X
X

Fact Check: কানাডাৰ ভিছা লটাৰীত নহয়, ভাইৰেল পোষ্টটো ভুৱা হয়

  • By: Umam Noor
  • Published: Dec 14, 2022 at 12:24 PM
  • Updated: Jul 13, 2023 at 12:22 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত থকা কিছুমান ইউজাৰে এটা পোষ্টক ভাইৰেল কৰি এই দাবী কৰি আছে যে, কানাডাৰ চৰকাৰে লটাৰীৰ জৰিয়তে ভিজা দিবলৈ গৈ আছে। ভাইৰেল এই পোষ্টৰ লগত কেইটামান তথ্য দিয়া হৈছে আৰু তাত লগতে কোৱা হৈছে যে যি কোনো দেশৰ সকলো বয়সৰ মানুহে আৱেদন জনাব পাৰিব। বিশ্বাস নিউজে এই পোষ্টক তদন্ত কৰাৰ পাছত গম পাইছে যে কানাডাৰ চৰকাৰে লটাৰী ভিছা দিয়া নাই। ভাইৰেল হোৱা পোষ্টটো মিছা হয়। যিসকল আৱেদনকাৰীৰ সঁচাকৈ ভিছাৰ প্ৰয়োজন তেওঁলোকক প্ৰবঞ্চনা কৰাৰ কাৰণে এই পোষ্ট তৈয়াৰ কৰা হৈছে।

ভাইৰেল পোষ্টত কি আছে ?

ভাইৰেল পোষ্টত লিখা আছে, (অসমীয়া ভাঙনি- কানাডা ভিছা লটাৰি 2022/2023 অনলাইন আৱেদন ফৰ্ম মুকলি হৈছে। কানাডা চৰকাৰে ভিছা লটাৰিৰ জৰিয়তে মানুহক ভিছা দি 2022 চনত ভিছা দিয়াৰ সংখ্যাক 500 শতাংশলৈ বৃদ্ধি কৰিছে। আৱেদনকাৰীয়ে আৱেদন কৰাৰ নিয়মবোৰ কঠোৰ ভাৱে মানি চলিব লাগিব। অতীতত কোনো অপৰাধত যুক্ত হোৱাৰ তথ্য যেন নাথাকে, কমেই হাই স্কুল শিক্ষিত হ’ব লাগিব, স্পষ্ট এখন ডিজিটেল পাছপোৰ্ট ফটোগ্ৰাফ থাকিব লাগিব। দ্ৰুত জবাব দিয়াৰ কাৰণে হ’ৱাটছ এপ কৰক এই নম্বৰত +1 (706) 6237853। আইন অনুসৰি সৰ্বাধিক 75,000 ভিছা উপলব্ধ হৈ আছে। কিন্তু এই বছৰ এই সংখ্যাক 175,000-লৈ বৃদ্ধি কৰা হৈছে। সকলো দেশ ইয়াৰ বাবে উপযুক্ত। বয়সৰ কোনো সীমা নাই। কেৱল আৱেদন মাচুল দিব লাগিব। 100 শতাংশ সঠিক। আৱেদন জনোৱাৰ এই সুযোগ গ্ৰহণ কৰি বৈধ ভাৱে কানাডাত যাওঁক। তলত ক্লিক কৰি ইয়াত আৱেদন জনাওঁক। দ্ৰুত জবাব দিয়াৰ কাৰণে এই নম্বৰত হ’ৱাটছ এপ কৰি নিজৰ নম্বৰ যোগ কৰক- +1 (706) 6237853 1)

এই পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত

আমাৰ তদন্ত আৰম্ভ কৰিবলৈ আমি প্ৰথমতে কানাডাৰ অভিবাসনৰ চৰকাৰী ওৱেবচাইটত চালোঁ। তাত আমি লটাৰি ভিজা সম্বন্ধীয় কোনো তথ্য পোৱা নাই।

কানাডৰ অভিবাসন, শৰণাৰ্থী আৰু নাগৰিকত্ব সম্বন্ধীয় চৰকাৰী টুইটাৰ হেণ্ডল @CitImmCanada-ত 1 জুন 2018 তাৰিখত এই বিষয় সম্বন্ধীয় এটা টুইট দেখা পালোঁ। এই টুইটত থকা তথ্য হ’ল, “অনলাইনৰ মিছা তথ্য চাই ফান্দত নপৰিব। কানাডাত ভিজা লটাৰি নচলে। নিজৰ অভিবাসন সম্বন্ধীয় তথ্য কানাডা চৰকাৰৰ নিজা ওৱেবচাইট http://Canada.ca/immigration-ৰপৰা সংগ্ৰহ কৰক।”

ইয়াৰ সত্যতা প্ৰমাণৰ কাৰণে আমি চাইবাৰ ছিকিউৰিটি এক্সপাৰ্ট আয়ুষ ভৰদ্বাজৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, প্ৰায়ে প্ৰবঞ্চকসকলে এনেকৈ ভিছাৰ আশাত থকা মানুহক নিচানা কৰে আৰু এনেকুৱা পোষ্টত থকা নম্বৰত মানুহে যোগাযোগো কৰি লয়। কিন্তু সেয়া কৰিব নালাগে আচলতে। এইবোৰৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ প্ৰবঞ্চনা আৰু লোকচান হ’ব পাৰে। মানুহে এনেকুৱা পোষ্টত বিশ্বাস কৰিব নালাগে আৰু তেওঁলোকে সতৰ্ক থাকিব লাগে।

মিছা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক গ্ৰুপৰ ছ’চিয়েল স্কেনিং কৰি আমি গম পাইছোঁ যে এই গ্ৰুপত 33 হেজাৰৰো অধিক মেম্বাৰ আছে।

সিদ্ধান্ত: বিশ্বাস নিউজে এই পোষ্ট তদন্ত কৰি গম পাইছে যে ইয়াত থকা দাবী মিছা হয়। কানাডা চৰকাৰে লটাৰি ভিজা নিদিয়ে। ভাইৰেল হোৱা পোষ্ট মিছা হয়। ভিছাৰ আশাত থকা লোকসকলক প্ৰবঞ্চনা কৰাৰ কাৰণে হে এনেকুৱা পোষ্ট তৈয়াৰ কৰা হৈছে।

  • Claim Review : কানাডা চৰকাৰে লটাৰিৰ জৰিয়তে ভিজা দি আছে।
  • Claimed By : Fb User Tunde
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later