উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। ৰায়পুৰ, পুণেৰ পৃথক পৃথক খবৰৰ বাক্য ব্যৱহাৰ কৰি এই ভুৱা স্ক্ৰীণশ্বট প্ৰস্তুত কৰা হৈছিল।
বিশ্বাস নিউজ (নতুন দিল্লী) । দেশত পুনৰ ক’ৰোনা মহামাৰীৰ ভয়াবহতা বৃদ্ধি পোৱাৰ মাজতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত একাংশ লোকে বিভিন্ন মিছা কথা তথা উৰা বাতৰি প্ৰচাৰেৰে পৰিস্থিতি আৰু অধিক বিষম কৰাৰ চেষ্টা অব্যাগত ৰাখিছে। ছ’চিয়েল মিডিয়া ইউজাৰসকলে এটা নিউজ চেনেলৰ ভুৱা স্ক্ৰীণশ্বট এটা শেহতীয়াকৈ ভাইৰেল কৰি আছে। এই স্ক্ৰীণশ্বটটোৰ সৈতে দাবী কৰা হৈছে যে দেশত পুনৰ লকডাউন আৰম্ভ হ’ব। পিছে আমাৰ অনুসন্ধানত এই পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে।
বিশ্বাস নিউজে যেতিয়াই এই ভাইৰেল পোষ্টৰ অনুসন্ধান চলালো তেতিয়াই আমি গম পালো যে পৃথক পৃথক খবৰৰ উপৰিও কিছু ভুৱা খবৰ আৰু ভিন ভিন কাৰ্যক্ৰমণিকাৰ ফটো মিশ্ৰণ কৰি এটা নিউজ চেনেলৰ স্ক্ৰীণশ্বট প্ৰস্তুত কৰা হৈছে। আৰু ইয়াকে সঁচা বুলি মানি লৈ ছ’চিয়েল মিডিয়া ইউজাৰসকলে ভাইৰেল কৰি আছে।
ফে’চবুক ইউজাৰ আহিৰ ছোৰাই ‘গয়া বাইপাছ’ নামৰ এটা ফে’চবুক গ্ৰুপত এটা ভুৱা পোষ্ট আপলোড কৰিছিল। এই পোষ্টত দাবী কৰা হৈছে যে ৯ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ ভাৰতত লকডাউন প্ৰযোজ্য হ’ব। ইয়াৰ উপৰি এই পোষ্টটোত অমিত শ্বাহৰ এখন পুৰণি ছবিও ব্যৱহাৰ কৰা হৈছে।
এই ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
বিশ্বাস নিউজে এই ভাইৰেল পোষ্টৰ কণ্টেণ্ট বা বিষয়বস্তুখিনি চাৰিটা ভাগত ভগাই লৈ অনুসন্ধান আৰম্ভ কৰিলে। সৰ্বপ্ৰথমে আমি এই ভাইৰেল স্ক্ৰীণশ্বটটোৰ ওপৰত লিখা থকা ‘৯ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ হ’ব লকডাউন’ শীৰ্ষক বাক্যাংশ টিভি৯ ৰ ইউটিউব চেনেলত থকা বাতৰিবোৰ বিচাৰিবলৈ ললো। আমি ৯ এপ্ৰিল তাৰিখৰ এটা বাতৰি লাভ কৰিলো। এই বাতৰি আছিল ৰায়পুৰ লকডাউনক লৈ কৰা এটা বাতৰি। আমি এই বাতৰিৰ ভিডিঅ’টোৰ ১২ ছেকেণ্ডত ঠিক এই বাক্যটোৱেই দেখিবলৈ পালো, যিটো ভাইৰেল স্ক্ৰীণশ্বটত উল্লেখ আছে। কেৱল এই বাক্যটোৰ পৰা ৰায়পুৰৰ প্ৰসঙ্গ আঁতৰাই দিয়া হৈছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত ক্লিক কৰি চাব পাৰিব।
এতিয়া আমি আগবাঢ়িলো দ্বিতীয়টো বাক্যৰ সত্যতা জানিবৰ বাবে। এই বাক্যটোত লিখা হৈছে – ‘কাইলৈৰ পৰা এসপ্তাহৰ বাবে হ’ব লকডাউন’, এইখিনি কথাকে আমি টাইপ কৰি পুনৰ ইউটিউবত বিচাৰিবলৈ ললো। তাৰ সমান্তৰালকৈ কী-ৱৰ্ডত টিভি৯ লিখিও ছাৰ্ছ কৰিলো। আমি ২ এপ্ৰিলৰ এটা বাতৰি লাভ কৰিলো। এই বাতৰিৰ ২৭ ছেকেণ্ডত আমি সেই একেটাই বাক্য দেখিবলৈ পালো, যিটো ভাইৰেল স্ক্ৰীণশ্বটত অমিত শ্বাহৰ ফটোখনৰ সৈতে ব্যৱহাৰ কৰা হৈছিল। এই বাতৰিটোত পুণেৰ লকডাউনৰ খবৰ দি থকা হৈছিল। সম্পূৰ্ণ খবৰ আপোনালোকে ইয়াত চাব পাৰিব।
এতিয়া আমাৰ জনাৰ প্ৰয়োজন আছিল যে এই ভাইৰেল স্ক্ৰীণশ্বটত ব্যৱহাৰ কৰা অমিত শ্বাহৰ ফটোখন প্ৰকৃততে কোন ঠাইৰ। আমাৰ অনুসন্ধানকালত আমি ১৪ জুন ২০২০ তাৰিখৰ এটা বাতৰিত এই ফটোখন দেখিবলৈ পালো। এই ফটোখন হৈছে দিল্লীত ক’ৰোনাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আয়োজন কৰা এক আলোচনা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰা এক মূহুৰ্ত্তৰ ফটো। সম্পূৰ্ণ বাতৰি ইয়াত পঢ়ক।
অনুসন্ধানকালত বিশ্বাস নিউজে এই ভাইৰেল স্ক্ৰীণশ্বটৰ নিম্নাংশত লিখা থকা বাক্য – ‘জৰুৰীকালীন বৈঠকত সিদ্ধান্ত গ্ৰহণ, স্কুল-কলেজৰ পৰীক্ষা বাতিল’ ৰ সত্যতা জানিবৰ বাবে গুগল ছাৰ্ছ ব্যৱহাৰ কৰিলো। আমি এনেধৰণৰ কোনো খবৰ লাভ নকৰিলো, যিয়ে এই কথাৰ সত্যতা নিশ্চিত কৰে। স্কুল সন্দৰ্ভত প্ৰতিখন ৰাজ্য চৰকাৰে নিজস্ব স্তৰতেই সিদ্ধান্ত গ্ৰহণ কৰিছে।
অনুসন্ধান অব্যাহত ৰাখি বিশ্বাস নিউজে টিভি৯ ৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে যোগাযোগ কৰে। তেওঁ আমাক জনায় যে এই ভাইৰেল স্ক্ৰীণশ্বটটো তেওঁৱো লাভ কৰিছে। এয়া সম্পূৰ্ণ ভুৱা। অনুসন্ধানৰ অন্তিম পৰ্যায়ত আমি এই ভুৱা পোষ্ট কৰা ইউজাৰগৰাকীৰ প্ৰ’ফাইল স্কেন কৰাৰ প্ৰয়াস কৰিছিলো যদিও ফে’চবুক ইউজাৰ আহিৰ ছোৰাই নিজৰ একাউণ্ট লক কৰি থোৱা হেতুকে আমি বিশেষ তথ্য লাভ কৰিবলৈ সমৰ্থ নহলো।
নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। ৰায়পুৰ, পুণেৰ পৃথক পৃথক খবৰৰ বাক্য ব্যৱহাৰ কৰি এই ভুৱা স্ক্ৰীণশ্বট প্ৰস্তুত কৰা হৈছিল।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ