X
X

Quick Fact Check : হিমালয়া কোম্পানীক লৈ পুনৰ ভাইৰেল হ’ল ভুৱা পোষ্ট

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত হিমালয়া কোম্পানীৰ সৈতে জড়িত এই ভাইৰেল পোষ্ট ভুৱা।

  • By: Ashish Maharishi
  • Published: Mar 4, 2021 at 10:05 PM
  • Updated: Mar 7, 2021 at 10:05 PM

নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত পুনৰবাৰ হিমালয়া কোম্পানীৰ বিৰুদ্ধে এক ভুৱা প্ৰচাৰ আৰম্ভ হৈছে। ভাইৰেল হোৱা এখন ফটোত দাবী কৰা হৈছে যে ইয়াত দেখা ব্যক্তিগৰাকী কোম্পানীটোৰ স্বত্ত্বাধিকাৰী মহম্মদ মেনল, যিয়ে উপাৰ্জনৰ ১০% জেহাদৰ বাবে প্ৰদান কৰি আহিছে

বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট পূৰ্বেও এবাৰ পৰীক্ষা কৰিছিল। এই পৰীক্ষাত আমি লাভ কৰা তথ্য অনুসৰি এই পোষ্টটো ভুৱা। ফটোত দেখা লোকগৰাকী মহম্মদ মেনল নহয়, এই লোকগৰাকী কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ফিলিপ হেডেন। উল্লেখ্য যে কোম্পানীটোৰ প্ৰতিষ্ঠাপক হমম্মদ মেনলৰ কেবাবছৰ পূৰ্বেই মৃত্যু হৈছে।

কি এই ভাইৰেল পোষ্ট –

ফে’চবুক ইউজাৰ সঞ্জয় শ্ৰীবাস্তৱে বিগত ২২ ফেব্ৰুৱাৰীত এটা পোষ্ট কৰিছিল। ইয়াত এগৰাকী ব্যক্তি থিয় হৈ থকা দেখা গৈছে আৰু ফটোখনৰ লগত লিখা হৈছে – ‘প্ৰথমে দেশৰ ভিতৰতে থকা দেশদ্ৰোহীবোৰক চিনি লওঁক।”

ফটোখনৰ ওপৰত লিখা হৈছে –  ‘এইগৰাকী হিমালয়ান কোম্পানীৰ মালিক মহম্মদ মেনালে নিজৰ মুঠ উপাৰ্জনৰ ১০ শতাংশ ধন জেহাদৰ বাবে আগবঢ়ায়। এই কোম্পানীটোৰ কোনো সামগ্ৰী ক্ৰয় নকৰিব।’

বিশ্বাস নিউজে ইয়াত এই ভাইৰেল পোষ্টটোত লিখা থকা কথাখিনিকেই হুবহু লিখিছে। এই ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ সত্যতা বিচাৰ কৰিবৰ বাবে গুগল ৰিভাৰ্ছ ইমেজ টুলৰ সহায় লৈছিল। ইয়াৰ জৰিয়তে আমি প্ৰকৃত ফটোখন ইক’নমিক টাইমছৰ ৱেবছাইটত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। ২০১৬ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে প্ৰকাশিত এক খবৰ অনুসৰি ছবিত দেখা লোকগৰাকী হৈছে ফিলিপ হেডেন, তেওঁ হৈছে হিমালয়া কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া। সম্পূৰ্ণ খবৰ ইয়াত পঢ়িব পাৰিব।

অনুসন্ধানকালত আমি লাভ কৰা তথ্য অনুসৰি মহম্মদ মেনল আছিল এই কোম্পানীটোৰ প্ৰতিষ্ঠাপক। তেওঁৰ মৃত্যু হৈছিল ১৯৮৬ চনত। মহম্মদ মেনলে ১৯৩০ চনতে এই প্ৰখ্যাত কোম্পানীটো স্থাপন কৰিছিল। মহম্মদ মেনল সম্পৰ্কে আপোনালোকে ইয়াত পঢ়িব পাৰিব।

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টৰ সত্যতা জানিবৰ বাবে এই কোম্পানীটোৰ মুখপাত্ৰৰ সৈতেও যোগাযোগ কৰে। তেওঁ আমাক জনায় যে ফটোত দেখা ব্যক্তিগৰাকী হৈছে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ফিলিপ হেডেন। আৰু জেহাদৰ বাবে ধন প্ৰেৰণ কৰা কথাটোৰ কোন সত্যতা নাই।

সমগ্ৰ অনুসন্ধানটো সবিস্তাৰে ইয়াত পঢ়ক

এই ভুৱা পোষ্ট কৰা ইউজাৰগৰাকীৰ বিষয়ে আমি অধিক তথ্য লাভ নকৰিলো। ফে’চবুক ইউজাৰ সঞ্জয় শ্ৰীবাস্তৱে নিজৰ প্ৰ’ফাইলত বিশেষ আপডেট কৰা নাই।


নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত হিমালয়া কোম্পানীৰ সৈতে জড়িত এই ভাইৰেল পোষ্ট ভুৱা।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later