X
X

Fact Check: মুকেশ আম্বানীৰ জন্মদিনৰ উপলক্ষ্যত জিঅ’ দিয়া নাই কোনো 719 টকাৰ বিনামূলীয়া ৰিচাৰ্জ, দাবি আৰু লিঙ্ক দুয়ো ভুৱা

  • By: Umam Noor
  • Published: Oct 13, 2023 at 11:08 AM

নতুন দিল্লী (বিশ্বাস নিউজ)। প্ৰায় সামাজিক মাধ্যমত বিনামূলীয়া ৰিচাৰ্জ নাইবা অইন কোনো আৰ্থিক লাভৰ লালসা দেখুৱাই ভুৱা লিঙ্ক ভাইৰাল হৈ থাকে। এই সন্দৰ্ভত এখন পোষ্ট শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে, মুকেশ আম্বানীৰ জন্মদিনৰ উপলক্ষ্যত সকলো ভাৰতীয় ব্যৱহাৰকাৰীক 719 টকাৰ 84 দিনৰ ৰিচাৰ্জ বিনামূলীয়া কৈ প্ৰদান কৰা হৈ আছে। এই ভাইৰাল পোষ্টখনত এটা লিঙ্কও দিয়া হৈছে, য’ত ক্লিক কৰি ৰিচাৰ্জ কৰিবলৈ কোৱা হৈছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য ভুল বুলি প্ৰমানিত হৈছে। জিঅ’ ৰ নামত ভাইৰাল হৈ থকা পোষ্ট ভুল। জিঅ’ৰ তৰফৰ পৰা বিনামূলীয়া ৰিচাৰ্জৰ দৰে কোনো অফাৰ দিয়া হোৱা নাই। এইফালে চাইবাৰ অভিজ্ঞ লোকসকলে কৈছে যে, ভুলতো এনে লিঙ্কবোৰত ক্লিক কৰিব নালাগে। 

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ৈ ৱাটচএপৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিছে, য’ত লিখা আছে যে, ”AMBANI BIRTHDAY* অফাৰ জিঅ’ কোম্পানী আমাৰ মুকেশ আম্বানী-ৰ জন্মদিন উপলক্ষ্যত সকলো ভাৰতীয় ব্যৱহাৰকাৰীক 719 টকাৰ 84 দিনৰ ৰিচাৰ্জ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে তো এতিয়াই তলত দিয়া লিঙ্কত ক্লিক কৰি নিজৰ নম্বৰত ৰিচাৰ্জ কৰক। 

ভাইৰাল হোৱা এই পোষ্টৰ লগত বিভিন্ন ভুৱা লিঙ্ক শ্বেয়ৰ কৰা হৈ আছে

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত 

আমাৰ তদন্তৰ আৰম্ভণীত পুনপ্ৰথমতে আমি একোটা একোটাকৈ সেই লিঙ্কবোৰ খুলিলো যিসকল লিঙ্ক এইসমূহ পোষ্টত বিনামূলীয়া ৰিচাৰ্জৰ নামত শ্বেয়াৰ কৰা হৈ আছে।  lfgcloud  ডট কম ইউআৰএলত ক্লিক কৰাৰ পিছত আমি একাউন্ট বনোৱাৰ বাছনি পালো, য’ত জিঅ’ৰ কতৃত্ব থকা হেণ্ডেল হ’ল জিঅ’ ডট কম, তাৰ অৰ্থ ভাইৰাল লিঙ্ক ভুৱা নাইবা ঠগোৱাৰ কিবা ৱেবচাইট হয়। 

আমি আমাৰ তদন্ত আগবঢ়ালো আৰু জিঅ’ৰ সামাজিক মাধ্যমৰ একাউন্ট আৰু ৱেবচাইট ভালকৈ চোৱা আৰম্ভ কৰিলোঁ। ইয়াতও আমি ভাইৰাল দাবিৰ লগত জড়িত কোনো পোষ্ট নাপালো।

সময়ে সময়ে এনে ভুৱা পোষ্ট ভাইৰাল হৈ থাকে। দিল্লী পুলিছৰ চাইবাৰ পৰামৰ্শদাতা কিশলয় চৌধুৰীয়ে এই সন্দৰ্ভত কৈছে যে, এনে লিঙ্কত ক্লিক কৰিলে ঠগ খাব পাৰি। চাইবাৰ ক্ৰাইম কৰা সকলে মানুহক ঠগিবলৈ এনে লিঙ্ক বনায় আৰু সেইসমূহক বেলেক বেলেক লালসাৰ সৈতে শ্বেয়াৰ কৰে। সেইবাবে আমি এনে সন্দেহজনক লিঙ্কত ক্লিক কৰাৰ পৰা বিৰত থাকিব লাগে।

এতিয়া সময় আছিল ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিং কৰাৰ। আমি এই তথ্য পালো যে তেঁও এতিয়ালৈ জিঅ’ৰ লগত যুক্ত পোষ্ট শ্বেয়াৰ কৰিছে। 

इस फैक्ट चेक आर्टिकल को हिंदी में यहां पढ़ें।

উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তত ভাইৰাল পোষ্টটোক ভুৱা বুলি গম পালে। জিঅ’ৰ নামত ভাইৰাল হৈ থকা পোষ্ট ভুল হয়। জিঅ’ৰ তৰফৰ পৰা বিনামূলীয়া ৰিচাৰ্জৰ দৰে কোনো অফাৰ দিয়া হোৱা নাই। এইফালে চাইবাৰ অভিজ্ঞ সকলৰ বক্তব্য হ’ল যে ভুলতো এনে লিঙ্কত ক্লিক কৰিব নালাগে। 

  • Claim Review : মুকেশ আম্বানীৰ জন্মদিল উপলক্ষ্যত 719 টকাৰ 84 দিনৰ ৰিচাৰ্জ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।
  • Claimed By : এফবি ব্যৱহাৰকাৰী:আফ্ৰিদ খান
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later