X
X

Fact Check: ঋষভ পন্থৰ গাড়ী দুৰ্ঘটনাৰ পাছত বস্তু চুৰি যোৱাৰ দাবী ভুল হয়

বিশ্বাস নিউজে অনুসন্ধান কৰি গম পাইছে যে গাড়ী দুৰ্ঘটনাৰ পাছত ঋষভ পন্থৰ বস্তু চুৰি হোৱাৰ দাবী ভুৱা হয়।

  • By: Umam Noor
  • Published: Jan 1, 2023 at 12:38 AM
  • Updated: Jul 13, 2023 at 12:23 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। ক্ৰিকেটাৰ ঋষভ পন্থৰ গাড়ী দুৰ্ঘটনাৰ পাছত ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে। তাত এই দাবী কৰা হৈছে যে গাড়ী দুৰ্ঘটনাৰ পাছত তেওঁৰ বস্তু আৰু টকা-পইচা চুৰি হৈ গৈছে। বিশ্বাস নিউজে অনুসন্ধান কৰি গম পাইছে যে এই দাবী মিছা হয়। উত্তৰাখণ্ড আৰক্ষীয়ে কৈছে যে ভাইৰেল হোৱা এই দাবী ভুৱা হয়।

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি কৈছে, “ঋষভ পন্থে গাড়ীৰ দুৱাৰ খুলি নিজে বাহিৰত ওলাবলৈ চেষ্টা কৰিছিলে। কিন্তু তেওঁ আঘাত প্ৰাপ্ত হোৱাৰ কাৰণে সেয়া কৰিব নোৱাৰিলে। তেওঁৰ লগত এটা মোনাও আছিল। দুৰ্ঘটনা স্থলত গৈ কিছুমান যুৱকে ঋষভ পন্থৰ সহায়তা কৰাৰ সলনি তেওঁৰ মোনাৰপৰা টকা-পইছা লৈ পলাই গৈছে।”

পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

অনুসন্ধান

30 ডিচেম্বৰত প্ৰকাশিত জাগৰণৰ বাতৰিত কোৱা হৈছে, “ভাৰতীয় ক্ৰিকেট টীমৰ উইকেট-ৰক্ষক ঋষভ পন্থ দিল্লীৰপৰা ৰুৰকি আহি আছিল নিজৰ মাতৃক লগ ধৰাৰ কাৰণে। কিন্তু ৰুৰকিৰ ওচৰত নাৰছনত পথ দুৰ্ঘটনাত গভীৰ ভাৱে আঘাত প্ৰাপ্ত হৈছে তেওঁ। তেওঁৰ টোপনিত চকু মুদি অহাৰ কাৰণে তেওঁৰ মাৰ্ছিডিজ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ লগত খুন্দা খাইছিল। তাৰ পাছত গাড়ীখন ডিভাইডাৰৰ ৰেলিং ভাঙি প্ৰায় 100 মিটাৰ চোঁচৰাই গৈ ৰাস্তাৰ আন দিশত গৈ বাগৰি পৰিছিল। হৰিয়াণা ৰাজ্যৰ পথ পৰিবহণ নিগমৰ বাছ-চালক, হেণ্ডিমেন আৰু এজন স্থানীয় বেপাৰীয়ে গাড়ীত ফচি থকা ঋষভ পন্থক বাহিৰলৈ ওলাই আনিছিল। সেই সময়ত পন্থে নিজেও গাড়ীৰপৰা ওলাবলৈ চেষ্টা কৰি আছিল। কিছু সময় পাছতে তেওঁৰ গাড়ীখন জ্বলিবলৈ আৰম্ভ কৰিছিল।”

আমি অনুসন্ধান কৰি থাকোঁতে উত্তৰাখণ্ড আৰক্ষীৰ টুইট পাইছিলোঁ। টুইটত দিয়া তথ্য অনুসৰি, “আজি পথ দুৰ্ঘটনাৰ পাছত ক্ৰিকেটাৰ #RishabhPant-ৰ বস্তু মানুহে চুৰি কৰা বুলি যি খবৰ দিয়া হৈছে সেয়া ভুল হয়। উক্ত বিষয়ত SSP হৰিদ্বাৰৰ টুইট।”

https://twitter.com/uttarakhandcops/status/1608794208667832323

ইয়াৰ সত্যতা জানিবলৈ আমি ক্ৰীড়া সাংবাদিক অভিষেক ত্ৰিপাঠীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনাইছে যে এটা বাতৰি বহুত বিয়পিছে যে কিছুমান মানুহে বস্তু চুৰি কৰি লৈছে, কিন্তু এয়া ভুৱা খবৰ হয়।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰি আমি গম পাইছোঁ যে এইজন ইউজাৰ দিল্লীৰ মানুহ হয়।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে অনুসন্ধান কৰি গম পাইছে যে গাড়ী দুৰ্ঘটনাৰ পাছত ঋষভ পন্থৰ বস্তু চুৰি হোৱাৰ দাবী ভুৱা হয়।

  • Claim Review : ঋষভ পন্থে গাড়ীৰ দুৱাৰ খুলি নিজে বাহিৰত ওলাবলৈ চেষ্টা কৰিছিলে। কিন্তু তেওঁ আঘাত প্ৰাপ্ত হোৱাৰ কাৰণে সেয়া কৰিব নোৱাৰিলে। তেওঁৰ লগত এটা মোনাও আছিল। দুৰ্ঘটনা স্থলত গৈ কিছুমান যুৱকে ঋষভ পন্থৰ সহায়তা কৰাৰ সলনি তেওঁৰ মোনাৰপৰা টকা-পইছা লৈ পলাই গৈছে।
  • Claimed By : Abhishek Srivastava Joy
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later