Fact Check : জৱাহৰলাল নেহৰুৰ এই ছবি বিকৃত কৰি হৈছে
উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল ফটো ভুৱা বুলি প্ৰতিপন্ন হৈছে। মহিলাসকলৰ প্ৰকৃত ফটোখনত নেহৰুজীৰ ফটোখন পৃথককৈ সংযোজিত কৰা হৈছে।
- By: Ashish Maharishi
- Published: Apr 8, 2021 at 05:47 PM
- Updated: Mar 9, 2022 at 10:57 AM
বিশ্বাস নিউজ (নতুন দিল্লী) । দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু পুনৰ ছ’চিয়েল মিডিয়াৰ নেটিজেনৰ তীৰ্যক আক্ৰমণৰ বলি হ’বলগীয়া হৈছে। তেওঁৰ এখন বিকৃতকৃত ফটো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল কৰা হৈছে। এই ছবিখনৰ সৈতে নেহৰুক লৈ বিভিন্ন আপত্তিজনক কথা লিখা হৈছে। এই ভুৱা ফটোখনত পণ্ডিত নেহৰুক কেইগৰাকীমান মহিলাৰ সৈতে দেখুওৱা হৈছে।
বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটো পৰীক্ষা কৰে। ইয়াৰ পিছতে আমি জানিবলৈ পাও যে এই ছবি সম্পূৰ্ণৰূপে ভুৱা আৰু এয়া সম্পাদনা কৰা হৈছে। পণ্ডিত জৱাহৰলাল নেহৰুৰ ভাৱমূৰ্তি জনচক্ষুত ম্লান কৰিবৰ বাবে এনে ভুৱা পোষ্ট ভাইৰেল কৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও পণ্ডিত জৱাহৰলাল নেহৰু সম্বন্ধীয় বহু ভুৱা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।
কি এই ভাইৰেল পোষ্ট
ফে’চবুক ইউজাৰ ৰাহুল ঠাকুৰে বিগত ৪ এপ্ৰিলত এটা গ্ৰুপত জৱাহৰলাল নেহৰুৰ এখন ভুৱা ফটো আপলোড কৰি লিখিছিল – ‘বন্ধুসকল, নাৰী সবলীকৰণৰ কাম কৰি থকা অৱসথাত চাচা নেহৰু, তথাপিও তোমালোকে এই সম্ভ্ৰান্ত পৰিয়ালটোক সন্দেহৰ চকুৰে চোৱা…এনেকৈ কেনেকৈ হ’ব গোলামহঁত! 😝😝!!’
ফে’চবুকত এই ছবিখন ব্যাপকভাৱে ভাইৰেল হৈছে। এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো আপোনালোকে ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে সৰ্বপ্ৰথমে এই ভাইৰেল ফটোখন গুগল ৰিভাৰ্ছ ইমেজ টুলত আপলোড কৰি ছাৰ্ছ কৰিবলৈ আৰম্ভ কৰো, কিন্তু আমি যি ফলাফল লাভ কৰিলো, সেই আটাইবোৰতে জৱাহৰলাল নেহৰুৰ ছবিখন পৃথককৈ সংযোজিত কৰাহে দেখিবলৈ পালো।
ইয়াৰ পিছতে আমি য়াণ্ডেক্স টুল ব্যৱহাৰ কৰি এই ফটোখনৰ সত্যতা বিচাৰি কৰিলো। এই ছাৰ্ছত আমি প্ৰকৃত ফটোখন কেবাটাও ৱেবছাইটত দেখিবলৈ পালো। এই ফোটোবোৰত আমি কতোৱেই জৱাহৰলাল নেহৰুৰ ফটো দেখিবলৈ নাপালো। এই ফটোখন সন্দৰ্ভত উল্লেখ কৰা হৈছে যে ১৯২০ চনত কোৰাছ নৃত্যশিল্পীসকলে সেউজগৃহত সাজু হৈ থকা অৱস্থাত তোলা হৈছিল এই ফটো।
দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীগৰাকীক বদনাম কৰিবৰ বাবে এনেদৰে সম্পাদনা কৰা ফটো সন্দৰ্ভত মন্তব্য দি কংগ্ৰেছৰ মুখপাত্ৰ অখিলেশ প্ৰতাপ সিঙে কয় যে আজি এই কথা আৰু গোপন হৈ থকা নাই যে গান্ধী-নেহৰু পৰিয়ালক ঘৃণা কৰা লোকসকল আচলতে কোন। এয়াই প্ৰথম নহয় যে নেহৰু জীক বদনাম কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ পূৰ্বেও বহুবাৰ নেহৰুজীৰ ভাৱমূৰ্তি নষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে। আমাৰ অনুসন্ধানৰ অন্তত এই ভুৱা ফটোৰ জৰিয়তে নেহৰুৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ বিচৰা ইউজাৰগৰাকীৰ প্ৰ’ফাইল স্কেন কৰো। আমি জানিবলৈ পাও যে এইগৰাকী ৰাহুল ঠাকুৰ চিমলা নিবাসী আৰু এক বিশেষ বিচাৰধাৰাৰ প্ৰতি বিশ্বাস ৰখা এইগৰাকী ইউজাৰক ৯৩৩ গৰাকী লোকে ফ’লো কৰে।
নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল ফটো ভুৱা বুলি প্ৰতিপন্ন হৈছে। মহিলাসকলৰ প্ৰকৃত ফটোখনত নেহৰুজীৰ ফটোখন পৃথককৈ সংযোজিত কৰা হৈছে।
- Claim Review : বন্ধুসকল, নাৰী সবলীকৰণৰ কাম কৰি থকা অৱসথাত চাচা নেহৰু, তথাপিও তোমালোকে এই সম্ভ্ৰান্ত পৰিয়ালটোক সন্দেহৰ চকুৰে চোৱা…এনেকৈ কেনেকৈ হ’ব গোলামহঁত!
- Claimed By : Rahul Thakur
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.