বিশ্বাস নিউজৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি ভাইৰেল হোৱা লাইট শ্ব’ৰ ভিডিঅ’ নাগপুৰৰ নহয়, শ্ৰীনগৰৰ ডাল হ্ৰদৰহে।
নতুন দিল্লী (বিশ্বাস নিউজ): এটা ভিডিঅ’ বিভিন্ন সামাজিক নেটৱৰ্কিং প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে, য’ত এটা হ্ৰদৰ ওপৰত এটা লাইট শ্ব’ দেখুওৱা হৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টো মহাৰাষ্ট্ৰৰ নাগপুৰৰ। অৱশ্যে, বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছে যে ভিডিঅ’টো শ্ৰীনগৰৰ ডেল হ্ৰদৰহে।
কি এই ভাইৰেল পোষ্ট?
ফেচবুক ব্যৱহাৰকাৰী সুনীল ডমকুণ্ডৱাৰে এটা লাইট শ্ব’ৰ ভিডিঅ’ তেওঁৰ ফে’চবুক প্ৰ’ফাইলত পোষ্ট কৰিছিল। ভিডিঅ’টোত এটা হ্ৰদৰ ওপৰেৰে পোহৰৰ ৰেখা বৈ যোৱা দেখুওৱা হৈছে।
ইউজাৰগৰাকীয়ে মাৰাঠী ভাষাত লিখিছে, “फुटाळा तातव (नागपुर) पहिली”
অনুবাদ: ফুটালা হ্ৰদৰ প্ৰথমটো দৃশ্য
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাওক।
অনুসন্ধান
বিশ্বাস নিউজে অনুসন্ধানৰ প্ৰথম পৰ্যায়ত ভিডিঅ’টো ভালদৰে পৰীক্ষা কৰে আৰু তাৰ পিছতে ফুটালা হ্ৰদৰ ভিডিঅ’ অনলাইনত অনুসন্ধান কৰে। ভিডিঅ’টো ফুটালা হ্ৰদৰ দৰে লাগিছিল যদিও হ্ৰদৰ কাষৰ টাইলছবোৰ পোষ্টটোত দেখা ভাইৰেল ভিডিঅ’ৰ দৰে নহয়।
বিশ্বাস নিউজে ইয়াৰ পিছতে InVID টুল ব্যৱহাৰ কৰি ভিডিঅ’টোৰ স্ক্ৰীণ গ্ৰেব অনুসন্ধান কৰিছিল। আমি বিভিন্ন ইউটিউব চেনেলত একে ধৰণৰ ভিডিঅ’ দেখিবলৈ পাইছিলো। আমি ২০ ছেপ্টেম্বৰ, ২০২১ তাৰিখে ইউটিউব চেনেল Oakland Desi ত আপলোড কৰা একেটা ভিডিঅ’ পাইছিলো। ভিডিঅ’টোত লিখা হৈছে, ‘শ্ৰীনগৰৰ ডেল হ্ৰদত লেজাৰ শ্ব’।
বিশ্বাস নিউজে তদন্তৰ অন্তিম পৰ্যায়ত নাগপুৰ ANI ৰ সংবাদদাতা সৌৰভ যোশীৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ কয় যে যদিও ফুটালা হ্ৰদৰ পুনৰ্বিকাশৰ খবৰ পোৱা গৈছে, তথাপিও এই প্ৰক্ৰিয়াটো চলিহে আছে। তেওঁ লগতে কয় যে ফুটালা হ্ৰদত লাইট শ্ব’ আৰম্ভ হোৱা নাই আৰু এই ভিডিঅ’টো নাগপুৰৰ নহয়।
বিশ্বাস নিউজে অৱশেষত এই ভুৱা দাবীৰে ভিডিঅ’ পোষ্ট কৰা ছ’চিয়েল মিডিয়া ইউজাৰ সুনীল ডমকুণ্ডৱাৰৰ ছ’চিয়েল স্কেনিং কৰোতে জানিবলৈ পায় যে এই লোকগৰাকী নাগপুৰৰ আৰু তেওঁৰ একাউণ্টৰ সৈতে ১৩৮ জন লোক আছে আৰু তেওঁৰ ২৩৯০ জন বন্ধু আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি ভাইৰেল হোৱা লাইট শ্ব’ৰ ভিডিঅ’ নাগপুৰৰ নহয়, শ্ৰীনগৰৰ ডাল হ্ৰদৰহে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ