উপ-সংহাৰ: পেট্ৰ’ল পাম্পত ধ্বংসযজ্ঞৰ এই ভিডিঅ’টো বিশ্বাস নিউজৰ অনুসন্ধানত মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো পুৰীৰ এটা পুৰণি ঘটনাৰ সৈতে জড়িত। এটা পেট্ৰ’ল পাম্পত পেট্ৰ’ল চুৰিৰ অভিযোগ উত্থাপিত হৈছিল যাৰ পিছত উত্তেজিত জনতাই ইয়াক লণ্ডভণ্ড কৰিছিল। শেহতীয়া তেলৰ মূল্যবৃদ্ধিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
নতুন দিল্লী (বিশ্বাস নিউজ)। পেট্ৰ’ল পাম্পত হোৱা ধ্বংসযজ্ঞৰ এটা ভিডিঅ’ শেহতীয়াকৈ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা হৈছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ইন্ধনৰ বৰ্ধিত মূল্যৰ বাবে ক্ষুব্ধ লোকসকলে পেট্ৰ’ল পাম্প লণ্ডভণ্ড কৰিছে। বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো পুৰীৰ এটা পুৰণি ঘটনাৰ সৈতে সম্পৰ্কিত। এটা পেট্ৰ’ল পাম্পত পেট্ৰ’ল চুৰিৰ অভিযোগ উত্থাপিত হৈছিল যাৰ পিছত খঙাল জনতাই ইয়াক লণ্ডভণ্ড কৰিছিল। শেহতীয়া ইন্ধনৰ মূল্যবৃদ্ধিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
ফে’চবুক ইউজাৰ Saddam Qureshi এ ২৮ জুন ২০২১ তাৰিখে এটা ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘ৰাৱণৰাজত, পেট্ৰ’লৰ বৰ্ধিত মূল্যই জনসাধাৰণৰ ধৈৰ্য্যৰ বান্ধ ছিগা আৰম্ভ কৰিছে। এই পোষ্টটোৰ কথাবোৰ ইয়াত লিখা হৈছে। এই পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত ইয়াত ক্লিক কৰি চাব পাৰি।
পেট্ৰ’ল পাম্পত হিংসাত্মক ঘটনাৰ ভিডিঅ’ পূৰ্বেও সামাজিক মাধ্যমত ভাইৰেল হৈ আছিল। বিশ্বাস নিউজে ইয়াৰ পূৰ্বেও দাবীটোৰ তদন্ত কৰিছিল। আমি প্ৰথমে ইণ্টাৰনেটত মুকলি অনুসন্ধান চলাই এই দাবীৰ অনুসন্ধান কৰিছিলোঁ। আমি আৱশ্যকীয় কীৱৰ্ডৰ সহায়ত এই ভাইৰেল দাবীটো অনুসন্ধান কৰিছিলো (Petrol pump ransacked)। আমি ইয়াৰ সৈতে সম্পৰ্কিত কিছুমান ভিডিঅ’ বুলেটিন পাইছিলো, য’ত পেট্ৰ’ল পাম্পৰ এই ঘটনাটো বিভিন্ন কোণৰ পৰাও দেখা যায়। OTV আৰু Kanak News নামৰ উৰিষ্যাৰ স্থানীয় চেনেলৰ ইউটিউব চেনেলত আপলোড কৰা বুলেটিনখন তলত চাব পাৰিব।
২৮ ছেপ্টেম্বৰ, ২০১৮ত OTV চেনেলত আপলোড কৰা এক প্ৰতিবেদন অনুসৰি, পেট্ৰ’ল পাম্পত পেট্ৰ’ল চুৰিৰ ঘটনা পোহৰলৈ অহাৰ পিছত লোকসকল উত্তেজিত হৈ পৰাৰ লগতে পেট্ৰ’ল পাম্প লণ্ডভণ্ড কৰিছিল।
একেদৰে, অনুসন্ধানৰ সময়ত, আমি odishabytes.com প্ৰতিবেদনো দেখিবলৈ পাইছিলোঁ। ২৯ ছেপ্তেম্বৰ ২০১৮ তাৰিখৰ প্ৰতিবেদন অনুসৰি, উক্ত পেট্ৰ’ল পাম্পত পেট্ৰ’ল হ্ৰাস হোৱাৰ সময়ত লোকসকল উত্তেজিত হৈ পৰিছিল আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। অৱশ্যে খবৰ পোৱাৰ পিছত, কুম্ভৰপাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। বিশ্বাস নিউজে তেতিয়াৰ এই গোচৰটোত কুম্ভৰপাৰা আৰক্ষীৰ কাষ চাপিছিল। তেওঁলোকে নিশ্চিতি দি কয় যে পেট্ৰ’ল পাম্পত হোৱা হুলস্থূলৰ ঘটনাটো পুৰণি। বিশ্বাস নিউজৰ তেতিয়াই কৰা ফেক্ট-চেকৰ প্ৰতিবেদন তলত পঢ়িব পাৰিব।
বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ফে’চবুক ব্যৱহাৰকাৰী Saddam Qureshi ৰ প্ৰ’ফাইল স্কেন কৰিছিল। জানিব পৰামতে, এই ইউজাৰজন মণ্ডলেশ্বৰৰ লোক আৰু এটা নিৰ্দিষ্ট দলৰ সৈতে জড়িত।
নিষ্কৰ্ষঃ উপ-সংহাৰ: পেট্ৰ’ল পাম্পত ধ্বংসযজ্ঞৰ এই ভিডিঅ’টো বিশ্বাস নিউজৰ অনুসন্ধানত মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো পুৰীৰ এটা পুৰণি ঘটনাৰ সৈতে জড়িত। এটা পেট্ৰ’ল পাম্পত পেট্ৰ’ল চুৰিৰ অভিযোগ উত্থাপিত হৈছিল যাৰ পিছত উত্তেজিত জনতাই ইয়াক লণ্ডভণ্ড কৰিছিল। শেহতীয়া তেলৰ মূল্যবৃদ্ধিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ