X
X

Fact Check: BBC য়ে কেতিয়াও প্ৰকাশ কৰা নাই গোমূত্ৰৰ সৈতে ব্লেক ফাংগাছৰ সম্পৰ্কৰ কোনো প্ৰতিবেদন, সম্পাদিত ফটো ভাইৰেল

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত BBC ৰ নামত ব্যৱহৃত ভাইৰেল দাবীটো ভুৱা বুলি পৰিগণিত হৈছে। BBC য়ে ব্লেক ফাংগাছক গোমূত্ৰৰ সৈতে সংযোগ কৰি এনে কোনো প্ৰবন্ধ প্ৰকাশ কৰা নাই।

  • By: ameesh rai
  • Published: May 28, 2021 at 07:15 PM

বিশ্বাস নিউজ (নতুন দিল্লী) বিবিচিৰ এটা প্ৰবন্ধৰ এটা স্ক্ৰীণশ্বট শেহতীয়াকৈ ভাইৰেল হৈছে। ইয়াত গোমূত্ৰ সন্দৰ্ভত এটা প্ৰতিবেদন লিখা বুলি অভিযোগ কৰা হৈছে। প্ৰবন্ধটোত দাবী কৰা হৈছে যে ভাৰতীয় বিজ্ঞানীজনে ব্লেক ফাংগাছৰ ৯,০০০ টা ঘটনাৰ ক্ষেত্ৰতেই গৰুৰ প্ৰস্ৰাৱৰ এক সম্পৰ্ক বিচাৰি পাইছে। বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। BBC য়ে তেনে কোনো প্ৰবন্ধ কেতিয়াও প্ৰকাশ কৰা নাই। বিবিচিৰ নামৰ অপব্যৱহাৰ কৰি সম্পাদিত ছবিখন ভাইৰেল হৈ আছে।

 কি এই ভাইৰেল পোষ্ট

ফে’চবুক পেজ Kashmir live news এ ২৫ মে’২০২১ তাৰিখে এই ভাইৰেল স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰিছিল। এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব। ঠিক তেনেদৰে ফে’চবুক ইউজাৰ Wasim Khan এও ২৬ মে’ ২০২১ তাৰিখে এই ভাইৰেল স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰিছিল। এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল স্ক্ৰীণশ্বটটো ভালদৰে পৰীক্ষা কৰে। খবৰ অনুসৰি বিবিচিৰ প্ৰবন্ধত এই প্ৰবন্ধটোৰ স্ক্ৰীণশ্বটটোত বাইলাইন হিচাপে সৌতিক বিশ্বাস বুলি উল্লেখ কৰা হৈছে। বিশ্বাস নিউজে বিশিষ্ট লেখক সৌতিক বিশ্বাসৰ বিষয়ে বিবিচিৰ ছাইটত এটা অনুসন্ধান চলাইছিল। আমি ২৩ মে ২০২১ তাৰিখে তেওঁৰ বাইলাইনত প্ৰকাশিত এটা প্ৰতিবেদন পাইছিলো।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত প্ৰায় ৯০০০ লোক ব্লেক ফাংগাছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। এই প্ৰবন্ধটোত কোনো ঠাইতে গৰুৰ প্ৰস্ৰাৱ বা গোমূত্ৰৰ কথা উল্লেখ কৰা হোৱা নাই। মূল প্ৰবন্ধটো ইয়াত ক্লিক কৰি চাব পাৰিব। বিশ্বাস নিউজে বিবিচি ৱেবছাইটত প্ৰকাশিত ভাইৰেল স্ক্ৰীণশ্বট আৰু প্ৰকৃত প্ৰতিবেদনৰ তুলনা কৰিছিল। বিবিচিৰ ৱেবছাইটত প্ৰকাশিত প্ৰতিবেদনৰ প্ৰথম অনুচ্ছেদটো এতিয়াও স্পষ্টভাৱে দৃশ্যমান হৈ আছে, কিন্তু ভাইৰেল স্ক্ৰীণশ্বটৰ ক্ষেত্ৰত এনে নহয়। ইয়াৰ উপৰিও, ভাইৰেল স্ক্ৰীণশ্বটৰ ফণ্টৰ আকাৰ আৰু প্ৰকৃত প্ৰতিবেদনৰ মাজৰ পাৰ্থক্যও ইয়াত তলত সহজে দেখা যাব।

উল্লেখ্য যে বিশ্বাস নিউজে সৌতিক বিশ্বাসৰ ছ’চিয়েল মিডিয়া হেণ্ডেলবোৰো স্কেন কৰিছিল। আমি তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেল বা ফেচবুক প্ৰফাইলত তেনে কোনো প্ৰতিবেদন পোৱা নাছিলো। ইয়াৰ বিপৰীতে, আমি সৌতিক বিশ্বাসৰ হেণ্ডেলতে আন এজন টুইটাৰ ব্যৱহাৰকাৰীৰ ৰিপ্লাই দেখিবলৈ পাইছিলোঁ। Ziya (@writeziya) নামৰ এটা টুইটাৰ হেণ্ডেলে এই ভাইৰেল স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি সৌতিক বিশ্বাসক টেগ কৰি প্ৰশ্ন কৰিছে যে এই বাতৰি তেওঁৰ নেকি? সৌতিক বিশ্বাসে ততালিকে উত্তৰ দি কৈছ যে এয়া সম্পূৰ্ণ ভুৱা বাতৰি। টুইটাৰত হোৱা এই প্ৰশ্নোত্তৰ তলত চাব পাৰিব।

বিশ্বাস নিউজে ভাইৰেল স্ক্ৰীণশ্বট সন্দৰ্ভত সৌতিক বিশ্বাসৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিছিল। তেওঁ আমাক জনায় যে এইটো এটা ভুৱা বাতৰি। বিশ্বাস নিউজেও এই সন্দৰ্ভত মেইলযোগে বিবিচিৰ সৈতে যোগাযোগ কৰিছিল। বিবিচিৰ মুখপাত্ৰজনে আমাক জনায় যে এইটো এটা ভুৱা পোষ্ট। তেওঁ লগতে কয় যে আমি পাঠকসকলক আমাৰ ৱেবছাইট bbc.com/news চাবলৈ কৰিবলৈ অনুৰোধ জনাইছো।

বিশ্বাস নিউজে এই ভাইৰেল স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ ৱাছিম খানৰ প্ৰ’ফাইল স্কেন কৰিছিল। ব্যৱহাৰকাৰীজন উত্তৰ প্ৰদেশৰ ৰামপুৰৰ বাসিন্দা আৰু এই তথ্য পৰীক্ষা কৰাৰ পৰলৈকে এই প্ৰ’ফাইলটোৰ ৩২৮ জন ফ’ল’ৱাৰ্ছ আছিল।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত BBC ৰ নামত ব্যৱহৃত ভাইৰেল দাবীটো ভুৱা বুলি পৰিগণিত হৈছে। BBC য়ে ব্লেক ফাংগাছক গোমূত্ৰৰ সৈতে সংযোগ কৰি এনে কোনো প্ৰবন্ধ প্ৰকাশ কৰা নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later