X
X

Fact Check: শ্বাহৰুখ খানৰ পুৰণি ছবিখন সম্পাদনা কৰি মিছা দাবীৰে ভাইৰেল

এই ভাইৰেল পোষ্টটোৰ ওপৰত কাৰা বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত আমি দেখিছিলো যে এই দাবীটো ভুৱা আছিল। প্ৰকৃত ছবিখন ২০১৭ চনৰ। শ্বাহৰুখৰ চকু এই ছবিখনত সম্পাদনা সঁজুলিৰ সহায়ত ৰঙা কৰা হৈছে।

নতুন দিল্লী (বিশ্বাস নিউজ) || শেহতীয়াকৈ সামাজিক মাধ্যমত এখন ছবি ভাইৰেল হৈ আছে, য’ত শ্বাহৰুখ খানক এক বিব্ৰত ৰূপত দেখা গৈছে। ছবিখনত শ্বাহৰুখৰ চকু ৰঙা পৰি থকা দেখা যোৱাৰ উপৰিও তেওঁৰ মুখমণ্ডলো বিবৰ্ণ দেখা গৈছে। পোষ্টটো শেহতীয়া ছবি বুলি দাবী কৰা হৈছে আৰু আৰয়ান খানক আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছতে শ্বাহৰুখ খানৰ এনে পৰিস্থিতি হোৱা বুলি উল্লেখ কৰা হৈছে। পিছে, বিশ্বাস নিউজৰ পৰীক্ষাত এই দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰকৃত ছবিখন ২০১৭ চনৰ। শ্বাহৰুখৰ চকু এই ছবিখনত সম্পাদনা সঁজুলিৰ সহায়ত ৰঙা কৰা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ Idiotic Minds এ এই ফটোখন শ্বেয়াৰ কৰিছে, য’ত কেপশ্যন হিচাপে লিখা হৈছে – সন্তানৰ চিন্তাত..।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।

অনুসন্ধান

আমাৰ অনুসন্ধান আৰম্ভ কৰি, আমি প্ৰথমে গুগল ৰিভাৰ্চ ইমেজ ছাৰ্ছৰ যোগেদি এই ভাইৰেল ফটোখন অনুসন্ধান কৰিছিলো। আমি এই ছবিখন ইণ্ডিয়া টুডে ৰ ৱেবছাইটত ২০১৭ চনৰ এটা প্ৰতিবেদনত দেখিবলৈ পাইছিলো। বাতৰিটোত শ্বাহৰুখ খানৰ চকু ৰঙা নাছিল। এই বাতৰি অনুসৰি, ছবিখন আলিয়া ভাটৰ ২৪ তম জন্মদিনৰ।

আমি এই ছবিখন পাইছিলো কুইণ্টৰ ২০১৭ চনৰ এটা প্ৰতিবেদনতো দেখিবলৈ পাইছিলো, য’ত এই ছ্বিৰ বৰ্ণনা দিয়া হৈছিল আলিয়া ভট্টৰ ২৪ তম জন্মদিনৰ ছবি বুলি। এই প্ৰ্তিবেদনত উল্লেখ থকা ফটোখনত শ্বাহৰুখ খানৰ চকু ৰঙা নাছিল।

তদন্তলৈ আগবঢ়াই নি বিশ্বাস নিউজে মুম্বাইস্থিত দৈনিক জাগৰণৰ সাংস্কৃতিক শাখাৰ সাংবাদিক স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰে। তেওঁ কয় যে ছবিখন শেহতীয়া নহয়, ২০১৭ চনৰহে।

উল্লেখ্য যে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক মুম্বাই সমূদ্ৰ তীৰৰ এখন ক্ৰুজ জাহাজত ৰেভ পাৰ্টিৰ (Cruise ship Drugs Case) সময়ত ড্ৰাগছ জব্দ কৰাৰ অভিযোগৰ সৈতে সম্পৰ্কিত এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়িব পাৰিব।

শেষত, এই ভাইৰেল ফটো ফে’চবুকত শ্বেয়াৰ কৰা Idiotic Minds ৰ ছ’চিয়েল স্কেনিং কৰাত জানিবলৈ পাও যে এই পেজটোত ২,৩৩৮,১৬৩ ফে’চবুক ফ্ৰেণ্ডছ আছে।

নিষ্কৰ্ষঃ এই ভাইৰেল পোষ্টটোৰ ওপৰত কাৰা বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত আমি দেখিছিলো যে এই দাবীটো ভুৱা আছিল। প্ৰকৃত ছবিখন ২০১৭ চনৰ। শ্বাহৰুখৰ চকু এই ছবিখনত সম্পাদনা সঁজুলিৰ সহায়ত ৰঙা কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later