Fact Check: এই মূৰ্তিটো তুৰ্কী-ছিৰিয়া সীমান্তৰ কাষৰ খননকাৰ্যত পোৱা নাই, ই এটা ইণ্ডোনেছিয়াৰ মন্দিৰৰহে মূৰ্তি

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। দৰাচলতে এই মূৰ্তি ইণ্ডোনেছিয়াৰ এক হিন্দু মন্দিৰৰহে। এই মূৰ্তি তুৰ্কী-ছিৰিয়াৰ সীমান্তত হোৱা খননকাৰ্যত লাভ কৰা নাই।

Fact Check: এই মূৰ্তিটো তুৰ্কী-ছিৰিয়া সীমান্তৰ কাষৰ খননকাৰ্যত পোৱা নাই, ই এটা ইণ্ডোনেছিয়াৰ মন্দিৰৰহে মূৰ্তি

নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ছবিত হিন্দু দেৱতা নৰসিংহৰ দৰে এটা মূৰ্তি দেখুওৱা হৈছে। এই পোষ্টটোত দাবী কৰা হৈছে যে তুৰ্কী-ছিৰিয়া সীমান্তৰ কাষৰ এক খননকাৰ্যত এই মূৰ্তিটো পোৱা গৈছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে।

দৰাচলতে, এই মূৰ্তিটো ইণ্ডোনেছিয়াৰ এটা মন্দিৰৰহে মূৰ্তি। এই মূৰ্তিটো ইণ্ডোনেছিয়াৰ বালিত থকা পুৰা দালাম আৰু পুৰা পন্তৰণ দেশা আদত কুটা নামৰ এটা মন্দিৰত আছে।

কি এই ভাইৰেল পোষ্ট?

ভাইৰেল পোষ্টটোৰ লগত দাবী কৰা হৈছে যে “তুৰ্কী-ছিৰিয়া” সীমান্তৰ (আনকি ইৰাকতকৈও অধিক) “টাইগ্ৰিছ নদী”ত খননৰ সময়ত পোৱা ভগৱান নৰসিংহ ৩০০০ বছৰ পুৰণি মূৰ্তি এইটো..! কিমানলৈ পলাবা? য’লৈকে যাবা আমাকেই পাবা, কিয়নো সমগ্ৰ বিশ্বই শ্ৰীৰামৰ। জয় শ্ৰী ৰাম 🙏🙏🙏”

এই পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

আমি অনুসন্ধান আৰম্ভ কৰিয়েই গুগল ৰিভাৰ্চ ইমেজ ব্যৱহাৰ কৰিছিলো। আমি এই ছবিখন virtourist.com নামৰ এটা ভ্ৰমণ ৱেবছাইটত লাভ কৰিলো। ছবিখনৰ সৈতে লিখা বৰ্ণনা অনুসৰি, ছবিখন বালিৰ কুটা বীচৰ ওচৰৰ এটা মন্দিৰৰ মূৰ্তিৰ।

তদুপৰি আমি কী-ৱৰ্ড আৰু কীফ্ৰেমৰ সৈতে গুগল ৰিভাৰ্চ ইমেজত বিচাৰ খোচাৰ কৰোতে আমি গুগল মেপতো এই ছবিখন আন এটা কোণৰ পৰাও লাভ কৰিছিলো। এই ছবিখনৰ সৈতে দিয়া তথ্য অনুসৰি, ছবিখন ইণ্ডোনেছিয়াৰ বালিত থকা পুৰা দালেম আৰু পুৰা পেনাটাৰণ দেশা আদাত কুটা মন্দিৰৰ।

এই সন্দৰ্ভত অধিক স্পষ্ট তথ্য লাভ কৰিবৰ বাবে আমি বালি পৰ্যটন বিভাগৰ জনসংযোগ বিষয়া আৰু ভ্ৰমণ বিশেষজ্ঞ আৰ চন্দ্ৰাৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক জনায় যে এই মূৰ্তিটো বালিৰ কুট্টা বীচৰ দালেম মন্দিৰত আছে।

কী-ৱৰ্ডেৰে আমি এই সন্দৰভত অধিক বিচাৰ-খোচাৰ কৰাত আমি জানিব পাৰো যে “দক্ষিণ-পূৰ্বাঞ্চলত খনন কাৰ্য চলোৱাৰ সময়ত ৩০০০ বছৰ পুৰণি এক বিশাল প্ৰতিমা উদ্ধাৰ হৈছিল, যিটো আইকোছক্লাজমৰ সময়ত আংশিকভাৱে নষ্ট হৈ গৈছিল। জনশ্ৰুতি অনুসৰি এয়া লৌহ যুগৰ দেৱী আছিল, অথবা কোনো ৰাজনৈতিক নেতাৰ প্ৰতিমূৰ্তি আছিল।” এই মূৰ্তিটোৰ ভাইৰেল হোৱা পোষ্টৰ বিৱৰণীৰ সৈতে মিল নাই।

এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ Govind ParasRam Vyas ৰ ছ’চিয়েল স্কেনিংৰ পৰা জনা যায় যে এই ইউজাৰগৰাকী যোধপুৰ নিবাসী।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। দৰাচলতে এই মূৰ্তি ইণ্ডোনেছিয়াৰ এক হিন্দু মন্দিৰৰহে। এই মূৰ্তি তুৰ্কী-ছিৰিয়াৰ সীমান্তত হোৱা খননকাৰ্যত লাভ কৰা নাই।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস