X
X

Fact Check: উত্তৰ প্ৰদেশত ধৰ্ষণকাৰীক গুলীয়াই হত্যাৰ পুৰণি খবৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল

উপসংহাৰঃ উত্তৰ প্ৰদেশৰ ৰামপুৰত ধৰ্ষণকাৰীক গুলীয়াই হত্যা কৰাৰ খবৰ প্ৰায় দুবছৰ পুৰণি। অভিযুক্তজন নিহত হোৱা নাছিল, উত্তৰ প্ৰদেশ আৰক্ষীৰ সংঘৰ্ষত আঘাতপ্ৰাপ্তহে হৈছিল। আদালতে পিছত অভিযুক্তজনক ছোৱালীজনীৰ ধৰ্ষণ আৰু হত্যাৰ বাবে দোষী বুলি মৃত্যুদণ্ড প্ৰদান কৰিছিল। পুৰণি বাতৰিটো মিছা দাবীৰে এতিয়া ভাইৰেল কৰা হৈছে।

  • By: ameesh rai
  • Published: Jun 27, 2021 at 07:09 PM

বিশ্বাস নিউজ (নতুন দিল্লী) ||  উত্তৰ প্ৰদেশত আৰক্ষীৰ সংঘৰ্ষ সম্পৰ্কীয় এটা পোষ্ট সামাজিক মাধ্যমত শেহতীয়াকৈ শ্বেয়াৰ কৰি থকা হৈছে। পোষ্টটোত দাবী কৰা হৈছে যে ৰামপুৰৰ এছ পি অজয়পাল শৰ্মাই এগৰাকী ৬ বছৰীয়া ছোৱালীৰ ধৰ্ষণকাৰীৰ মুখামুখি হৈ হত্যা কৰিছিল। বিশ্বাস নিউজৰ তদন্তত এই দাবীটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। গোচৰটো প্ৰায় দুবছৰ পুৰণি। ৰামপুৰ আৰক্ষীয়ে তেতিয়া এটা এনকাউণ্টাৰৰ পিছত এজন ধৰ্ষণৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্তজন অৱশ্যে এনকাউণ্টাৰত নিহত হোৱা নাছিল, গুৰুতৰভাৱে আঘাতপ্ৰাপ্তহে হৈছিল। এইটো পুৰণি ঘটনাই এতিয়া মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ পুষ্পেন্দ্ৰ সিং চৌহানে বিগত ২৩ জুন ২০২১ তাৰিখে এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰিছিল। ভাইৰেল পোষ্ট অনুসৰি, ই হৈছে News India 1 চেনেলৰ ব্ৰেকিং প্লেট। ইয়াত কোৱা হৈছে যে দেশত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এজন ধৰ্ষণকাৰীক গুলীয়াইছে। এই ব্ৰেকিং প্লেটটো শ্বেয়াৰ কৰি, ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘উত্তৰ প্ৰদেশত নিৰ্বাচন সমাগত, কিন্তু বাবাজীয়ে নিৰ্ভীকভাৱে নিজৰ কাম কৰি গৈছে, জয় যোগীৰাজ❣️💪😂 👇 ৰামপুৰৰ আৰক্ষী অধীক্ষক অজয়পাল শৰ্মাজীয়ে ৬ বছৰীয়া শিশু এগৰাকীৰ বলাৎকাৰী মহম্মদ নাজিকৰ ৩ জাই গুলীৰে থকা-সৰকা কৰি সিপুৰী পোৱালেগৈ…#up_police #ajaypalsharma.. SP অজয় পাল শৰ্মালৈ আমাৰ সকলোৰে তৰফৰ পৰা সহৃদয় ধন্যবাদ তথা সন্মান জনাইছোঁ। 🙏🙏’।

এই পোষ্টত থকা কথাখিনিকে ভিন ভিন ধৰণে উপস্থাপন কৰা হৈছে। এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব। ফে’চবুক ইউজাৰ Amit Rathoreগোপাল মহাত্মা আৰু Niharika Rajpoot -এও একেই ভাইৰেল দাবী শ্বেয়াৰ কৰিছে।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ব্ৰেকিং প্লেটত লিখা কথাখিনিৰ বাবে গুগলত এটা মুকলি অনুসন্ধান চলাইছিল। আমি ২৩ জুন, ২০১৯ তাৰিখে News India 1 নামৰ এটা ইউটিউব চেনেলত পোষ্ট কৰা এটা ভিডিঅ’ প্ৰতিবেদন পাইছিলোঁ। প্ৰতিবেদনত কোৱা হৈছে যে আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ ৰামপুৰত ধৰ্ষণকাৰীজনক গুলীয়াই আহত কৰাৰ পিছত গ্ৰেপ্তাৰ কৰিছে। ভিডিঅ’ প্ৰতিবেদন অনুসৰি, অভিযানটোৰ নেতৃত্ব দিছিল ৰামপুৰৰ এছ পি অজয়পাল শৰ্মাই। প্ৰতিবেদনত, অজয়পাল শৰ্মা এজন এনকাউণ্টাৰ বিশেষজ্ঞ বুলি কোৱা হৈছে। ব্ৰেকিং প্লেটৰ ভাইৰেল স্ক্ৰীণশ্বটটো এই ভিডিঅ’টোৰ পৰা লোৱা হৈছে। এই পুৰণি ভিডিঅ’ প্ৰতিবেদনত কতো উল্লেখ নাই যে অভিযুক্তজন এনকাউণ্টাৰত নিহত হৈছিল। এই প্ৰতিবেদন তলত দেখা গৈছে।

https://youtu.be/g1CJ15XH1RQ

এই তথ্যৰ ওপৰত ভিত্তি কৰি, আমি বিষয়টো ইণ্টাৰনেটত অধিক অনুসন্ধান কৰিছিলোঁ। আমি ২৪ জুলাই, ২০১৯ তাৰিখে আমাৰ ভগ্নী-প্ৰতিষ্ঠান দৈনিক জাগৰণৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন পাইছিলোঁ। এই পুৰণি প্ৰতিবেদনত ভাইৰেল ঘটনাটোও উল্লেখ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ৰামপুৰৰ চিভিল লাইনছ আৰক্ষী থানা এলেকাত ৭ মে, ২০১৯ তাৰিখে এগৰাকী ছবছৰীয়া ছোৱালী নিৰুদ্দেশ হৈছিল। তেওঁৰ মৃতদেহ ২১ জুন, ২০১৯ তাৰিখে উদ্ধাৰ কৰা হৈছিল। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছিল যে মহম্মদ নাজিল নামৰ এজন স্থানীয় যুৱকে ছোৱালীজনীক ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত তাইক হত্যা কৰিছিল আৰু মৃতদেহটো লুকুৱাই ৰাখিছিল। অভিযুক্ত যুৱকজনক আৰক্ষীয়ে ভৰিত গুলী মাৰিছিল আহত কৰিছিল আৰু ইয়াৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল। এই প্ৰতিবেদনটো  ইয়াত ক্লিক কৰি চাব পাৰিব।

একেদৰে, দৈনিক জাগৰণৰ ১০ জানুৱাৰী, ২০২০ তাৰিখৰ এক পুৰণি প্ৰতিবেদনত ৰামপুৰৰ পৰা এছপি ড০ অজয় পাল শৰ্মাক স্থানান্তৰ কৰাৰ কথা উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত ৰামপুৰত তেওঁৰ ৭ মহীয়া কাৰ্যকালত তেওঁৰ কৰা কামৰ কথাও উল্লেখ কৰা হৈছে। ছোৱালীজনীৰ ধৰ্ষণ আৰু হত্যাৰ কথা উল্লেখ কৰি, আৰক্ষীয়ে এমাহৰ ভিতৰত আদালতৰ সন্মুখত কাৰ্যকৰীভাৱে অনুৰোধ জনাইছিল আৰু দোষীক মৃত্যুদণ্ড প্ৰদান কৰিছিল বুলি খবৰ পোৱা গৈছে। এই প্ৰতিবেদনটো ইয়াত ক্লিক কৰি চাব পাৰিব।

বিশ্বাস নিউজে এতিয়ালৈকে কৰা অনুসন্ধানে স্পষ্ট কৰি দিছিল যে এতিয়ালৈকে ভাগ বতৰা কৰা ৰামপুৰৰ ঘটনাটো প্ৰায় ২ বছৰ পুৰণি। তেতিয়া অজয় পাল শৰ্মা ৰামপুৰৰ এছপি আছিল, এতিয়া নহয়। অভিযুক্ত যুৱকজনক ছোৱালীজনীৰ ধৰ্ষণ আৰু হত্যাৰ সন্দৰ্ভত সংঘৰ্ষৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু তেওঁ প্ৰাণ হেৰুওৱা নাছিল। তেওঁক ভৰিত গুলী মাৰিছিল আৰক্ষীয়ে। পিছেত দোষীজনক মৃত্যুদণ্ড দিয়া হৈছিল।

বিশ্বাস নিউজে ভাইৰেল দাবী সন্দৰ্ভত ৰামপুৰৰ চিভিল লাইনচ আৰক্ষী থানাৰ SHO’ৰ সৈতে কথা পাতিছিল। তেওঁ এইটোও কৈছিল যে গোচৰটো পুৰণি আৰু ইতিমধ্যেই দোষীক আদালতৰ দ্বাৰা দণ্ডিত কৰা হৈছে।

বিশ্বাস নিউজে এই ভাইৰেল দাবীটো শ্বেয়াৰ কৰা ফে’চবুক ব্যৱহাৰকাৰী পুষ্পেন্দ্ৰ সিং চৌহানৰ প্ৰ’ফাইল স্কেন কৰাত লাভ কৰা তথ্য অনুসৰি ব্যৱহাৰকাৰীজন উত্তৰ প্ৰদেশৰ মৈনপুৰীৰ লোক। আৰু আমাৰ এই তথ্য পৰীক্ষা নোহোৱালৈকে এই প্ৰ’ফাইলটোৰ ৫০৭ জন অনুসৰণকাৰী আছিল।

নিষ্কৰ্ষঃ উপসংহাৰঃ উত্তৰ প্ৰদেশৰ ৰামপুৰত ধৰ্ষণকাৰীক গুলীয়াই হত্যা কৰাৰ খবৰ প্ৰায় দুবছৰ পুৰণি। অভিযুক্তজন নিহত হোৱা নাছিল, উত্তৰ প্ৰদেশ আৰক্ষীৰ সংঘৰ্ষত আঘাতপ্ৰাপ্তহে হৈছিল। আদালতে পিছত অভিযুক্তজনক ছোৱালীজনীৰ ধৰ্ষণ আৰু হত্যাৰ বাবে দোষী বুলি মৃত্যুদণ্ড প্ৰদান কৰিছিল। পুৰণি বাতৰিটো মিছা দাবীৰে এতিয়া ভাইৰেল কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later