X
X

Fact Check: সাংবাদিক শীলা ভট্টৰ দাউদ ইব্ৰাহিমৰ লগত ছবি, আকৌ ভুৱা দাবিৰ সৈতে ভাইৰাল

  • By: Umam Noor
  • Published: Sep 27, 2024 at 05:28 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত আকৌ এবাৰ এজন মহিলাৰ লগত দাউদ ইব্ৰাহিমৰ ছবি ভাইৰাল হৈ আছে। ভাইৰাল ছবিত দুয়োক কাৰ্য্যালয়ত বহি থকা দেখা যায়। এই ছবিখনক বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈ আছে। ছবিখনক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, দাুদ ইব্ৰাহিমৰ লগত দেখা পোৱা মহিলাগৰাকী কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাংবাদিক সুপ্ৰিয়া শ্ৰীনেত হয়।

আমাৰ তদন্তত ভাইৰাল দাবি ভুৱা বুলি প্ৰমানিত হৈছে। ভাইৰাল ছবিখন 1987 চনৰ দুবাইৰ পাৰ্ল বিল্ডিঙৰ হয়, যত মহিলা সাংবাদিক শীলা ভট্টয় দাউদ ইব্ৰাহিমৰ সাক্ষাৎকাৰ লৈছিল। এই ছবিখন ইয়াৰ আগতও ভুৱা দাবিৰ সৈতে ভাইৰাল হৈছে, ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, এজনি মহিলা সাংবাদিকক দাউদ ইব্ৰাহিমৰ লগত বহি থকা অৱস্থাত দেখা পোৱা গৈছে, এই ছবিখন 1987 চনৰ আৰু যিজন মহিলা সাংবাদিকক  বহি থকা দেখা গৈছে, তেঁও এতিয়াৰ কংগ্ৰেছ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেত হয়। বুজি পালেনে কংগ্ৰেছ কি বস্তু?”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি গুগল লেঞ্চৰ জৰিয়তে ভাইৰাল ছবিখন শ্বেয়াৰ কৰিলোঁ। অনুসন্ধান কৰোঁতে আমি এই ছবিখন সাংবাদিক শীলা ভট্টৰ ভেৰিফাইড এক্স হেণ্ডেলত  14 জুন 2023 ত পোষ্ট হোৱা পোৱা গল। ইয়াত ছবিৰ লগত থকা তথ্য মতে, এয়া 1987  চনত দুবাইত দাউদ ইব্ৰাহিমৰ তেঁওৰ লগত হোৱা সাক্ষাৎকাৰৰ ছবি।

এএনআই নিউজ চেনেলৰ ইউটিউব চেনেলত আমি সাংবাদিক শীলা ভট্টৰ এখন সাক্ষাৎকাৰ পালোঁ। ইয়াত তেঁওক 1987  চনত দুবাইত দাউদ ইব্ৰাহিমক লগ পোৱা আৰু সাক্ষাৎকাৰৰ বিষয়ে কথা পাতি থকা দেখা যায়।

এই ছবিখন ইয়াৰ আগতেও ভুল দাবিৰ সৈতে ভাইৰাল হৈছিল আৰু 17 জুন 2023-ত সাংবাদিক  শীলা ভট্টই নিজৰ এক্স হেণ্ডেলত এই ছবি সন্দৰ্ভত বিতং তথ্য দিছিল। এই পোষ্টত শীলা দেবীয়ে কৈছিল যে, এই ছবি আৰু সাক্ষাৎকাৰক সাপ্তাহিক অভিযান আৰু দা ইলস্ট্ৰেটেড ৱীকলী-এ 1987 চনত ছপাইছিল।

এতিয়া সময় আছিল ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ ছছিয়েল স্কেনিং কৰাৰ। আমি গম পালো যে এই পেজটোক এক লাখতকৈ অধিক মানুহে অনুসৰণ কৰে।

উপসংহাৰ: আমাৰ তদন্তত ভাইৰাল দাবি ভুৱা বুলি প্ৰমানিত হৈছে। ভাইৰাল ছবিখন 1987 চনৰ দুবাইৰ পাৰ্ল বিল্ডিঙৰ হয়, যত মহিলা সাংবাদিক শীলা ভট্টয় দাউদ ইব্ৰাহিমৰ সাক্ষাৎকাৰ লৈছিল। এই ছবিখন ইয়াৰ আগতও ভুৱা দাবিৰ সৈতে ভাইৰাল হৈছে, ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

  • Claim Review : দাউদ ইব্ৰাহিমৰ লগত দেখা পোৱা মহিলাগৰাকী কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাংবাদিক সুপ্ৰিয়া শ্ৰীনেত হয়।
  • Claimed By : এফবি পেজ; যোগী আদিত্যনাথৰ ভক্ত কেৱল হিন্দু ভাইৰ বাবে
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later