Fact Check : যোগ গুৰু ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ এই ছবি পুৰণি, কৰোনা আক্ৰান্ত হোৱাৰ ভুল দাবীৰে ভাইৰেল

উপসংহাৰ: যোগগুৰু বাবা ৰামদেৱ আৰু পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা আৰু ভেণ্টিলেটৰৰ সহায়ত ৰখাৰ ভাইৰেল হোৱাৰ ছবি পুৰণি, ভুল প্ৰসংগৰে এয়া শ্বেয়াৰ কৰি থকা হৈছে। দুয়োখন ফটোৰ সৈতে কৰোনা ভাইৰাছ সংক্ৰমণৰ কোনো সম্পৰ্ক নাই।

নতুন দিল্লী (বিশ্বাস নিউজ)  যোগ গুৰু বাবা ৰামদেৱ আৰু তেওঁৰ সহযোগী তথা পতঞ্জলি আয়ুৰ্বেদৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণৰ দুখন পৃথক পৃথক ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইয়াৰ সৈতে দাবী কৰা হৈছে যে বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণ কৰোনাত আক্ৰান্ত হৈছে আৰু গুৰুতৰ অৱস্থাৰ বাবে দুয়োকে ভেণ্টিলেটৰত ৰখা হৈছে।

বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। যোগ গুৰু ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ ভাইৰেল ছবিবোৰ পুৰণি, যাৰ কৰোনা ভাইৰাছ সংক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই।

কি এই ভাইৰেল পোষ্ট

ফেচবুক ইউজাৰ ‘ Mohammad Shahin Khan’ এ এই ভাইৰেল ফটো (আৰ্কাইভ লিংক) শ্বেয়াৰ কৰি লিখিছে, “অক্সিজেনৰ ওপৰত জ্ঞান দি থকা বাবা ৰামদেৱ মাত্ৰ কেইদিনমান আগতে ভেণ্টিলেটৰত আছিল।”

এয়া টুইটাৰ ইউজাৰ ‘Dilsedesh’ এ শ্বেয়াৰ কৰা ৰামদেৱ আৰু বালকৃষ্ণৰ ফটো

https://twitter.com/Dilsedesh/status/1390994561934106627

(আৰ্কাইভ লিংক) টো একেধৰণৰ দাবীৰেই শ্বেয়াৰ কৰা হৈছে।

অনুসন্ধান

এই ভাইৰেল ছবি লাভ কৰা মাত্ৰকে আমি অনুসন্ধান আৰম্ভ কৰিছিলো। গুগলযোগে কৰা বাতৰি অনুসন্ধানত, আমি এনে কোনো বাতৰি পোৱা নাছিলো য’ত যোগগুৰু ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাবে ভেণ্টিলেটৰত ৰখাৰ কথা উল্লেখ আছে।

আমি তেতিয়া দুয়োখন ভাইৰেল ছবি পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছিলো, প্ৰথমেই আমি গুগল ৰিভাৰ্চ ইমেজ চাৰ্চৰ যোগেদি অনুসন্ধান আৰম্ভ কৰিলো আৰু এই অনুসন্ধানকালতে আমি নিউজ ৱেবছাইটত প্ৰকাশিত এটা পুৰণি প্ৰতিবেদনত এই ফটোখন দেখিবলৈ পাইছিলো

উল্লেখিত তথ্য অনুসৰি, বাবা ৰামদেৱে ১২ জুন, ২০১১ তাৰিখে ডেৰাডুনৰ এখন চিকিৎসালয়ত আমৰণ অনশনৰ অন্ত পেলাইছিল। এক বাতৰি অনুসৰি, ৰামদেৱে এক কঠোৰ দুৰ্নীতি বিৰোধী আইনৰ দাবীৰে অনশনত বহিছিল কিন্তু এই অনশনৰ মাজতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ বাবে ডেৰাডুনৰ হিমালয়ান ইনষ্টিটিউট ট্ৰাষ্ট চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। শ্ৰীশ্ৰী ৰবি শংকৰ আৰু তেওঁৰ অনুগামীসকলে চিকিৎসালয়লৈ গৈ তেওঁৰ অনশনৰ অন্ত পেলোৱাৰ অনুৰোধ কৰিছিল আৰু সেই অনুসৰি বাবা ৰামদেৱে অনশনৰ অন্ত পেলাইছিল। এই ছবিখনৰ সৈতে কৰোনা ভাইৰাছ সংক্ৰমণৰ কোনো সম্পৰ্ক নাই অথচ এনেদৰেই ভুৱা দাবীৰে ইয়াক ভাইৰেল কৰি থকা হৈছে।

দ্বিতীয়খন ভাইৰেল ছবি ৰামদেৱৰ দীৰ্ঘদিনৰ সহযোগী আচাৰ্য বালকৃষ্ণৰ। আমি যেতিয়া গুগল ৰিভাৰ্চ ইমেজ চাৰ্চৰ যোগেদি এয়া বিচাৰিবলৈ লৈছিলো, আমি এই ছবিখন অমৰ উজালাৰ সংবাদ গোষ্ঠীৰ ৱেবছাইটত প্ৰকাশিত এটা পুৰণি প্ৰতিবেদন দেখিবলৈ পাইছিলো।

২৪ আগষ্ট, ২০১৯ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, পতঞ্জলি আয়ুৰ্বেদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বাবা ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণই শুক্ৰবাৰে আবেলি হঠাতে অসুস্থ অনুভৱ কৰিছিল। স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক এইমছ হৃষীকেশত ভৰ্তি কৰোৱা হৈছিল। অৰ্থাৎ, ছবিখন পুৰণি, যিটো শেহতীয়াকৈ দাবী কৰা হৈছে যে তেওঁ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ভেণ্টিলেটৰৰ সহায়ত তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

আমি এই সন্দৰ্ভত পতঞ্জলিৰ মুখপাত্ৰ এছ কে তিজাৰাৱালাৰ পৰা এটা টুইট দেখিবলৈ পাইছিলো, এই টুইটত উল্লেখ আছে যে খাদ্যৰ বিষক্ৰিয়াৰ ফলত আচাৰ্য বালকৃষ্ণৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।

https://twitter.com/tijarawala/status/1164906198484705280

আমাৰ সহকৰ্মী দৈনিক জাগৰণৰ হৰিদ্বাৰৰ ব্যুৰ’ অনুপ কুমাৰ সিঙে আমাক নিশ্চিতি দিছে যে, “এই দুয়োখন ছবিয়েই পুৰণি। খাদ্যৰ বিষক্ৰিয়াৰ বাবে হৃষীকেশৰ এইমছত ভৰ্তি হোৱাৰ সময়ত আচাৰ্য বালকৃষ্ণৰ ছবিখন বহু পুৰণি। আনহাতে, বাবা ৰামদেৱৰ ভাইৰেল ছবিখনো পুৰণি, সেইসময়ত তেওঁ ক’লা ধনৰ বিৰুদ্ধে আইন অনাৰ দাবীৰে অনশনত বহিছিল আছিল আৰু তাৰ পিছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।’

মিছা দাবীৰে এই ভাইৰেল ছবিখন শ্বেয়াৰ কৰা ফেচবুক ইউজাৰগৰাকীয়ে নিজকে তেওঁৰ প্ৰ’ফাইলত এজন কংগ্ৰেছ কৰ্মী হিচাপে উল্লেখ কৰিছে। তেওঁৰ প্ৰ’ফাইলত ৭৮ গৰাকী লোক আছে।

https://www.vishvasnews.com/politics/fact-check-an-old-image-of-mamata-banerjee-and-amit-shah-meeting-during-ezc-summit-is-being-shared-with-false-context/

নিষ্কৰ্ষঃ উপসংহাৰ: যোগগুৰু বাবা ৰামদেৱ আৰু পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণক কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা আৰু ভেণ্টিলেটৰৰ সহায়ত ৰখাৰ ভাইৰেল হোৱাৰ ছবি পুৰণি, ভুল প্ৰসংগৰে এয়া শ্বেয়াৰ কৰি থকা হৈছে। দুয়োখন ফটোৰ সৈতে কৰোনা ভাইৰাছ সংক্ৰমণৰ কোনো সম্পৰ্ক নাই।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস