Fact Check: Ray-Ban ৰ বৰ্ষপূৰ্তি বিক্ৰীৰ দাবী কৰা গ্ৰাফিক্স ভুৱা

বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি RayBan কোম্পানীৰ বুলি কৰা দাবী সম্বলিত গ্ৰাফিক্স প্লেট ভুৱা বুলি প্ৰমাণিত হৈছে। RayBan কোম্পানীৰ ৮৪ তম বাৰ্ষিকী উদযাপন কৰা বুলি দাবী কৰা গ্ৰাফিক্সবোৰ ভুৱা। গ্ৰাফিক্সত উল্লেখ কৰা ৱেবছাইটটোও কোম্পানীৰ অফিচিয়েল ৱেবছাইট নহয়।

বিশ্বাস নিউজ (নতুন দিল্লী) । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন গ্ৰাফিক্স প্লেটত দাবী কৰা হৈছে যে ৮৪ তম বৰ্ষপূৰ্তি উপলক্ষে ৰে-বেন গ্লাছৰ বিক্ৰী আৰম্ভ কৰা হৈছে। গ্ৰাফিক্স অনুসৰি, ৰে-বেনে ৯০ শতাংশলৈকে ৰেহাই আগবঢ়াইছে, যি মাত্ৰ ২৪ ঘণ্টাৰ বাবে উপলব্ধ হ’ব। এই গ্ৰাফিক্সবোৰ বহুতো ব্যৱহাৰকাৰীয়ে বিভিন্ন তাৰিখত শ্বেয়াৰ কৰিছে। বিশ্বাস নিউজৰ তদন্তত দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। এইটো এটা কেলেংকাৰী আৰু গ্ৰাফিক্সত উল্লেখ থকা ৱেবছাইটটো ৰে-বেনৰ অফিচিয়েল ৱেবছাইট নহয়।

কি এই ভাইৰেল পোষ্ট?

এটা ভাইৰেল গ্ৰাফিক্সত ৰে’-বেন নামৰ কোম্পানীটোৱে ইয়াৰ ৮৪ তম বৰ্ষপূৰ্তি উপলক্ষে বিক্ৰী আৰম্ভ কৰিছে বুলি  ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা হৈছে। গ্ৰাফিক্স প্লেট অনুসৰি, ৰে’-বেনে ৯০ শতাংশ ৰেহাই আগবঢ়াইছে, যি মাত্ৰ ২৪ ঘণ্টাৰ বাবে উপলব্ধ থাকিব। এই পোষ্টটোৰ শিৰোনামটোত লিখা আছে, ‘বন্ধুসকল, আচৰিত হ’ব। আপুনিও আগ্রহী নে?’ এই পোষ্টৰ আর্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

আমি ৰে’-বেনৰ অফিচিয়েল ৱেবছাইট স্কেন কৰি ভাইৰেল দাবীৰ অনুসন্ধান আৰম্ভ কৰিছিলোঁ। আমি দেখিছিলো যে RayBan ৰ অফিচিয়েল ৱেবছাইট https://india.ray-ban.com/ হে। ভাইৰেল পোষ্টত উল্লেখ কৰা ৱেবছাইটটো কোম্পানীৰ অফিচিয়েল ৱেবছাইটতকৈ সম্পূৰ্ণ পৃথক। ভাইৰেল গ্ৰাফিক্সত দিয়া ৱেবছাইটটোক অফিচিয়েল ৱেবছাইট হিচাপে বৰ্ণনা কৰা হৈছে, যিটো ভুল।

যেতিয়া আমি ভাইৰেল দাবীত দিয়া ৱেবছাইটত ক্লিক কৰিছিলো, আমি এটা বিশেষ URL ত উপনীত হৈছিলো। লগতে, এটা সতৰ্কবাৰ্তা দেখুওৱা হৈছিল, য’ত লিখা আছে, সতৰ্কবাণী: ৱেবছাইট বন্ধ। আগতে এই ডমেইন ব্যৱহাৰ কৰা অনলাইন দোকানবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল আদালতৰ আদেশৰ দ্বাৰা ভুৱা ট্ৰেডমাৰ্কৰ সৈতে সামগ্ৰী বিক্ৰীক লৈ বন্ধ কৰি দিয়া হৈছে।

আমি বিষয়টোত ইমেইলযোগে ৰে’-বেন কোম্পানীৰ সৈতেও যোগাযোগ কৰিছিলো। তেওঁলোকে আমাক জনায় যে https://india.ray-ban.com/ এইটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আৰু ইয়াত ১০০% শুদ্ধ সামগ্ৰী আছে। তেওঁলোকৰ মতে, ভাইৰেল দাবীৰ ৱেবছাইটটো এটা SCAM।

আমি এই ভাইৰেল দাবীটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীজনৰ প্ৰ’ফাইল স্কেন কৰিছিলো। টুইটাৰৰ একাউণ্টটো ২০১৪ চনৰ ছেপ্টেম্বৰত সৃষ্টি কৰা হৈছিল।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি RayBan কোম্পানীৰ বুলি কৰা দাবী সম্বলিত গ্ৰাফিক্স প্লেট ভুৱা বুলি প্ৰমাণিত হৈছে। RayBan কোম্পানীৰ ৮৪ তম বাৰ্ষিকী উদযাপন কৰা বুলি দাবী কৰা গ্ৰাফিক্সবোৰ ভুৱা। গ্ৰাফিক্সত উল্লেখ কৰা ৱেবছাইটটোও কোম্পানীৰ অফিচিয়েল ৱেবছাইট নহয়।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস