Fact Check : চাৰিবছৰ পুৰণি অসমৰ ফটো ভাইৰেল হ’ল ক’ৰোনাৰ সময়ত

উপসংহাৰ: ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত বিভ্ৰান্তিকৰ প্ৰমাণিত হৈছে। এপ্ৰিল ২০১৭ ৰ ভাইৰেল ছবিখনে এতিয়া বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

বিশ্বাস নিউজ (নতুন দিল্লী) ।  যদিও কৰোনা মহামাৰীয়ে সমগ্ৰ দেশতে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, তথাপি একাংশ লোকে কিছুমান উৰা বাতৰি প্ৰচাৰ কৰি বিকৃত মানসিকতাৰ পৰিচয় দাঙি ধৰিবলৈ এৰা নাই। শেহতীয়াকৈ এখন ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ থাক দেখা গৈছে। এই ফটোখনত এজন মানুহক তেওঁৰ চাইকেলত বান্ধি থোৱা এটা মৃতদেহ কঢ়িয়াই নিয়া দেখা যায়। ইউজাৰসকলে ইয়াক শেহতীয়া হিচাপে ভাইৰেল কৰি তুলিছে। ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত এক বিভ্ৰান্তিকৰ পোষ্ট হিচাপে প্ৰমাণিত হৈছে।

যেতিয়া আমি এই ফটোখন পৰীক্ষা কৰিছিলো, দেখিবলৈ পাইছিলো যে এই ভাইৰেল ফটোখন ২০১৭ চনৰে ফটো আছিল। ২০১৭ চনৰ এপ্ৰিল মাহত অসমৰ মাজুলীৰ এই বেদনাদায়ক ছবিখন বিশ্ববাসীয়ে দেখিছিল। ৰাস্তাৰ অভাৱত এজন মানুহে তেওঁৰ সৰু ভায়েকৰ মৃতদেহটো চাইকেলেৰে বান্ধিব লগা হৈছিল।

কি এই ভাইৰেল পোষ্ট

ফেচবুক ইউজাৰ আফজল এছ ছিদ্দিকীয়ে ৬ মে’ত এখন ছবি আপলোড কৰি লিখিছিল যে এতিয়া কিয় নিশ্চিন্ত নহয়, কি হেৰুৱাবলৈ বাকী আছে। মই বাকৰুদ্ধ হৈ পৰিছো!

মানুহে এই ছবিখন কৰোনামৃত্যু হিচাপে ভাইৰেল কৰি তুলিছে।ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল পোষ্টটোৰ সত্যতা নিশ্চিত কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজ টুলৰ সহায় লয়। আমি এই ভাইৰেল ছবিখন আপলোড আৰু অনুসন্ধান কৰাত আমি ইণ্ডিয়ান এক্সপ্ৰেছ ৱেবছাইটত প্ৰকাশিত এটা পুৰণি বাতৰিৰ সৈতে মূল ছবিখন পাইছিলো। ২০১৭ চনৰ ১৯ এপ্ৰিলত প্ৰকাশিত বাতৰিটোত প্ৰকাশ পাইছিল আৰু ইয়াত উল্লেখ কৰা হৈছিল যে অসমৰ মাজুলীত ভাল পথৰ অভাৱত এজন ব্যক্তিয়ে তেওঁৰ সৰু ভাতৃৰ মৃতদেহ চাইকেলত কঢ়িয়াই নিব লগা হৈছিল।

সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক। এই বাতৰিটো আমি জনসত্তা ডট কমতো পঢ়িবলৈ পাইছো।

তদন্ত আগবঢ়াই বিশ্বাস নিউজে অসমৰ স্থানীয় সাংবাদিক এগৰাকীৰ সৈতে যোগাযোগ কৰে। নিয়মীয়া বাৰ্তা বাতৰি কাকতৰ উপ সম্পাদক দিগন্ত বৈৰাগীয়ে বিশ্বাস নিউজক জনায় যে এই ভাইৰেল পোষ্টটো ভুৱা। এই ছবিখন প্ৰায় ২০১৭ চনৰে।

এতিয়া চাৰি বছৰ পুৰণি ছবিখন ভাইৰেল কৰা ইউজাৰজনৰ ছ’চিয়েল স্কেন কৰাত আমি গম পাইছিলো যে ফে’চবুক ব্যৱহাৰকাৰী আফজল ছিদ্দিকী শ্ৰীনগৰৰ বাসিন্দা। তেওঁৰ একাউণ্টটো ২০১৫ চনৰ জুলাইত সৃষ্টি কৰা হৈছিল। এই একাউণ্টটোত ২০০০ ৰো অধিক লোক আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ অনুসন্ধানত বিভ্ৰান্তিকৰ প্ৰমাণিত হৈছে। এপ্ৰিল ২০১৭ ৰ ভাইৰেল ছবিখনে এতিয়া বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস