ফেক্ট চেক: পুৰণি এখন ভিডিঅ’ক অসমত অলপতে অজগৰ দেখা পোৱাৰ ভিডিঅ’ বুলি দাবি কৰি ভাইৰাল কৰা হৈ আছে।

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, সম্প্ৰতিকালৰ বুলি দাবি কৰা অজগৰ ওলোৱাৰ যিখন ভিডিঅ’ ভাইৰাল কৰা হৈ আছে, এয়া আনুমানিক এক বছৰ পুৰণী।

ফেক্ট চেক: পুৰণি এখন ভিডিঅ’ক অসমত অলপতে অজগৰ দেখা পোৱাৰ ভিডিঅ’ বুলি দাবি কৰি ভাইৰাল কৰা হৈ আছে।

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন পোষ্ট ভাইৰাল হৈ আছে, য’ত বিশাল আকৃতিৰ এটা অজগৰক ৰাস্তা পাৰ কৰি থকা অৱস্থাত দেখা পোৱা গৈছে। ভিডিঅ’’খনক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে, যে যোৱা সপ্তাহত অসমৰ গুৱাহাটীত অজগৰ এটাক ৰাস্তা পাৰ কৰি থকা অৱস্থাত কেমেৰাবন্দী কৰা হ’ল। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে অজগৰৰ যিখন ভিডিঅ’’ সম্প্ৰতিকালৰ বুলি ভাইৰাল কৰা হৈ আছে, সেইটো আনুমানিক এবছৰ পুৰণী।

ভাইৰাল পোষ্টত কি আছে

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখনক শ্বেয়াৰ কৰি লিখিছে যে, “গভীৰ জঙ্গলক ধ্বংস কৰি মানুহৰ জঙ্গল গঢ়ি তোলাৰ ফলাফল হ’ল চিতাবাঘ, হৰিণ আৰু হাতীৰ পিছত এইবাৰ বাটতে ঘুৰি থকা দেখা গ’ল বৃহৎ আকৃতিৰ এটা অজগৰ। গুৱাহাটীৰ সাতগাঁওত ৰাতিৰ ভাগত ৰাস্তাত দেখা গ’ল 30 ফুট দীঘল এটা অজগৰ।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণীত আমি পুনপ্ৰথমতে ভিডিঅ’’খনক ইনভিড টুলত আপল’ড কৰিলো আৰু কিছুমান কিফ্ৰেম ওলালো আৰু সেইসমূহক গুগ’ল লেঞ্চৰ জৰিয়তে বিছাৰিলো। বিছাৰি থাকোতে আমি এই ভিডিঅ’’খন‘SV5 TVNews’ নামৰ ইউটিউব চেনেলত পালো। এই ভিডিঅ’’খন 6 মাৰ্চ 2022 ত আপল’ড কৰা হৈছিল আৰু ভিডিঅ’ ৰ লগত থকা তথ্য অনুসৰি,‘কৰ্ণাটকৰ কাৰৱাৰত 12 দীঘল অজগৰ ৰাস্তা পাৰ কৰি থকা অৱস্থাত।’

https://www.youtube.com/watch?v=Ao4HZk1-XhA

তদন্ত কাৰ্যত V6 News Telugu ৰ ভেৰিফাইড ইউটিউব চেনেলতও এই ভিডিঅ’ পোৱা গ’ল। ইয়াত ভিডিঅ’’খনক 6 মাৰ্চ 2022 ত আপল’ড কৰি, ঘটনাটো অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ বুলি কোৱা হৈছে।

এই ভিডিঅ’খন আমি গুজৰাটী ওৱেবচাইট দিব্যভাষ্কৰতও পালো। তাত ভিডিঅ’খনক দহ মাহ আগত আপলড হোৱা সংবাদৰ লগত পোষ্ট কৰা হৈছে। সংবাদৰ লগত থকা তথ্য মতে, এইখন গুজৰাটৰ বিলিমাড়াৰ ধাকৱাড়া গাওঁত অজগৰ দেখা পোৱাৰ ভিডিঅ’’।

ভাইৰাল পোষ্টখনক গুৱাহাটীৰ সাঁতগাঁওৰ সম্প্ৰতিকালত ঘটা ঘটনা বুলি ভাইৰাল কৰা হৈ আছে। ইয়াৰ নিশ্চিতকৰণৰ বাবে আমি সাঁতগাঁও বন বিভাগৰ বিট অফিছাৰৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জঁনালে যে, “এয়া সম্প্ৰতিকালৰ ভিডিঅ’ নহয়। যদি এনে এডাল দীঘল সাঁপ পোৱা গ’ল হেঁতেন তেন্তে এয়া বাতৰিৰ শীৰ্ষত থাকিলে হেঁতেন।”

ভাইৰাল ভিডিঅ’ সন্দৰ্ভত ৰেঞ্জ অফিছাৰে আমাক জঁনালে যে,“যোৱা দুই তিনি মাহত এনে কোনো অজগৰ ওলোৱা নাই।”

বিশ্বাস নিউজে ব্যক্তিগতভাবে এই ভিডিঅ’ ৰ স্থান নাইবা সময় লই কোনো নিশ্চিত তথ্য প্ৰদান কৰাৰ দাবি নঁজনায়, কিন্তু সামাজিক মাধ্যমত কেইমাহ মান ধৰি এয়াৰ প্ৰচাৰ চলিছে।

ভিডিঅ’ক ভুৱা দাবিৰ সৈতে শ্বেয়াৰ কৰা ফেচবুক পেজ Axom Sangbad  ৰ ছছিয়েল ষ্কেণিং কৰাৰ পিছত আমি জানিলো যে, এই পেজখনক 13 লক্ষ এহেজাৰ মানুহে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, সম্প্ৰতিকালৰ বুলি দাবি কৰা অজগৰ ওলোৱাৰ যিখন ভিডিঅ’ ভাইৰাল কৰা হৈ আছে, এয়া আনুমানিক এক বছৰ পুৰণী।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস