X
X

Fact Check: গোৱালিয়ৰৰ টিলাৰ ফটোবোৰকে কৰ্ণাটকৰ মছজিদৰ তলৰ পৰা ওলোৱা জৈন মন্দিৰ বুলি ভাইৰেল কৰা হৈছে

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এইবোৰ গোৱালিয়ৰৰ ভিতৰৰ ছবিহে।

নতুন দিল্লী (Vishvas News) ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ৪ খন ফটোৰ এটা ক’লাজ ভাইৰেল হৈ আছে, য’ত কিছুমান লোকক এটা পুৰণি অট্টালিকা পৰিদৰ্শন কৰা দেখা গৈছে। ছবিবোৰত ভগৱান মহাবীৰৰ মূৰ্তিবোৰ প্ৰধানতঃ দেখা গৈছে। পোষ্টটো কৰ্ণাটকৰ ৰাইচুৰৰ এখন আলোকচিত্ৰ বুলি দাবী কৰা হৈছে, য’ত জৈন মন্দিৰ এটা মছজিদৰ তলৰ পৰা উদ্ভৱ হৈছে। বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুল  বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এইবোৰ গোৱালিয়ৰৰ অন্তৰ্ভাগৰ ছবি।

কি এই ভাইৰেল পোষ্ট

এই ভাইৰেল পোষ্টটোৰ সৈতে দাবী কৰা হৈছে – “কৰ্ণাটকৰ ৰায়চূড়ত সৌন্দৰ্যবৰ্ধনৰ বাবে মছজিদ ভঙা হৈছে…সেই মছজিদৰ তলৰ পৰা উদ্ভৱ হৈছে জৈন মন্দিৰ…😳”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান আমি অনুসন্ধানৰ বাবে প্ৰথমেই গুগল ৰিভাৰ্চ ইমেজত এই ফটোবোৰ বিচাৰিছিলোঁ। আমি এই সকলোবোৰ ছবিয়েই ইণ্টাৰনেটত পাইছিলোঁ। আটাইবোৰ ছবি গোৱালিয়ৰ ফৰ্টত লোৱা। ছবিবোৰ সঠিকভাৱে পৰীক্ষা কৰাৰ পিছত, আমি দেখিছিলো যে প্ৰথম, দ্বিতীয় আৰু তৃতীয় ছবিকেইখন একে ঠাইৰ, আপুনি বিভিন্ন কোণৰ পৰা তলৰ ক’লাজবোৰত এই সাদৃশ্যবোৰ দেখা পাব।

আমি ক’লাজত দেখা চতুৰ্থ খন ছবিৰ বাবে গুগল ৰিভাৰ্চ ইমেজ অনুসন্ধান কৰিছিলো আৰু ইয়াক fineartamerica.com পাইছিলোঁ। এই ছবিখনৰ সৈতে দিয়া বৰ্ণনা অনুসৰি, এই ছবিখন গোৱালিয়ৰ ফৰ্টৰ।

বিষয়টো নিশ্চিত কৰিবলৈ আমি দৈনিক জাগৰণৰ গোৱালিয়ৰৰ ইনপুট হেড বলৰাম চোনি সৈতে যোগাযোগ কৰিছিলোঁ। “এই ছবিবোৰ গোৱালিয়ৰ ফৰ্টত নিৰ্মিত মন্দিৰৰ বুলি তেওঁ আমাক নিশ্চিত কৰে। বলৰাম চোনীয়ে গোৱালিয়ৰৰ এজন প্ৰখ্যাত বুৰঞ্জীবিদ আশীষ দ্বিবেদীৰ সৈতেও কথা পাতিছিল। তেওঁ জনাইছিল যে এই ছবিবোৰ গোৱালিয়ৰ ফৰ্টৰ। ৰজা দুংগৰেন্দ্ৰ সিং টোমৰৰ (১৪২৫-১৪৫৯) সময়ত গোৱালিয়ৰ ফৰ্টত এই মূৰ্তিসমূহ স্থাপন কৰা হৈছিল। বলৰাম চোনীয়েও আমালৈ এই ফৰ্টৰ ছবি প্ৰেৰণ কৰিছিল। এইবোৰ তলত চাব পাৰিব। ছবিবোৰ ভাইৰেল পোষ্টত দেখাৰ দৰে একে কোণৰ পৰা লোৱা হৈছিল।

এই পোষ্টটো ছ’চিয়েল মিডিয়াত বহু লোকে বিভিন্ন ভুৱা দাবীৰে সৈতে ভাইৰেল কৰি আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে BENGAL TIGER NEXT CM OF BENGAL (suvendu adhikari) নামৰ এটা ফে’চবুক পেজ। ছ’চিয়েল স্কেনিংৰ পৰা আমি জানিব পাৰো যে ফে’চবুকৰ এই গ্ৰুপটোত ১৬ হাজাৰ ফল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এইবোৰ গোৱালিয়ৰৰ ভিতৰৰ ছবিহে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later