ফেক্ট চেকঃ ঝাৰখাণ্ডৰ মক ড্ৰিলৰ ভিডিও এতিয়া অসমৰ নামত হোৱা ভাইৰেল, দুবছৰ পুৰণা ভিডিও #

ফেক্ট চেকঃ ঝাৰখাণ্ডৰ মক ড্ৰিলৰ ভিডিও এতিয়া অসমৰ নামত হোৱা ভাইৰেল, দুবছৰ পুৰণা ভিডিও #


নতুন দিল্লী (বিশ্বাস নিউজ)| দেশত নাগৰিকতাৰ সংশোধন বিল লাগু হোৱাৰ পাচৰ পৰাই চছিয়েল মিডিয়াত বহু নকলী ভিডিও আৰু ফটো ভাইৰেল হৈ আছে| এই শৃখলাত চোছিয়েল মিডিয়াত এটা ভিডিও তীব্ৰতাৰে ভাইৰেল হৈ আছে|

ভিডিওটোত কিছু পুলিচে গুলি মাৰি থকা দেখা পাব পাৰে| দাবী কৰা হৈছে যে  ভাইৰেল ভিডিওটো অসমৰ ডিব্ৰুগড়ৰ| বিশ্বাস নিউজৰ অনুসন্ধানত ধৰা পৰিল যে ভাইৰেল পোষ্টটো নকলী| আচলতে অৰিজিনেল ভিডিওটো ঝাৰখাণ্ডৰ খুন্টী ত দুবছৰৰ আগতে হোৱা এক মক় ড্ৰিলৰ| তাকে এতিয়া ভুলকৈ দাবী কৰি ভাইৰেল কৰা গৈছে|

কি আছে ভাইৰেল পোষ্টোত

১৫ চেকেণ্ডৰ এই ভিডিওটো ফেচবুক, টুইটাৰ আৰু ৱাপচেপৰ ওপৰিও আন চছিয়েল মিডিয়াৰ মঞ্চত তীব্ৰতাৰে ভাইৰেল হৈ আছে| ভিডিওটোত কিছুমান পুলিচকৰ্মীয়ে ৰাস্তাৰ আনফালে থিয় দি থকা ভীৰৰ ওপৰত গুলি চলোৱা দেখুৱা গৈছে|

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ১৫ চেকেণ্ডৰ ভাইৰেল  ভিডিও টোক মনোযোগ দি চালে| তাত দুটা কথা আচৰিত লাগিল| প্ৰথমটো, যদি পুলিচে মানুহৰ ওপৰত ফায়াৰিং কৰে তেন্তে তাত দৌৰা ঢাপৰা লগিব| কিন্তু ভিডিওটোত সকলো শান্তিৰে থিয় হৈ থকা দেথা গ’ল| দ্বিতীয় আচৰিত কথাটো হ’ল, গুলি চলোৱাৰ পিচত মানুহবোৰে হাঁহি থকাৰ শব্দ পৰিষ্কাৰভাৱে শুনা গ’ল| এই দুটা কথাই ভাইৰেল ভিডিওটোৰ লগত কৰা দাবীবোৰ সন্দিঘ্নতা আনে|  অনুসন্ধানৰ আমি আৰম্ভ কৰোঁ I.nVID টুলৰে| ভাইৰেল ভিডিওৰ কিছু ফুটেজ ক্ৰপ কৰি InVID ত আপলোড কৰি চাৰ্চ কৰিবলৈ আৰম্ভ কৰিলোঁ| এই ভিডিওটো কেইবা ঠাইতো পালোঁ| কেতিয়াবা ইয়াক দিল্লীত ফায়াৰিং ,কেতিয়াবা আকৌ কাশ্মীৰত ফায়াৰিঙৰ নামত ভাইৰেল কৰা গৈছে|

আমি পুৰণা ভিডিও JIIT Academy, Torpa Center Director নামৰ এক ইউটিউবৰ চেনেলত পালো যে ১ নবেম্বৰ ২০১৭ ত আপলোড কৰা এই ভিডিওটো ১ মিনিট সময়ৰ আছিল| এই  ভিডিওটোৰ লগত লিখা আছিল যে এইটো খুন্টী পুলিচৰ মক ড্ৰীল|

অনুসন্ধানৰ সময়ত আমি   ইউটিউবত খুন্টীৰ মক ড্ৰীলৰ ভিডিও পালো| সেইটো আন এটা এঙ্গোলৰ পৰা বনোৱা ভিডিও| ৩ নবেম্বৰ ২০১৭ ত আপলোড হোৱা এই ভিডিওটোত আমি সেই দোকানবোৰ ফালে চালো, যি ভাইৰেল ভিডিওত মজুদ আছিল|

এতিয়া আমি খুন্টী নো কি জানিব লাগিব| তাৰ কাৰণে আমি গুগুলত  খুন্টী চাৰ্চ কৰোঁতে গম পালো যে খুন্টী ঝাৰখাণ্ডৰ এখন প্ৰমুখ জিলা|

ভিডিওটোৰ সত্যতা ৰবাবে খুন্টীৰ এএচপী আশুতোষ শেখৰে জনালে যে এইটো পুৰণা ভিডিও|  এইটো পুলিচ ফায়াৰিঙৰ নহয় বৰং মক ড্ৰিলৰ ভিডিও| এইটো প্ৰায় দুবছৰৰ পুৰণি| খুন্টীৰ মেইন ৰোডত জগদম্বা ষ্টিলৰ ওচৰত জিলা পুলিচে মক ড্ৰীল কৰিছিলে| এই ভিডিওটো সেই মক ড্ৰীলৰে| এই ভিডিও আগতেও ভাইৰেল হৈছিল|

অনুসন্ধানৰ অন্তত আমি ঝাৰখাণ্ডৰ পুৰণা  ভিডিওক অসমৰ নামত ভাইৰেল কৰা ফেচবুক ইউজাৰ দিব্যজ্যোতি ৰ একাউন্টক ঘুকটিলোঁ| আমি গম পালো তেওঁক 465 জনে ফলো কৰে| ইউজাৰ অসমৰ নৰ্থ লক্ষীমপুৰৰ নিবাসী|

নিষ্কৰ্ষঃ অসমত পুলিচ ফায়াৰিঙৰ নামত ভাইৰেল হৈ থকা ভিডিওটো নকলী| প্ৰকৃততে দুবছৰৰ আগতে ঝাৰখণ্ডৰ খুন্টীত হোৱা এক মক ড্ৰীলৰ ভিডিওক অসমৰ নামত ভাইৰেল কৰা গৈছে|

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস