Fact Check : অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভাইৰেল পোষ্ট ভুৱা

বিশ্বাস নিউজৰ অনুসন্ধানত অসম আৰু সংশ্লিষ্ট অন্যান্য ৰাজ্যকেইখনৰ বিধানসভা নিৰ্বাচনৰ ভাইৰেল তাৰিখ সম্পূৰ্ণৰূপে ভুৱা। এইপৰ্যন্ত এনে কোমনো ঘোষণা হোৱা নাই।

Fact Check : অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ এইপৰ্যন্ত ঘোষণা হোৱা নাই, ভাইৰেল পোষ্ট ভুৱা

নতুন দিল্লী (Vishvas News)। অসম বিধানসভা নিৰ্বাচনৰ বাবে এই পৰ্যন্ত কোনো তাৰিখ ঘোষণা হোৱা নাই, পিছে ছ’চিয়েল মিডিয়াত ভুৱা তাৰিখ ভাইৰেল হ’বলৈ আৰম্ভ কৰিলেই। ইয়াৰ উপৰিও পশ্চিমবঙ্গ, তামিলনাডু, পণ্ডিচেৰী আৰু কেৰেলাতো নিৰ্বাচনৰ ভুৱা তাৰিখ ভাইৰেল হৈছে।

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটোৰ তদন্ত কৰে। এই তদন্তত সংশ্লিষ্ট পোষ্টটো ভুৱা বুলি জনা গৈছে। উল্লেখ্য যে এই পৰ্যন্ত নিৰ্বাচন আয়োগে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কোনো তাৰিখ ঘোষণা কৰা নাই।

কি হৈছে ভাইৰেল?

ফে’চবুক ইউজাৰ Bikash Baruah ই ১ ফেব্ৰুৱাৰী তাৰিখে এটা পোষ্ট আপলোড কৰি লিখিছে যে অসম বিধানসভা নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰা হৈছে। পোষ্টটোত অসমৰ উপৰিও পশ্চিমবঙ্গ, তামিলনাডু, কেৰেলা আৰু পণ্ডিচেৰীৰ বিধানসভা নিৰ্বাচনৰ ভুৱা তাৰিখো লিখা হৈছে।

অনুসন্ধান

বিশ্বাস নিউজে সৰ্বপ্ৰথমে গুগল ছাৰ্ছৰ সহায়ত অনুসন্ধান আৰম্ভ কৰে। আমি এই কথা জানিবলৈ বিচাৰিছিলো যে নিৰ্বাচন আয়োগে অসম আৰু অন্যান্য ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰিছে নেকি? গুগল ছাৰ্ছত আমি এনেধৰণৰ কোনো খবৰ বিচাৰি নাপালো, যিটো খবৰে ভাইৰেল হোৱা পোষ্টটোৰ সত্যতা নিৰূপণ কৰিব পাৰে।

ইয়াৰ পিছতে বিশ্বাস নিউজে ভাইৰেল পোষ্টটোক লৈ নিৰ্বাচন আয়োগৰ পৰা আৰম্ভ কৰি আজ তক সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰে। সকলোৱেই এই ভাইৰেল পোষ্ট আৰু তাৰিখক ভুৱা বুলি উল্লেখ কৰিছে। ইফালে নিৰ্বাচন আয়োগৰ মুখপাত্ৰ শেফালি চৰণে বিশ্বাস নিউজক কয় যে এইপৰ্যন্ত এনে কোনোধৰণৰ ঘোষণা কৰা হোৱা নাই। এয়া সম্পূৰ্ণ ভুৱা খবৰ।

আনফালে অসম মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেই এই ভাইৰেল পোষ্ট সন্দৰ্ভত কয় যে এনে কোনো তাৰিখ সন্দৰ্ভত তেওঁলোক অৱগত নহয়।

অনুসন্ধানৰ অন্তত আমি ভুৱা পোষ্ট আপলোড কৰা লোকজন কোন সেই সন্দৰ্ভত বিচাৰ-খোচাৰ কৰো। আমি জানিব পাৰিছো যে এই বিকাশ বৰুৱা নামৰ লোকগৰাকী অসমৰ নিবাসী। সম্প্ৰতি গোৱাত বসবাস কৰে। তেখেতৰ একাউণ্টত অধিকাংশ পোষ্ট অসমীয়া ভাষাত দেখা গৈছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত অসম আৰু সংশ্লিষ্ট অন্যান্য ৰাজ্যকেইখনৰ বিধানসভা নিৰ্বাচনৰ ভাইৰেল তাৰিখ সম্পূৰ্ণৰূপে ভুৱা। এইপৰ্যন্ত এনে কোমনো ঘোষণা হোৱা নাই।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস