বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। সাংবাদিক সুধীৰ চৌধুৰীৰ ওপৰত কোনো আক্ৰমণ হোৱা নাই।
বিশ্বাস নিউজ (নতুন দিল্লী)। জি নিউজৰ সাংবাদিক সুধীৰ চৌধুৰীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত এটা ভুৱা পোষ্ট আকৌ এবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পোষ্টটোৰ সৈতে সংযোজিত এখন ফটোৰ সৈতে জি নিউজৰ নয়ডা কাৰ্যালয়ত সুধীৰ চৌধুৰীক প্ৰহাৰ কৰা বুলি দাবী কৰা হৈছে। বিশ্বাস নিউজে পূৰ্বেও এবাৰ একেধৰণৰ পোষ্ট পৰীক্ষা কৰিছিল। আমি জানিব পাৰিছিলো যে সুধীৰ চৌধুৰীৰ দুৰ্ঘটনাৰ পুৰণি ছবি আৰু মুম্বাইৰ কংগ্ৰেছ কাৰ্যালয়ত আক্ৰমণৰ পুৰণি ছবি এটা ক’লাজ তৈয়াৰ কৰি সৃষ্টি কৰা এই ভুৱা বাতৰিটো বিয়পি পৰিছিল।
ফেচবুক ব্যৱহাৰকাৰী লীলাধৰ চৰণে সুধীৰ চৌধুৰী সম্পৰ্কীয় এটা ভুৱা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে জি নিউজে কৃষকৰ মৃত্যুৰ ঘটনাক গৰিহণা দিয়াৰ দৰেই আমি সুধীৰ চৌধুৰীৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছো।
পোষ্টটোত সুধীৰ চৌধুৰীৰ এখন ছবি দেখা গৈছে য’ত তেওঁৰ নাকত আঘাত দেখা গৈছে। একেদৰে, ভঙা কাঁচ পৰি থকা অৱস্থাত এটা কাৰ্যালয়ো দেখা গৈছে। ছবি দুখনৰ ক’লাজৰ সৈতে জি নিউজৰ নয়ডা কাৰ্যালয়ত সুধীৰ চৌধুৰীৰ ওপৰত আক্ৰমণ হৈছিল বুলি বিভিন্ন পোষ্টত দাবী কৰা হৈছে।
ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।
বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি সাংবাদিক সুধীৰ চৌধুৰীৰ ২০১৯ চনত মুম্বাইত এটা সৰু দুৰ্ঘটনা হৈছিল। সুধীৰ চৌধুৰীৰ একেটা ঘটনাৰ ফটো বিভিন্ন সময়ত বিভিন্ন লোকৰ দ্বাৰা ভাইৰেল হৈ আহিছে। পিছত সুধীৰ চৌধুৰীয়ে নিজেই ফে’চবুক লাইভৰ জৰিয়তে এই সন্দৰ্ভত প্ৰকৃত তথ্য সদৰী কৰিছিল।
একেদৰে, ভাইৰেল পোষ্টটোত ব্যৱহৃত দ্বিতীয়খন ছবি মুম্বাইৰ কংগ্ৰেছ কাৰ্যালয়ত হোৱা আক্ৰমণৰ। এই ঘটনা সংঘটিত হৈছিল ২০১৭ চনৰ ১ ডিচেম্বৰত। এই ঘটনাৰ অন্যান্য ফটো ইয়াত চাব পাৰিব।
বিশ্বাস নিউজে এই অনুসন্ধান কালতে সাংবাদিক সুধীৰ চৌধুৰীৰ সৈতেও যোগাযোগ কৰিছিল। তেওঁ কৈছিল যে একাংশ লোকে মুম্বাইৰ এটা পুৰণি দুৰ্ঘটনাৰ ছবি ভুৱা দাবীৰে ভাইৰেল কৰি তুলিছে।
অনুসন্ধান সবিস্তাৰে ইয়াত পঢ়িব পাৰিব।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। সাংবাদিক সুধীৰ চৌধুৰীৰ ওপৰত কোনো আক্ৰমণ হোৱা নাই।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ