উপসংহাৰঃ বিশ্বাস নিউজৰ এটা অনুসন্ধানত প্ৰকাশ পাইছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জন্মদিনৰ নামত ভাইৰেল হৈ থকা পোষ্টটো ভুল আছিল। ভাইৰেল ভিডিঅ’টো প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জন্মদিনৰ নহয়, তাৰ পৰিৱৰ্তে ২৭ ডিচেম্বৰ ২০১৮ ত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেক কটাৰ দৃশ্যহে আছিল সেয়া। সেই সময়ত ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি আছিল।
নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত পুনৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত ৰাহুল গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক দেখা গৈছে। ভিডিঅ’টোত ৰাহুল গান্ধীয়ে কেক কাটি থকা দেখা গৈছে আৰু মনমোহন সিঙে তেওঁৰ কাষৰ চকীখনত বহি আছে। ভিডিঅ’টোৰ লগত ৰাহুল গান্ধীয়ে মনমোহন সিঙৰ জন্মদিনতো কেক কাটিছিল বুলি দাবী কৰা হৈছে। পোষ্টটোত কংগ্ৰেছ দলক সমালোচনাও কৰা হৈছে। বিশ্বাস নিউজে পূৰ্বেও এই পোষ্টটো পৰীক্ষা কৰিছিল। সেই সময়তে আমি গম পাইছিলোঁ যে ভাইৰেল দাবীটো ভুৱা। দৰাচলতে, প্ৰকৃত ভিডিঅ’টো আছিল কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসত, ২০১৮ চনৰ। মনমোহন সিং আৰু ৰাহুল গান্ধীয়ে সেই অনুষ্ঠানটোত কেকটো কাটিছিল।
ভাইৰেল পোষ্টত কি আছে
Ganga Prasad Bahadur Singh Tomar নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ২৭ মে’ত এটা ১৫ ছেকেণ্ডৰ ভিডিঅ’ আপলোড কৰি দাবী কৰিছিল, “চিন্তা কৰক কেনেকৈ এজন ব্যক্তিয়ে তেওঁৰ জন্মদিনত কেক কাটিবলৈ নিদিলে ১০ বছৰ ধৰি চৰকাৰ চলাব পাৰিলেহেঁতেন। তেওঁলোকে মাত্ৰ এনেধৰণৰ দাসেই বিচাৰিছিল। প্ৰধানমন্ত্ৰীৰ প্ৰকৃত শক্তি কি সেয়া আজি জনা যায় আৰু সেয়েহে এই পাপ্পুহঁতৰ বাবে দাসসকল বিচলিত হৈছে”।
এই ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজৰ দলটোৱে পূৰ্বেও এই ভাইৰেল ভিডিঅ’টো পৰীক্ষা কৰিছিল। সেই সময়ত, আমি ইণ্ডিয়া টুডেৰ ইউটিউব চেনেলত এই মূল ভিডিঅ’টো পাইছিলো, য’ত কোৱা হৈছিল যে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰতিষ্ঠা দিৱসৰ দিনা কংগ্ৰেছ পাৰ্টিৰ কাৰ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ সৈতে কেক কাটিছিল।
আমি ২৭ ডিচেম্বৰ ২০১৮ তাৰিখে প্ৰতিষ্ঠা দিৱস নামেৰে কংগ্ৰেছৰ ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ’ পাইছিলোঁ।
বিশ্বাস নিউজেও সেই সময়ত এই সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰ অখিলেশ প্ৰতাপ সিঙৰ কাষ চাপিছিল। তেওঁ কৈছিল যে সমগ্ৰ তথ্য-প্ৰযুক্তিয়েই দেশত প্ৰচাৰৰ বাবে অতি সক্ৰিয়। ভাইৰেল ভিডিঅ’টোও ইয়াৰ ফলাফল।
সম্পূৰ্ণ অনুসন্ধান ইয়াত পঢ়ক।
নিষ্কৰ্ষঃ উপসংহাৰঃ বিশ্বাস নিউজৰ এটা অনুসন্ধানত প্ৰকাশ পাইছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জন্মদিনৰ নামত ভাইৰেল হৈ থকা পোষ্টটো ভুল আছিল। ভাইৰেল ভিডিঅ’টো প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জন্মদিনৰ নহয়, তাৰ পৰিৱৰ্তে ২৭ ডিচেম্বৰ ২০১৮ ত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেক কটাৰ দৃশ্যহে আছিল সেয়া। সেই সময়ত ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি আছিল।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ