ্বেয়াৰ কৰি আছে।
  • Claimed By : FB Page: फेसबुक पेज - माँ अम्बे गौरी
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later