X
X

Fact Check : ধুমুহা ট’টেৰ নামত বহু পুৰণি ভিডিঅ’ ভাইৰেল

উপসংহাৰ: ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। বছৰ বছৰ ধৰি ইণ্টাৰনেটত থকা এই ভিডিঅ’টো গুজৰাটৰ বুলি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।

বিশ্বাস নিউজ (নতুন দিল্লী)  সমগ্ৰ দেশেই ক’ভিডৰ বাবে এক দুৰ্বিসহ সময় পাৰ কৰিবলগীয়া হৈছে যদিও একাংশ লোকে ছ’চিয়েল মিডিয়াত ভুৱা পোষ্ট শ্বেয়াৰ কৰাৰ লোভ এতিয়াও সামৰিব পৰা নাই। শেহতীয়াকৈ এতিয়া গুজৰাটৰ আমৰেলীৰ নামত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। দাবী কৰা হৈছে যে ভিডিঅ’টোত থকা দলংখন ৰাজুলা, আমৰেলীৰ। ভিডিঅ’টোত দলঙৰ ওপৰত পানীৰ বিশাল ঢৌ দেখা গৈছে। ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে।

এই অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি গুজৰাটৰ নামত ভাইৰেল হোৱা এটা ভিডিঅ’ বহু বছৰ ধৰি ইণ্টাৰনেটত আছে। এই ভিডিঅ’টো কেতিয়াবা মহাৰাষ্ট্ৰৰ নামত আৰু কেতিয়াবা তামিলনাডুৰ নামত ভাইৰেল কৰা হৈছে। আমাৰ অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি গুজৰাটৰ আমৰেলীৰ নামত ট’টে ধুমুহাৰ সৈতে জড়িত পোষ্টটো মিছা।

কি এই ভাইৰেল পোষ্ট

টুইটাৰ হেণ্ডেল সূৰ্যৰেখা (@suryarekha.in) ই ১৭ মে’ তাৰিখে এটা ভিডিঅ’ আপলোড কৰি এয়া গুজৰাটৰ বুলি উল্লেখ কৰিছে। ইউজাৰগৰাকীয়ে লিখিছে –  ‘গুজৰাটৰ ৰাজুলা, আমৰেলীত ট’টেৰ তাণ্ডৱ।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

 

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ভিডিঅ’টো InVid টুলত আপলোড কৰে আৰু ইয়াৰ পৰা ভালেমান গ্ৰেব উলিয়াই লয়। তাৰ পিছতে আমি পুনৰ Yandex তো ইয়াৰ অনুসন্ধান কৰো। অনুসন্ধানকালত, আমি ভিডিঅ’টো মুম্বাইৰ নামত ভাইৰেল হোৱা দেখিছিলো। ৫ ডিচেম্বৰ, ২০১৭ তাৰিখে এটা ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ’টো বান্দ্ৰাৰ বুলি জনা গৈছিল। আপুনি ইয়াত ইয়াত ক্লিক কৰি এয়া চাব পাৰে।

একেদৰে, আমি এই ভিডিঅ’টোৱেই ৰামেশ্বৰমৰ নামতো ভাইৰেল হোৱা দেখিবলৈ পাইছিলো। এইটো এটা ইউটিউব চেনেলে ১৬ নৱেম্বৰ ২০১৮ তাৰিখে আপলোড কৰিছিল। আপুনি ইয়াত ইয়াত সেই ভিডিঅ’টো চাব পাৰিব।

আমাৰ অনুসন্ধান আগবঢ়াই নি গুজৰাটৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত নেমাৰ সৈতে যোগাযোগ কৰিছিলোঁ। ভাইৰেল ভিডিঅ’টো তেওঁলোৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক কৈছিল যে এই ভিডিঅ’টো ইয়াৰ পূৰ্বেও বহুবাৰ বিভিন্ন ঠাইৰ নামত ভাইৰেল হৈ আহিছে। ভিডিঅ’টোৰ সৈতে গুজৰাটৰ ট’টে বা আমৰেলীৰ কোনো সম্পৰ্ক নাই।

অনুসন্ধানৰ সময়ত আমি Jagran.com এটা বাতৰিও দেখিবলৈ পাইছিলো। ১৯ মে’ত পোষ্ট কৰা প্ৰতিবেদনত কোৱা হৈছিল যে চহৰখনত ঘূৰ্ণীবতাহৰ আক্ৰমণ হোৱাৰ পিছত দক্ষিণ গুজৰাটৰ সৌৰাষ্ট্ৰৰ ক্ষতিগ্ৰস্ত জিলাসমূহত ভৱনগৰ, গিৰ সোমনাথ, আমৰেলী আৰু জুনাগড়কে বিভিন্ন ঠাইত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল। সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক।

শেষত এই ভুৱা পোষ্টটো শ্বেয়াৰ কৰা ইউজাৰজনৰ টুইটাৰ হেণ্ডেল সূৰ্যৰেখাৰ সামাজিক স্কেনিং কৰাৰ পিছত আমি লাভ কৰা তথ্য অনুসৰি ইয়াৰ ৬৫০৩ জন ফ’ল’ৱাৰ্ছ আছে। আৰু এই একাউণ্টটো জুন ২০১৪ ত খোলা হৈছিল। এই একাউণ্টটো জয়পুৰৰ পৰা আপডেট কৰা হৈছে।

নিষ্কৰ্ষঃ উপসংহাৰ: ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। বছৰ বছৰ ধৰি ইণ্টাৰনেটত থকা এই ভিডিঅ’টো গুজৰাটৰ বুলি শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later