X
X

তথ্য পৰীক্ষা: টাটা কোম্পানীয়ে নিজৰ সপ্তম বাৰ্ষিকীত ₹2,999 টকা নিদিয়ে, ভাইৰেল পোষ্টটো ভুৱা

  • By: Pragya Shukla
  • Published: Dec 24, 2022 at 03:11 PM
  • Updated: Jul 13, 2023 at 12:22 PM

নতুন দিল্লী (বিশ্বাস নিউজ): টাটা কোম্পানীৰ বিষয়ে বহুপ্ৰকাৰৰ দাবী সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। টাটা কোম্পানীৰ 7 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে, কোম্পানীটোৱে সকলো দেশবাসীক ₹2,999 প্ৰদান কৰি আছে বুলি দাবী কৰি এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। লিংকত ক্লিক কৰাৰ পিছত, সেই টকা একাউণ্টলৈ সোমাই যাব।

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছে যে এই বাৰ্তাটো ভুৱা। ইয়াক ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। পঢ়ুৱৈসকলক এনে কোনো লিংকত ক্লিক নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ভাইৰেল পোষ্টটোত কি আছে?

ফেচবুক ব্যৱহাৰকাৰী আলিয়াই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰিছিল আৰু শিৰোনামটোত লিখিছিল, “অভিনন্দন! আপুনি ₹2999” জিকিব পাৰে।

পোষ্টটোত লিখা হৈছে, “টাটা কোম্পানীৰ 7 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে, পুৰষ্কাৰ হিচাপে ₹2,999 টকা সমগ্ৰ ভাৰতৰ জনগণলৈ প্ৰদান কৰা হৈছে—-₹2,999 বিনামূলীয়াকৈ—। টকাখিনি একাউণ্টলৈ নিবলৈ ক্লিক কৰক।”

পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰি। আন এজন ব্যৱহাৰকাৰী ৰবীন্দ্র‍্য়ো একে ধৰণৰ সাদৃশ্য থকা পোষ্ট শ্বেয়াৰ কৰিছে।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে কীৱৰ্ডৰ জৰিয়তে অনুসন্ধান কৰিলে যে টাটা কোম্পানীয়ে তেনে কোনো প্ৰস্তাৱ আগবঢ়াইছে নেকি। আমি তেওঁলোকৰ অফিচিয়েল ৱেবচাইট ত এনে ধৰণৰ কোনো প্ৰস্তাৱৰ বিষয়ে কোনো তথ্য পোৱা নাপালোঁ। আমি বাতৰিটোৰ আৰু অনুসন্ধান আগবঢ়ালোঁ। কিন্তু টাটা কোম্পানীৰ এনে কোনো প্ৰস্তাৱৰ বিষয়ে আমি কোনো বাতৰি পোৱা নাপালোঁ।

আমি এইবাৰ টাটা কোম্পানীৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলবোৰ স্কেন কৰিলোঁ। ইয়াতো, আমি এনে কোনো পোষ্ট শ্বেয়াৰ কৰা পোৱা নাছিলো। আমি টাটাৰ অফিচিয়েল পৃষ্ঠাত এনে এটা পোষ্ট পাইছিলো, য’ত এনে অফাৰ আৰু দাবীবোৰ ভুৱা বুলি বৰ্ণনা কৰা হৈছে। 

তাৰপিছত আমি ভাইৰেল পোষ্টত দিয়া লিংকটো পৰীক্ষা কৰিছিলো। আমি লিংকটোত ক্লিক কৰাৰ লগে লগে, ত্ৰুটিটো দেখা পাবলৈ আৰম্ভ কৰিলোঁ। আমাৰ সন্মুখত যিটো পৃষ্ঠা খোল খাইছিল, তাত লিখা আছিল, এই পৃষ্ঠাটো ইণ্টাৰনেটত উপলব্ধ নাই।
আমি টাটা কোম্পানীৰ কমিউনিকেচন মেনেজাৰৰ সৈতে এই লিংকটোৰ বিষয়ে কথা পাতিছিলো। তেওঁলোকে আমাক কৈছিল যে এই লিংকটো ভুৱা। আমাৰ পৰা কোনো প্ৰস্তাৱ আগবঢ়ালে, আপুনি সেইবোৰ ৱেবছাইট আৰু আমাৰ সামাজিক মাধ্যমত চাব পাৰে।

অধিক তথ্যৰ বাবে, আমি চাইবাৰ বিশেষজ্ঞ অনুজ আগৰৱালাৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ আমাক কৈছিল যে চাইবাৰ অপৰাধীসকলে আজিকালি মানুহক প্ৰতাৰিত কৰাৰ নতুন-নতুন উপায় বিচাৰি আছে। তেওঁলোকে মানুহক প্ৰস্তাৱ দিয়ে আৰু তেওঁলোকৰ ব্যক্তিগত তথ্য চুৰি কৰে। আমি খৰখেদাকৈ কোনো সন্দেহজনক লিংকত ক্লিক কৰা উচিত নহয়। আমাৰ সুৰক্ষা আমাৰ হাততে আছে। যদি কোম্পানী এটাই এনে অফাৰ আগবঢ়ায়, তেন্তে ই নিশ্চিতভাৱে ইয়াৰ সামাজিক মাধ্যম বা ৱেবছাইটত ইয়াৰ বিষয়ে তথ্য প্ৰদান কৰিব। আমি তালৈ গৈ পৰীক্ষা কৰা উচিত। যদি ৱেবছাইট এটাত সেই বিষয়ে বা যোগাযোগ কৰাৰ কোনো বিৱৰণ নাথাকে, তেনেহ’লে ই ভুৱা। তাত আপোনাৰ তথ্য নিদিব। ইয়াৰ ফলত আপোনাৰ ডাটা চুৰি হ’ব পাৰে। এনে পোষ্টৰ বিৰুদ্ধে অভিযোগ দাখিল কৰক। 

অনুসন্ধানৰ শেষত, আমি আলিয়া নামৰ ফেচবুক ব্যৱহাৰকাৰীক পৰীক্ষা কৰিছিলো যিয়ে এই লিংকটো শ্বেয়াৰ কৰিছিল। অনুসন্ধানৰ সময়ত, দেখা গৈছিল যে ব্যৱহাৰকাৰীয়ে প্ৰায়ে এনে ভুৱা পোষ্ট শ্বেয়াৰ কৰি থাকে। 219 জন লোকে ফেচবুকত এই ব্যৱহাৰকাৰীক অনুসৰণ কৰে।

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল দাবীটো ভুৱা বুলি পোৱা গ’ল। পঢ়ুৱৈসকলক এনে কোনো লিংকত ক্লিক নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

  • Claim Review : টাটা কোম্পানীৰ দ্বাৰা দেশবাসীক বিনামূল্যে ₹2,999 প্ৰদান কৰি থকা হৈছে
  • Claimed By : আলিয়া
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later