Fact Check: বৃদ্ধ বন্দী বাবুৰাম বলৱান সিঙৰ হাতকেৰেয়া লগোৱা ফটো ভাইৰেল হৈছে ফাদাৰ ষ্টেন স্বামী বুলি

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল হৈ থকা ফটোখন স্বামী ষ্টেনৰ ছবি হিচাপে বৰ্ণনা কৰাৰ দাবী সম্পূৰ্ণ মিছা বুলি পৰিগণিত হৈছে। ফটোখন ইটা কাৰাগাৰৰ এজন বন্দীৰ সৈতে জড়িত এটা পুৰণি ঘটনাৰ সৈতে সম্পৰ্কীয়। ছবিখনত থকা ব্যক্তিজন হৈছে উত্তৰ প্ৰদেশৰ ইটা জিলা কাৰাগাৰত আজীৱন কাৰাদণ্ড ভোগ কৰা বন্দী বাবুৰাম বলৱান সিং, ফাদাৰ ষ্টেন স্বামী নহয়।

নতুন দিল্লী (বিশ্বাস নিউজ) । ফাদাৰ ষ্টেন স্বামীৰ নামত এজন বৃদ্ধ ব্যক্তিৰ ফটো ছচিয়েল মিডিয়াত কালিৰে পৰা ভাইৰেল হৈ আছে। ভাইৰেল ছবিখনত দেখা গৈছে যে এজন বৃদ্ধ ব্যক্তি চিকিৎসালয়ৰ বিচনাত ভৰি দুখনত হাতকেৰেয়া লগোৱা অৱস্থাত বহি আছে। ছ’চিয়েল মিডিয়া ইউজাৰসকলে এই বৃদ্ধজনক ফাদাৰ ষ্টেন স্বামী বুলি বৰ্ণনা কৰিছে, যাৰ অলপতে মৃত্যু হৈছে। ছবিখনক লৈ কৰা দাবীটো বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। ছবিখনত থকা ব্যক্তিজন হৈছে উত্তৰ প্ৰদেশৰ ইথা জিলা কাৰাগাৰত আজীৱন কাৰাদণ্ড ভোগ কৰি থকা বন্দী বাবুৰাম বলৱান সিং, এয়া ফাদাৰ ষ্টেন স্বামী নহয়।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক ইউজাৰ Rajesh Nokhwal এ ০৫ জুলাই তাৰিখে এগৰাকী বয়োজ্যেষ্ঠ লোকৰ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘ষ্টেন স্বামীৰ অৱস্থা সংকটজনক আছিল। পাৰ্কিনছন ৰোগৰ উপৰিও তেওঁ ক’ভিডতো আক্ৰান্ত হৈছিল। তথাপি এই পৰিস্থিতিতো, তেওঁৰ ভৰি এখন শিকলিৰে বিচনাত বান্ধি ৰাখিছিল। এই চৰকাৰ কিমান নিষ্ঠুৰ আৰু হত্যাকাৰী, তথাপি এগৰাকী ৮৪ বছৰীয়া বৃদ্ধৰ মনোবলৰ সমূখত হাৰ মানিবলৈ বাধ্য হৈছিল। ষ্টেন স্বামী আৰু নাই। তেওঁৰ বয়স আছিল ৮৪ বছৰ, যিদৰে চৰকাৰে তেওঁক কোনো অপৰাধ অবিহনে কাৰাগাৰত বন্দী কৰিছিল আৰু তেওঁক নিষ্ঠুৰ আৰু অকথ্য ব্যৱহাৰ কৰিছিল, সেয়া সদায় মনত ৰখা হ’ব। চৰকাৰে এটা কথা মনত ৰাখিব লাগে যে দমন-পীড়নে কেতিয়াও বিপ্লৱ দমন কৰিব নোৱাৰে। এয়া মোডীৰ স্বৈৰাচাৰী শাসন💐💐🙏🙏 অভিবাদনৰ আটাইতকৈ নিষ্ঠুৰ ছবি।” উল্লেখ্য যে তথ্য পৰীক্ষাৰ উদ্দেশ্যে, এই পোষ্টটোৰ শব্দবোৰ ইয়াত যেনেকৈ আছে তেনেকৈ লিখা হৈছে। এই পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

কালি ৮৪ বছৰীয়া সমাজকৰ্মী তথা ধৰ্মগুৰু ফাদাৰ ষ্টেন স্বামী ৰ মৃত্যু হয়। তেওঁ ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত আছিল আৰু মুম্বাই কাৰাগাৰত বন্দী আছিল। তেওঁৰ বয়স আৰু অসুস্থতাৰ কথা উল্লেখ কৰি তেওঁৰ হৈ উচ্চ ন্যায়ালয়ত এখন জামিন আবেদন দাখিল কৰা হৈছিল কিন্তু চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হৈছিল। ফাদাৰ ষ্টেন স্বামীৰ মৃত্যুৰ পিছত এই ছবিখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, যিয়ে দেখুৱাবলৈ চেষ্টা কৰিছে যে ফাদাৰ ষ্টেন স্বামীক চিকিৎসালয়ৰ বিচনাত বান্ধি থোৱা হৈছিল।

আমি প্ৰথমে এটা ভাইৰেল ছবিৰ সৈতে কৰা দাবীৰ অনুসন্ধান কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰিছিলোঁ। আমি ভাইৰেল ছবিখনৰ সৈতে সম্পৰ্কিত কেইবাটাও প্ৰতিবেদন পাইছিলোঁ। আমি এই ভাইৰেল ছবিখন ১৩ মে, ২০২১ তাৰিখে দ্য ইণ্ডিয়া টুডে ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনত পাইছিলোঁ। বাতৰি অনুসৰি, ছবিখনত থকা ব্যক্তিজনক উত্তৰ প্ৰদেশৰ ইটা জিলাত বন্দী হৈ থকা বন্দী বুলি বৰ্ণনা কৰা হৈছে। প্ৰতিবেদন অনুসৰি, এজন বৃদ্ধ বন্দীৰ অমানৱীয় আচৰণৰ ছবি ভাইৰেল হোৱাৰ পিছত কাৰাগাৰৰ সঞ্চালক প্ৰধানে কাৰাগাৰৰ ৱাৰ্ডেনক নিলম্বনো কৰিছিল। এই প্ৰতিবেদনত ইয়াত ক্লিক কৰি চাব পাৰিব।

আমি ১৩ মে, ২০২১ তাৰিখে এনডিটিভিৰ ৱেবছাইটত প্ৰকাশিত প্ৰতিবেদনত একেখন ছবি দেখিবলৈ পাইছিলোঁ। ইয়াত বৃদ্ধজনক বাবুৰাম বলৱান সিং নামৰ ইটা কাৰাগাৰৰ বন্দী বুলি বৰ্ণনা কৰা হৈছে। তেওঁ ইটা জিলা কাৰাগাৰত আজীৱন কাৰাদণ্ড ভোগ কৰি আছে। ২০২১ চনৰ মে’ মাহত, শ্বাস প্ৰশ্বাসত কষ্ট অনুভৱ কৰাৰ বাবে তেওঁক প্ৰথমে চিকিৎসাৰ বাবে আলিগড়লৈ প্ৰেৰণ কৰা হৈছিল। তেওঁক চিকিৎসাৰ বাবে ইটা জিলা চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল, সেই সময়ত তেওঁৰ বাবে তাত বিচনা বিচাৰি পোৱা নাছিল। এই প্ৰতিবেদনটো ইয়াত ক্লিক কৰি চাব পাৰিব।

আমি এই ছবিখন ১৮ জুন, ২০২১ তাৰিখে এনডিটিভিৰ এক প্ৰতিবেদনত পাইছিলোঁ। ইয়াত কোৱা হৈছে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে চিকিৎসাৰ সময়ত চিকিৎসালয়ৰ বিচনাত এজন বৃদ্ধ বন্দীক হাতকেৰেয়া পিন্ধোৱাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক জাননী জাৰি কৰিছে। এই প্ৰতিবেদনটো ইয়াত ক্লিক কৰি চাব পাৰি। 

এই ছবিখনৰ সৈতে কৰা দাবীৰ তদন্ত আগবঢ়াই, আমি ইয়াক ইটা জেইলৰ জেইলৰ কুলদীপ সিং ভাদোৰিয়াৰ সৈতে আলোচনা কৰিছিলোঁ। তেওঁ ফটোখন দেখিয়েই আমাক জনাইছিল যে ছবিখন বন্দী বাবুৰাম বলৱান সিঙৰ।

শেষত বিশ্বাস নিউজে এই ভাইৰেল ফটো শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ Rajesh Nokhwal ৰ প্ৰ’ফাইল স্কেন কৰে। জানিব পৰা মতে ই ইউজাৰগৰাকী হনুমানগড়ৰ বাসিন্দা আৰু এটা বিশেষ দলৰ সমৰ্থক।

(With inputs from Vivek Tiwari)

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল হৈ থকা ফটোখন স্বামী ষ্টেনৰ ছবি হিচাপে বৰ্ণনা কৰাৰ দাবী সম্পূৰ্ণ মিছা বুলি পৰিগণিত হৈছে। ফটোখন ইটা কাৰাগাৰৰ এজন বন্দীৰ সৈতে জড়িত এটা পুৰণি ঘটনাৰ সৈতে সম্পৰ্কীয়। ছবিখনত থকা ব্যক্তিজন হৈছে উত্তৰ প্ৰদেশৰ ইটা জিলা কাৰাগাৰত আজীৱন কাৰাদণ্ড ভোগ কৰা বন্দী বাবুৰাম বলৱান সিং, ফাদাৰ ষ্টেন স্বামী নহয়।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস