X
X

Fact Check: ভিডিঅ’ত দেখা মানুহজন ৰোহিত সাৰদানা নহয়, ভাইৰেল পোষ্ট ভুৱা

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণিত হৈছে। ফ্ৰীলান্স সাংবাদিক নবীন কুমাৰৰ ভিডিঅ’টো ৰোহিত সাৰদানাৰ ভিডিঅ’ বুলি উল্লেখ কৰি ভাইৰেল কৰা হৈছে।

  • By: ameesh rai
  • Published: May 4, 2021 at 12:07 PM

বিশ্বাস নিউজ (নতুন দিল্লী) । শেহতীয়াকৈ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ থকা দেখিবলৈ পোৱা গৈছে। এই পোষ্টটোত দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা ব্যক্তিজন সাংবাদিক ৰোহিত সাৰদানা, যি অলপতে ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। ভিডিঅ’টো তেওঁৰ শেষ বাৰ্তা বুলি কোৱা হৈছে। পিছে বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি পৰিগণিত হৈছে। আচলতে ফ্ৰীলান্স সাংবাদিক নবীন কুমাৰৰ ভিডিঅ’টো ৰোহিত সাৰদানাৰ ভিডিঅ’ বুলি বৰ্ণনা কৰি ভাইৰেল কৰা হৈছে।

কি এই ভাইৰেল পোষ্ট

বিশ্বাস নিউজলৈ ইয়াৰ ফেক্ট চেকিং হোৱাটছএপ্প চাটব’ট (+91 95992 99372) ত ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ প্ৰেৰণ কৰা হৈছিল। ইউজাৰগৰাকীয়ে প্ৰশ্ন উত্থাকপন কৰিছে যে এইগৰাকী প্ৰকৃততে ৰোহিত সৰদানা হয় নে? এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াক আন আন প্লেটফৰ্মবোৰতো ব্যাপকভাৱে ভাইৰেল হৈ আছে। ফে’চবুক ইউজাৰ  Rambabu Kushwah ই ২ মে’ ২০২১ তাৰিখে এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে এয়া ‘ৰোহিত সৰদানাৰ বাৰ্তা’।

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

আপোনালোকক জনাবলৈ বিচাৰো যে সাম্প্ৰতিক সময়ৰ এগৰাকী অত্যন্ত প্ৰতিভাধৰ আৰু জ্যেষ্ঠ এংকৰ তথা সাংবাদিক ৰোহিত সাৰদানাৰ শেহতীয়াকৈ মৃত্যু হৈছে। ৰোহিত সাৰদানা ক’ৰোনাত আক্ৰান্ত হৈছিল আৰু চিকিৎসাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। ৰোহিত সাৰদানাৰ মৃত্যুৰ পিছতে ছ’চিয়েল মিডিয়াত এটা ৪ মিনিট ৬ ছেকেণ্ডৰ ভিডিঅ’ ভাইৰেল হৈছিল, যিটোক তেওঁৰ অন্তিম বাৰ্তা বুলি কোৱা হৈছে। বিশ্বাস নিউজে প্ৰথমে এই ভাইৰেল ভিডিঅ’টো পৰীক্ষা কৰিবলৈ ইয়াক InVid টুলত দাখিল কৰে, আৰু ইয়াৰ কী-ফ্ৰেমবোৰ উলিয়াই লয়। কী-ফ্ৰেমবোৰৰ একাধিক গুগল ৰিভাৰ্চ ইমেজ অনুসন্ধানৰ পিছত, আমি কংগ্ৰেছ নেতা কামেশ্বৰ পেটেলৰ টুইটাৰ হেণ্ডেলত এই ভিডিঅ’টো দেখিবলৈ পাও। ভিডিঅ’টো মূলতঃ মধ্য প্ৰদেশ কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা ১ মে, ২০২১ তাৰিখে শ্বেয়াৰ কৰা হৈছিল, যাক কামেশ্বৰ পেটেলে ৰিটুইট কৰিছিল। এই টুইটটো তলত চাব পাৰিব।

মধ্যপ্ৰদেশ কংগ্ৰেছৰ এটা টুইট অনুসৰি, ভিডিঅ’টোত থকা ব্যক্তিজনক আজটক নিউজ চেনেলৰ সাংবাদিক নবীন কুমাৰ বুলি উল্লেখ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি নবীন কুমাৰো ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। এই টুইটটো ইয়াত তলত চাব পাৰিব।

এই টুইটৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত, আমি সাংবাদিক নবীন কুমাৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছো। নবীন কুমাৰ সম্প্ৰতি আজটকৰ সৈতে নাই। তেওঁ শেহতীয়াকৈ ফ্ৰীলান্স ডিজিটেল জাৰ্ণেলিজম কৰি আছে। আমি নবীন কুমাৰৰ ডিজিটেল প্লেটফৰ্ম Article 19 ৰ ফেচবুক পেজত এটা ভিডিঅ’ দেখিবলৈ পাইছিলো। ২৬ এপ্ৰিল, ২০২১ তাৰিখে আপলোড কৰা, ভিডিঅ’টোৱে FAIMA চিকিৎসক সংস্থাৰ প্ৰতিষ্ঠাপক ডাঃ মনীষ জাংৰা আৰু ডাঃ চনু ভৰদ্বাজৰ সৈতে কথা পাতিছে। লাইভ ভিডিঅ’টো ৩৪ মিনিট ৫৪ ছেকেণ্ড আৰু নবীন কুমাৰেও প্ৰায় এক মিনিটৰ পিছত ইয়াত নিজৰ পৰিচয় দিছে। ভাইৰেল ভিডিঅ’টোও এই ভিডিঅ’টোৰেই এটা অংশ, যাক ১ মিনিট ৫১ ছেকেণ্ডৰ পৰা মূল ভিডিঅ’টোত চাব পাৰি। এই ভিডিঅ’টোৰ ইয়াত ক্লিক কৰি চাব পাৰিব।

এই ভিডিঅ’ পোষ্টত Dr.Manish Jangra RMLH ৰ ফে’চবুক পেজটোকো টেগ কৰা হৈছে, য’ত আমি ডাঃ মনীষ জাংগ্ৰাৰ নম্বৰ লাভ কৰো। তেখেতৰ সৈতে যোগাযোগ কৰাত ডাঃ মনীষে আমাক জনায় যে ভাইৰেল ভিডিঅ’টোত দেখা ব্যক্তিজন হৈছে নবীন কুমাৰ, যি বৰ্তমান ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

বিশ্বাস নিউজে আজটকৰ উপ কাৰ্যবাহী প্ৰযোজক আৰু জ্যেষ্ঠ সাংবাদিক বিকাশ মিশ্ৰৰ সৈতে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। বিকাশ মিশ্ৰই দীৰ্ঘকাল ধৰি ৰোহিত সাৰদানাৰ সৈতে কাম কৰি আহিছিল। তেওঁ কয় যে এই মিছা দাবীটো তেওঁৰ মৃত্যুৰ পিছত ৰোহিত সাৰদানাক তেওঁৰ সৈতে সংযোগ কৰি শ্বেয়াৰ কৰাটো অতি দুৰ্ভাগ্যজনক। তেওঁ এইটোও নিশ্চিত কৰিছিল যে নবীন কুমাৰ ভাইৰেল ভিডিঅ’টোত আছে। শেষত বিশ্বাস নিউজে ভাইৰেল দাবীটো শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ ৰামবাবু কুশৱাহৰ প্ৰ’ফাইল স্কেন কৰিছিল। প্ৰ’ফাইলটো মাৰ্চ ২০১০ ত খোলা হৈছিল আৰু এই ইউজাৰগৰাকী ৰেৱাৰ বাসিন্দা।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণিত হৈছে। ফ্ৰীলান্স সাংবাদিক নবীন কুমাৰৰ ভিডিঅ’টো ৰোহিত সাৰদানাৰ ভিডিঅ’ বুলি উল্লেখ কৰি ভাইৰেল কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later