X
X

Fact Check : কন্ঠশিল্পী মিকা সিঙৰ মৃত্যুৰ উৰাবাতৰি বিয়পোৱা পোষ্ট ভুৱা

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি মিকা সিঙৰ মৃত্যুৰ প্ৰতিবেদন ভুৱা আছিল।

বিশ্বাস নিউজ (নতুন দিল্লী) । কন্ঠশিল্পী মিকা সিঙৰ মৃত্যুৰ উৰাবাতৰি শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হোৱা দেখা গৈছে। পিছে, আমাৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি মিকা সিঙৰ অৱস্থা সম্প্তি সুস্থ আৰু কুশলে আছে তেওঁ। তেওঁৰ মৃত্যুৰ বিষয়ে ভাইৰেল হৈ থকা পোষ্টটো এটা ভুৱা বাতৰিহে।

কি এই ভাইৰেল পোষ্ট

ফেচবুক ব্যৱহাৰকাৰী ‘Sudhu Tor Nam’ এ ১৯ জুনত মিকাৰ এখন ফটো শ্বেয়াৰ কৰিছিল য’ত “RIP MIKA SINGH REST IN PEACE SIR” বৰ্ণনা আছিল “কাম বেক মিকা ছাৰ”

ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওক।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে গুগল চাৰ্চৰ সহায় লৈ উৰাবাতৰিটোৰ সত্যতা নিৰ্ণয়ৰ কাম আৰম্ভ কৰে। আমি মিকাৰ মৃত্যুৰ এনে কোনো খবৰ ক’তো পোৱা নাছিলো। মিকা সিং এক বিশাল ব্যক্তিত্ব আৰু যদি তেওঁৰ এনে কোনো ঘটনা সংঘটিত হ’লহেতেন, তেন্তে সেয়া নিশ্চিত ৰূপত সংবাদ মাধ্যমত প্ৰকাশ পালেহেঁতেন।

আমি মিকাৰ ইনষ্টাগ্ৰাম একাউণ্ট স্কেন কৰিছিলোঁ। ইয়াত তেওঁ আজি, ২১ জুনত তেওঁৰ ইনষ্টাগ্ৰামত পোষ্টবোৰ শ্বেয়াৰ কৰি আছে। একেদৰে, তেওঁ টুইটাৰতো যথেষ্ট সক্ৰিয়। তেওঁ আজিও ইয়াত কেইবাটাও পোষ্ট টুইট আৰু ৰিটুইট কৰিছে। ফেচবুকত মিকাৰ পোষ্টবোৰ আজি অৰ্থাৎ ২১ জুনত দেখা যাব।

বিশ্বাস নিউজে ভাইৰেল পোষ্টটোৰ সত্যতা জানিবলৈ দৈনিক জাগৰণৰ বাবে মনোৰঞ্জন শিতান কভাৰ কৰা মুখ্য সংবাদদাতা স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰে। তেওঁ বিশ্বাস নিউজক কৈছিল যে মিকা কুশলে আছে। আৰু এই পোষ্টটো ভুল।

মিকাৰ বিজনেছ মেনেজাৰেও বিশ্বাস নিউজক কয় যে বাতৰিটো ভুৱা আছিল। মিকা কুশলে আছে।

পোষ্টটো ফেচবুকত Sudhu Tor Nam নামৰ এটা পৃষ্ঠাৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছিল। পৃষ্ঠাটোৰ ফেচবুকত ১৮৬ হাজাৰ অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি মিকা সিঙৰ মৃত্যুৰ প্ৰতিবেদন ভুৱা আছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later