ফেক্ট চেক: শাহৰুখ খানৰ লগত আম্বানি পৰিয়ালৰ ছবিখনৰ পাঠান চলচিত্ৰৰ লগত কোনো সম্পৰ্ক নাই

ফেক্ট চেক: শাহৰুখ খানৰ লগত আম্বানি পৰিয়ালৰ ছবিখনৰ পাঠান চলচিত্ৰৰ লগত কোনো সম্পৰ্ক নাই

নতুন দিল্লী (বিশ্বাস নিউজ)। পাঠান চলচিত্ৰখন ৰিলিজ হোৱাৰ পিছৰ পৰায়ে এখন ছবি ভাইৰাল হৈ আছে, য’ত শাহৰুখ খানক মুকেশ আম্বানি আৰু তেঁওৰ পৰিয়ালৰ লগত ছেল্ফি উঠি থকা অৱস্থাত দেখা পোৱা গৈছে। ছবিখনৰ পিছফালে ডাঙৰ এখন ষ্ক্ৰীণ দেখা পোৱা গৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে এই ছবিখন শ্বেয়াৰ কৰি দাবি কৰিছে যে, আম্বানি পৰিয়ালৰ সদস্যসকলে শাহৰুখ খানৰ লগত তেঁওৰ সদ্যহতে ৰিলিজ হোৱা ছবি, পাঠান চাই আছে। বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত এই তথ্য লাভ কৰিছে যে এই ছবিখন 2015 ত হোৱা জিঅ’ 4জি লঞ্চ কৰা অনুষ্ঠানৰ হয়। এই পুৰণী ছবিখনক ভুৱা দাবিৰ সৈতে পাঠান চলচিত্ৰখনৰ লগত যুক্ত কৰি ভাইৰাল কৰা হৈ আছে।

কি আছে ভাইৰাল হোৱা পোষ্টখনত ?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখনক শ্বেয়াৰ কৰি লিখিছে যে, ‘আপোনালোকে প্ৰেক্ষাগৃহৰ বাহিৰত বয়কট কৰি থাকক, এইফালে আম্বানি পৰিয়ালে শাহৰুখৰ লগত বহি পাঠান চাই আছে।‘

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আমাৰ তদন্তৰ প্ৰাৰম্ভিৰ পৰ্যায়ত আমি পুনপ্ৰথমতে ছবিখনক গুগল লেঞ্চৰ জৰিয়তে বিছাৰিলো। এই বিছৰা কাৰ্যত আমি এই ছবিখন এটা টুইটাৰ হেণ্ডেলত 28 ডিচেম্বৰ 2015 ত টুইট হোৱা পালো। ইয়াত টুইটত কোৱা হৈছে যে, এয়া 4জি লঞ্চৰ সময়ত লোৱা এখন ছেল্ফি।

https://twitter.com/harshktweets/status/681454584888332288

এই ভিত্তিত আমি টাইম ট্ৰলৰ লগত সংবাদটোক বিছাৰিলো আৰু ফাইনানঞ্চিয়াল এক্সপ্ৰেছৰ 28 ডিচেম্বৰ 2015 ত প্ৰকাশ হোৱা এখন সংবাদ পালো, য’ত প্ৰকাশ পোৱা আটাইকেইটা ছবিৰ লগত ভাইৰাল হোৱা এইখন ছবিও দেখা পোৱা গ’ল। প্ৰকাশ হোৱা সংবাদ মতে, এই সকলো ছবি জিঅ’ 4জি লঞ্চৰ সময়ত লোৱা।

অধিক তথ্যৰ বাবে বিশ্বাস নিউজে দৈনিক জাগৰণৰ চলচিত্ৰ সংবাদদাতা স্মিতা শ্ৰীভাস্তবৰ লগত যোগাযোগ কৰিলে। তেঁও আমাক জঁনালে যে, “এই ছবিখন পুৰণী ।“

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুকৰ ছ’ছিয়াল ষ্কেণিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজন মুম্বাইৰ বাসিন্দা হয়।

উপসংহাৰ: শাহৰুখ খানৰ লগত আম্বানি পৰিয়ালৰ ছেল্ফিৰ এই ছবিখন 2015 ত হোৱা জিঅ’ 4জি লঞ্চৰ হয়। এই পুৰণী ছবিখনক ভুৱা দাবিৰ সৈতে পাঠান বোলছবিখনৰ লগত যুক্ত কৰি ভাইৰাল কৰা হৈ আছে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস