Fact Check : ১৫ ৰ পৰা ৩০ এপ্ৰিললৈ সম্পূৰ্ণ লকডাউনৰ ভাইৰেল পোষ্ট ভুৱা

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। সমগ্ৰ দেশত সম্পূৰ্ণ লকডাউনৰ খবৰ ভুৱা।

Fact Check : ১৫ ৰ পৰা ৩০ এপ্ৰিললৈ সম্পূৰ্ণ লকডাউনৰ ভাইৰেল পোষ্ট ভুৱা

বিশ্বাস নিউজ (নতুন দিল্লী)। শেহতীয়াকৈ এটা নিউজ চেনেলৰ এক বিশেষ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈছে আৰু ইয়াৰ জৰিয়তে এক উৰাবাতৰি প্ৰচাৰ কৰা হৈছে। ইয়াত কোৱা হৈছে যে ১৫ ৰ পৰা ৩০ এপ্ৰিললৈ দেশত সম্পূৰ্ণ লকডাউন জাৰি কৰা হৈছে। এই স্ক্ৰীণশ্বটটো ভাইৰেল কৰি মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে।

এই ভাইৰেল পোষ্টটো বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত ভুৱা বুলি প্ৰমাণিত হৈছে। আমি জানিব পাৰিছো যে টিভি ৯ ভাৰতৰ ল’গ’ আৰু স্ক্ৰীণ ব্যৱহাৰ কৰি এই ভুৱা পোষ্টটো প্ৰস্তুত কৰা হৈছিল। আমি ভালেমান ইউটিউব চেনেলতো এই ভুৱা স্ক্ৰীণশ্বটৰ ব্যৱহাৰ দেখিবলৈ পাইছোঁ।

কি এই ভাইৰেল পোষ্ট

সন্দীপ সিং নামৰ এগৰাকী ফে’চবুক ব্যৱহাৰকাৰীয়ে ১৪ এপ্ৰিলত এটা ভুৱা স্ক্ৰীণশ্বট পোষ্ট কৰি দাবী কৰিছিল যে ১৫ ৰ পৰা ৩০ এপ্ৰিললৈ দেশত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।

ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে সৰ্বপ্ৰথমে ভাইৰেল হৈ থকা টিভি 9 ৰ এটা স্ক্ৰীণশ্বটৰ সত্যতা নিৰূপণৰ চেষ্টা কৰে, য’ত লিখা আছিল – “ভাইৰাছৰ পৰা কোনে সুৰক্ষা দিব পাৰে”? এতিয়া লকডাউনেই একমাত্ৰ উপায়?’ আমি জনাৰ চেষ্টা কৰিছিলো যে টিভি ৯ ভাৰতবৰ্ষই কেতিয়া এই বাক্যটো ব্যৱহাৰ কৰিছিল। আমাৰ অনুসন্ধানত, আমি ১২ এপ্ৰিল, ২০২১ তাৰিখৰ এক প্ৰতিবেদনত এই বাক্যষাৰি লাভ কৰিছিলোঁ। বাতৰিটোৰ প্ৰথম কেইছেকেণ্ডত একেটা বাক্যই ব্যৱহাৰ কৰা হৈছিল। সেয়া আপুনি ইয়াত চাব পাৰিব।

আমাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে এই ভাইৰেল স্ক্ৰীণশ্বটটো মৰ্ফ কৰা হৈছিল বা সম্পাদনা কৰা হৈছিল, কিয়নো ফণ্টৰ পৰা ডিজাইন পৰ্যন্ত টিভি9 ভাৰতৰ ষ্টাইল শ্বীটতকৈ পৃথক আছিল।

আমাৰ অনুসন্ধান আগুৱাই লৈ, আমি ভাইৰেল পোষ্টটো পুনৰ তন্নতন্নকৈ চালো। ইয়াত, আমি ৰিয়েল এডুকেশ্যন নামৰ এটা ইউটিউব চেনেলৰ নাম দেখিছিলোঁ। পোষ্টটোত ভাইৰেল বাতৰিটো একেটা চেনেলৰ পৰা সম্প্ৰচাৰ কৰা হৈছিল। আমি জানিব পাৰিছিলো যে এই চেনেলটোত ১৩ এপ্ৰিল, ২০২১ তাৰিখে নিউজ চেনেলৰ এটা মৰ্ফ কৰা বা সম্পাদিত স্ক্ৰীণশ্বট ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ সৈতে, বিভিন্ন বাতৰি সংকুচিত কৰি এটা ভিডিঅ’ প্ৰস্তুত কৰাও হৈছিল। আমি ৰিয়েল এডুকেশ্বন নামৰ এই চেনেলটোত বহুতো বিভ্ৰান্তিকৰ ভিডিঅ’ লাভ কৰিছিলোঁ।

https://youtu.be/xGdkd3o267M

অনুসন্ধানৰ পৰৱৰ্তী পৰ্যায়ত, আমি টিভি 9 ভাৰতবৰ্ষৰ সম্পাদকৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ কৈছিল যে এইটো সম্পূৰ্ণৰূপে ভুৱা। চেনেলটোত তেনে কোনো বাতৰি প্ৰচাৰ কৰা হোৱা নাছিল।

অনুসন্ধানৰ সময়ত, আমি জানিব পাৰিছিলো যে নিশাৰ কাৰ্ফিউৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যত সপ্তাহান্তৰ কাৰ্ফিউ জাৰি কৰা হৈছে। তদুপৰি, পৰৱৰ্তী নিৰ্দেশলৈকে কিছুমান ৰাজ্যত কাৰ্ফিউ জাৰি কৰা হৈছে যদিও ৩০ এপ্ৰিলৰ ভিতৰত সমগ্ৰ দেশতে লকডাউন জাৰি কৰাটো সম্পূৰ্ণ ভিত্তিহীন খবৰ।

বিশ্বাস নিউজে ভুৱা স্ক্ৰীণশ্বট ভাইৰেল কৰা ফে’চবুক ইউজাৰ সন্দীপ সিঙৰ ছ’চিয়েল মিডিয়া প্ৰ’ফাইল স্কেন কৰাত জানিবলৈ পাও যে এই ইউজাৰগৰাকী ৰেৱাৰীৰ বাসিন্দা। তেওঁৰ ৯০০ তকৈও অধিক বন্ধু আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। সমগ্ৰ দেশত সম্পূৰ্ণ লকডাউনৰ খবৰ ভুৱা।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস