Fact Check: শ্বাহৰুখ খানৰ মৃত্যুৰ উৰাবাতৰি বিয়পোৱা এই ভাইৰেল পোষ্টটো সম্পূৰ্ণৰূপে ভুৱা
শ্বাহৰুখ খানৰ মৃত্যু সম্পৰ্কীয় ভাইৰেল বাতৰিটো বিশ্বাস নিউজৰ তদন্তত উদ্দেশ্য প্ৰণোদিতভাৱে ভাইৰেল কৰা হৈছিল বুলি প্ৰমাণিত হৈছে। এই ভুৱা বাতৰিটো অপ্ৰাসঙ্গিক ফটোৰ সৈতে ভাইৰেল কৰা হৈছে।
- By: Ashish Maharishi
- Published: Nov 2, 2021 at 11:52 AM
নতুন দিল্লী (বিশ্বাস নিউজ)। শেহতীয়াকৈ তিনিখন ছবিৰ এটা কোলাজ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ আছে। এই ক’লাজ ফটোৰ সৈতে দাবী কৰা হৈছে যে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। পিছে এই ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ তদন্তত ভুৱা বুলি প্ৰমাণিত হৈছে। ভাইৰেল হোৱা ছবিবোৰ যথেষ্ট পুৰণি।
কি এই ভাইৰেল পোষ্ট
বহুতো ফেচবুক ব্যৱহাৰকাৰীয়ে একেলগে তিনিখন ছবি ভাইৰেল কৰি আছে আৰু লগতে দাবী কৰিছে যে শ্বাহৰুখ খানৰ এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছে।
বিশিষ্ট অভিনেতা অনিল কাপুৰক এই তিনিখন ছবিৰ প্ৰথমখন ছবিত এখন শৱ কঢ়িওৱা বাহনৰ সৈতে দেখা গৈছে। দ্বিতীয় ছবিখনত, শ্বাহৰুখ খানৰ ছবিখন এখন বিমানৰ সৈতে ব্যৱহাৰ কৰা হৈছে। ইয়াত কোৱা হৈছে যে শ্বাহৰুখৰ এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। তৃতীয় ছবিখনত শ্বাহৰুখ খানৰ ছবিখনৰ সৈতে RIP 1965 – 2021 বুলি লিখা হৈছে।
ফে’চবুক পোষ্টটোৰ লেখাখিনি ইয়াত হুবহু অনুবাদ কৰা হৈছে। পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে ভাইৰেল পোষ্টটো পৰীক্ষা কৰিবলৈ এই পোষ্টটোত ব্যৱহৃত ফটোবোৰৰ সত্যতা বিচাৰি উলিয়াবলৈ আৰম্ভ কৰে। প্ৰথমে আমি অনিল কাপুৰৰ প্ৰথমখন ছবিৰ বিষয়ে জানিবলৈ বিচাৰিছিলো। গুগল ৰিভাৰ্চ ইমেজ টুলত এই ছবিখন আপলোড আৰু অনুসন্ধান কৰাৰ পিছত আমি কেইবাটাও নিউজ ৱেবছাইটত এই ছবিখন দেখিবলৈ পাইছিলো। ১ মাৰ্চ, ২০১৮ ত হিন্দুস্তান টাইমছৰ ৱেবছাইটত প্ৰকাশিত বাতৰিত ব্যৱহৃত ফটোখনৰ সৈতে লিখা হৈছিল যে অনিল কাপুৰ মুম্বাইত শ্ৰীদেৱীৰ অন্তিম সংস্কাৰৰ সময়ত মৃতদেহৰ ওচৰত থিয় হৈ আছিল। ছবিখন পিটিআইয়ে প্ৰকাশ কৰিছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।
এতিয়া আমি দ্বিতীয় ছবিখনৰ বিষয়ে জানিবলৈ বিচাৰিছিলো। এই ছবিখনত, এখন বিমান দুৰ্ঘটনাগ্ৰস্থ অৱস্থাত দেখা গৈছে। গুগল ৰিভাৰ্চ ইমেজ চাৰ্চৰ জৰিয়তে, আমি মূল ছবিখন এভিয়েচন এক্সিডেণ্ট নামৰ ৱেবছাইট এটাত পাইছিলো। ২০০৮ চনৰ ১৭ জানুৱাৰীত প্ৰকাশিত এক বাতৰিত ছবিখনক ব্ৰিটিছ এয়াৰৱেজৰ বোয়িং বিমান বুলি বৰ্ণনা কৰা হৈছিল। ইয়াৰ বিষয়ে অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।
অনুসন্ধানটো আগবঢ়াই, বিশ্বাস নিউজ মুম্বাইত দৈনিক জাগৰণৰ সাংস্কৃতিক শাখা কভাৰ কৰা স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰে। তেওঁ আমাক জনায় যে শ্বাহৰুখ খানৰ নামত ভাইৰেল হোৱা এই পোষ্টটো ভুৱা।
বিশ্বাস নিউজে অনুসন্ধানৰ শেষত ভুৱা পোষ্ট কৰা ব্যৱহাৰকাৰীজনৰ ছ’চিয়েল স্কেনিং কৰোতে লাভ কৰা তথ্য অনুসৰি ব্যৱহাৰকাৰীজন য়াংগুনৰ লোক। তেওঁৰ প্ৰ’ফাইলত ৫৪ জন লোক আছে।
নিষ্কৰ্ষঃ শ্বাহৰুখ খানৰ মৃত্যু সম্পৰ্কীয় ভাইৰেল বাতৰিটো বিশ্বাস নিউজৰ তদন্তত উদ্দেশ্য প্ৰণোদিতভাৱে ভাইৰেল কৰা হৈছিল বুলি প্ৰমাণিত হৈছে। এই ভুৱা বাতৰিটো অপ্ৰাসঙ্গিক ফটোৰ সৈতে ভাইৰেল কৰা হৈছে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.