X
X

Fact Check : চন্দ্ৰযান 3 ৰ লেন্ডিঙৰ নামত বিনামূলীয়া ৰিচাৰ্জ সম্পৰ্কিত ভুৱা লিঙ্ক ভাইৰাল

  • By: Jyoti Kumari
  • Published: Aug 29, 2023 at 09:29 AM
  • Updated: Aug 29, 2023 at 09:45 AM

নতুন দিল্লী (বিশ্বাস নিউজ)। মিচন চন্দ্ৰযান-3 ৰ সাফ্যলেৰে আজি গোটেই দেশত আনন্দৰ ঢউ বৈ গৈছে। চন্দ্ৰযান 3 –ৰ চন্দ্ৰত এনে ঐতিহাসিক সফল অৱতৰণৰ পিছৰ পৰায়ে, সামাজিক মাধ্যমত বহুত ছবি আৰু ভিডিঅ’ ভাইৰাল হৈ আছে। ইয়াৰ মাজতেই সামাজিক মাধ্যমত বেলেক বেলেক টেলিকম কোম্পানীৰ নামত বিনামূলীয়া ৰিচাৰ্জ প্ৰদান সন্দৰ্ভত বহুত পোষ্ট শ্বেয়াৰ কৰা হৈ আছে। এই দাবি কৰা হৈছে যে, চন্দ্রযান 3 ৰ সুৰক্ষিত অৱতৰণ হোৱাৰ বাবে সকলো ভাৰতীয়ক বিনামূলীয়া ৰিচাৰ্জৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। পোষ্টত দিয়া লিঙ্কক শ্বেয়াৰ কৰাৰ কথাও জনোৱা হৈছে।

বিশ্বাস নিউজে নিজৰ তদন্তত এই দাবিক ভুৱা বুলি গম পাইছে। জিঅ’, টাটা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ নামত ভাইৰাল হোৱা পোষ্টখন ভুল। বিনামূলীয়া ৰিচাৰ্জৰ দৰে কোনো অফাৰ দিয়া হোৱা নাই। চাইবাৰ অভিজ্ঞ সক’লেও এই লিঙ্কসমূহত ক্লিক নকৰিবলৈ পৰামৰ্শ দিছে। আগতেও এনে বহুত দাবি সামাজিক মাধ্যমত ভাইৰাল হৈছে। 

কি ভাইৰাল হৈ আছে

ফেচবুক ব্যৱহাৰকাৰী ‘6390raj2023′ এ (আর্কাইভ সংষ্কৰণ) 26 আগষ্টত এখন পোষ্টৰ মাধ্যমে এই কথা লিখিছে যে, ,”TATA অফাৰ টাটা কোম্পানীয়ে আমাৰ চন্দ্ৰযান 3 ৰ সফল অৱতৰণৰ হোৱাৰ আনন্দত সকলো ভাৰতীয় ব্যৱহাৰকাৰীৰ *239 টকাৰ 28 দিনৰ ৰিচাৰ্জ বিনামূলীয়া কৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে তো এতিয়াই তলত দিয়া নীলা লিঙ্কত ক্লিক কৰি নিজৰ নম্বৰত ৰিচাৰ্জ কৰক।”

এনে এখন বেলেক ফেচবুক পেজ ‘ ক্রেজি টু বিগ‘-এও(আর্কাইভ সংষ্কৰণ) চন্দ্ৰযান 3-ৰ সুৰক্ষিত অৱতৰণ সন্দর্ভত এখন পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টৰ কেপচনত লিখা হৈছে যে, “চন্দ্ৰযান 3 –ৰ সুৰক্ষিত অৱতৰণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ সকলো ব্যৱহাৰকাৰীক 1 মাহৰ বিনামূলীয়া ৰিচাৰ্জ প্ৰদান কৰি আছে। মইও ইয়াৰ জৰিয়তে মোৰ 28 দিনৰ বিনামূলীয়া Recharge(ৰিচাৰ্জ) কৰাইছোঁ। আপুনিও এতিয়াই তলত দিয়া লিঙ্কত ক্লিক কৰি 28 দিনৰ বিনামূলীয়া ৰিচাৰ্জ লাভ কৰক (Last Date – 25 August 2023) ( শেষ তাৰিখ 25 আগষ্ট 2023) মইও পালোFree Recharge (বিনামূলীয়া ৰিচাৰ্জ), এইবাৰ আপোনাৰ পাল” 

আমি ৱাটচএপতও এনে এখন দাবি পালো। য’ত লিখা আছে যে, “Jio অফাৰ – CHANDRAYAAN 3   ৰ সফল অৱতৰণৰ আনন্দত জিঅ’ সকলো ভাৰতীয় ব্যৱহাৰকাৰীক প্ৰদান কৰি আছে, 719 টকাৰ 84 দিনৰ বিনামূলীয়া ৰিচাৰ্জ, তো এতিয়াই তলল দিয়া নীলা ৰঙৰ লিঙ্কত ক্লিক কৰি নিজৰ নম্বৰত ৰিচাৰ্জ কৰাওঁক। “

তদন্ত

সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি, টাটা আৰু জিঅ’ৰ নামত বিয়পা বিনামূলীয়া ৰিচাৰ্জ অফাৰ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিবলৈ পুনপ্ৰথমতে আমি গুগ’ল ওপেন ছাৰ্চ টুল ব্যৱহাৰ কৰিলো। এই খোঁজ প্ৰক্ৰিয়াত আমি এনে এখন সংবাদও নাপালো যাৰ মাধ্যমে এই দাবি সত্য বুলি প্ৰমানিত কৰিব পাৰো।

তদন্ত আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি পুনপ্রথমতে জিঅ’ৰ অফিছিয়েল ৱেবচাইটক স্কেন কৰিলো। ৱেবচাইটত ভাইৰাল অফাৰৰ দৰে কোনো তথ্য নাপালো। যদি জিঅ’ৰ তৰফৰ পৰা এনে কোনো অফাৰ দিয়া হ’লহেঁতেন, তেন্তে ৱেবচাইটত নিশ্চয় দেখা পোৱা গ’লহেঁতেন।

তদন্ত আগবঢ়াই নিয়াৰ বাবে জিঅ’ৰ অফিছিয়েল সামাজিক মাধ্যম হেণ্ডেল্সকও বিছৰা আৰম্ভ কৰিলো। ইয়াতও ভাইৰাল পোষ্টক সত্য বুলি প্ৰমানিত কৰিব পৰা কোনো তথ্য পোৱা নগ’ল। 

তদন্তৰ পৰৱৰ্তী স্তৰত আমি টাটাৰ নামত ভাইৰাল কৰা দাবিৰ তদন্ত আৰম্ভ কৰিলো। পুনপ্ৰথমতে আমি টাটাৰ ৱেবচাইট ছাৰ্চ কৰিলো। তাত আমি ভাইৰাল হোৱা দাবি সন্দৰ্ভত একো তথ্য নাপালো। যদি কোম্পানীৰ তৰফৰ পৰা ইমান ডাঙৰ অফাৰ এটা দিয়া হ’লহেঁতেন, তেন্তে তাৰ কিবা নাই কিবা এটা তথ্য ৱেবচাইটত থাকিলেহেঁতেন।

ইয়াতে আপোনালোকক জঁনাব বিছাৰোঁ যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ নামত ভাইৰাল হোৱা দাবি পূর্ৱতও একে দাবিৰ সৈতে বিভিন্ন সময়ত ভাইৰাল কৰা হৈছে। যাৰ তদন্ত বিশ্বাস নিউজে কৰিছে। আপোনালোকে সেই ফেক্ট চেক ৰিপোৰ্টখন ইয়াত পঢ়িব পাৰিব। 

আমি সকলো লিঙ্ক চাইবাৰ অপৰাধৰ পৰামৰ্শদাতা কিশলয় চৌধূৰীক পঠালো। তেঁও শ্বেয়াৰ কৰা লিঙ্কত ক্লিক নকৰিবলৈ কৈছে। তেঁও ক’লে যে, ইয়াৰ ফলত আপোনাৰ তথ্য চুৰ হ’ব পাৰে আৰু আপোনাৰ একাউন্ট হেকও হ’ব পাৰে। তেঁও আৰু কয় যে আমি এই বিষয়ত সচেতন হ’ব লাগে যে, যদি কোনোবাটো কোম্পানীয়ে এনে অফাৰ দিলেহেঁতেন, তেন্তে তেঁওলোকে এই সন্দৰ্ভত সকলো তথ্য তেঁওলোকৰ সামাজিক মাধ্যম নাইবা ৱেবচাইটত প্ৰকাশ কৰিব। সেইহে পুনপ্ৰথমতে তেঁওলোকৰ ৱেবচাইট নাইবা সামাজিক মাধ্যমত এই সন্দৰ্ভত তথ্য বিছাৰিব লাগে।

শেষত ভুৱা পোষ্ট কৰা ব্যৱহাকাৰীৰ তদন্ত কৰা হ’ল। এই তথ্য পোহৰলৈ আহিল যে, 19 হাজাৰ মানুহে ব্যৱহাৰকাৰীজনক অনুসৰণ কৰে। প্ৰফাইলত থকা তথ্য মতে, ব্যৱহাকাৰীজন অষ্ট্ৰেলিয়াৰ বাসিন্দা।

इस फैक्ट चेक को हिंदी में यहां पढ़ें।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত ভাইৰাল পোষ্ট ভুৱা বুলি প্ৰমানিত হৈছে। টাটা আৰু জিঅ’ৰ তৰফৰ পৰা এনে কোনো অফাৰ দিয়া হোৱা নাই। পাঠকসক’লে কোনো সন্দেহজনক লিঙ্কত ক্লিক কৰিব নালাগে।

  • Claim Review : TATA অফাৰ টাটা কোম্পানীয়ে আমাৰ চন্দ্ৰযান 3 ৰ সফল অৱতৰণৰ হোৱাৰ আনন্দত সকলো ভাৰতীয় ব্যৱহাৰকাৰীৰ *239 টকাৰ 28 দিনৰ ৰিচাৰ্জ বিনামূলীয়া কৈ দিয়াৰ
  • Claimed By : FB User: 6390raj2023
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later