Fact Check : জনপ্ৰিয় অভিনেতা মুকেশ খান্নাৰ মৃত্যু সম্পৰ্কে ভাইৰেল পোষ্ট ভুৱা

উপসংহাৰ: মুকেশ খান্নাৰ মৃত্যুৰ বাতৰিটো বিশ্বাস নিউজৰ অনুসন্ধানত এটা উৰাবাতৰি হিচাপে প্ৰমাণিত হৈছে। তেওঁ শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হৈ আছে।

বিশ্বাস নিউজ (নতুন দিল্লী) । জনপ্ৰিয় অভিনেতা মুকেশ খান্নাৰ মৃত্যুৰ এক উৰাবাতৰি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ভালেমান ইউজাৰে মুকেশ খান্নাৰ ফটো পোষ্ট কৰি লিখিছে যে কৰোনাত আক্ৰান্ত মুকেশ খান্নাক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছতে হাস্পতালতে তেওঁৰ মৃত্যু হৈছিল। বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই পোষ্ট ভুৱা বুলি প্ৰমাণিত হৈছে। আনকি মুকেশ খান্নাই নিজেই এই উৰাবাতৰি অস্বীকাৰ কৰিছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ ‘গহণা ব্ৰেকিং নিউজে’ ১১ মে’ৰ নিশা এটা পোষ্ট আপলোড কৰি লিখিছে – ‘মুকেশ খান্না শক্তিমান ক’ৰোনাত আক্ৰান্ত হৈ তিনিদিন পূৰ্বে লীলাৱতী হাস্পতালত ভৰ্তি হৈছিল আৰু আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে, ঈশ্বৰে তেওঁৰ আত্মাক চিৰশান্তি দিয়ে যেন।’

ইফালে বহু লোকে মুকেশ খান্নাৰ মৃত্যুৰ এই উৰাবাতৰিটো সঁচা বুলি পতিয়ন গৈছে।

ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওক।

বিশ্বাস নিউজে ইয়াৰ ফেক্টচেকিং হোৱাটছএপ্প চেটব’ট (+91 95992 99372) তো এই বাতৰিৰ সত্যতা নিশ্চিতকৰণৰ অনুৰোধ লাভ কৰিছিল।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমেই এই ভাইৰেল হৈ থকা পোষ্টটোৰ সত্যতা জানিবলৈ মুম্বাইত বলীউড শিতান কভাৰ কৰা দৈনিক জাগৰণৰ সংবাদদাতা স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ বিশ্বাস নিউজক জনায় যে মুকেশ খান্না সম্পূৰ্ণ সুস্থ আছে। এই ভাইৰেল পোষ্টটো ভুৱা।

তদন্তটো আগবঢ়াই নি বিশ্বাস নিউজে মুকেশ খান্নাৰ ছ’চিয়েল মিডিয়া একাউণ্ট পৰীক্ষা কৰে। আমি ১১ মে’ত মুকেশ খান্নাৰ পৰা তেওঁৰ ফেচবুক পৃষ্ঠাত এটা বিবৃতি দেখিবলৈ পাইছিলো। ইয়াত, তেওঁ ভাইৰেল পোষ্টবোৰ অস্বীকাৰ কৰি কৈছিল যে তেওঁ সম্পূৰ্ণ স্বাস্থ্যৱান, সুৰক্ষিত হৈ আছে আৰু তেওঁ কোনো চিকিৎসালয়ত ভৰ্তি হোৱা নাছিল বুলিউ উল্লেখ কৰিছে। তেওঁ কয়, মই নাজানো কোনে এনে বিভ্ৰান্তিকৰ তথা ভিত্তিহীন মিছা বাতৰি প্ৰস্তুত কৰে আৰু ইয়াক প্ৰচাৰ কৰা লোকসকল কোন সেয়াও মই নাজানো। তেওঁলোকৰ উদ্দেশ্য কি? মানুহৰ আবেগ অনুভূতিৰ সৈতে তেওঁলোকে কিয় এনেদৰে খেলে।

সম্পূৰ্ণ ভিডিঅ’টো আপোনালোকে ইয়াত চাব পাৰিব।

এই স্পষ্টীকৰণ ভিডিঅ’টো তেখেতৰ ইনষ্টাগ্ৰাম একাউণ্টতো চাব পৰা যায়।

অনুসন্ধানৰ শেষত, আমি ভুৱা পোষ্ট কৰা ইউজাৰগৰাকীৰ ছ’চিয়েল মিডিয়া স্কেনিং কৰো। ইয়াতেই দেখিবলৈ পাও যে গহনা ব্ৰেকিং নিউজ নামৰ এই ফেচবুক পৃষ্ঠাটো ২৩,০০০ তকৈও অধিক লোকে ফ’লো কৰি আহিছে। এই পৃষ্ঠাটো হাৰিয়ানাৰ গহনাৰ পৰা আপডেট কৰা হৈছে। ইয়াক ২৫ নৱেম্বৰ, ২০২০ তাৰিখে সৃষ্টি কৰা হৈছিল।

নিষ্কৰ্ষঃ উপসংহাৰ: মুকেশ খান্নাৰ মৃত্যুৰ বাতৰিটো বিশ্বাস নিউজৰ অনুসন্ধানত এটা উৰাবাতৰি হিচাপে প্ৰমাণিত হৈছে। তেওঁ শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হৈ আছে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস