X
X

Fact Check: AIUDF নেতা বদৰুদ্দিন আজমলৰ এই ভাইৰেল ভিডিঅ’ সম্পাদনা কৰা হৈছে

উপসংহাৰ – Vishvas News এ নিজস্ব অনুসন্ধানত এই ভিডিঅ’ সম্পাদিত বুলি ধৰা পৰিছে।

বিশ্বাস নিউজ (নতুন দিল্লী) । অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট চমুকৈ AIUDF ৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমলৰ এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত ভাইৰেল হোৱা দেখা গৈছে। এই ভাইৰেল ক্লিপত AIUDF প্ৰধানগৰাকীয়ে এই কথা কৈ থকা দেখা গৈছে যে যদিহে AIUDF ক্ষমতালৈ আহে তেন্তে তেওঁলোকে ভাৰতক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিৱৰ্তিত কৰিব।

Vishvas News এ নিজস্ব অনুসন্ধানত এই ভাইৰেল দাবী ভুৱা বুলি জানিব পৰা গৈছে। এই ভাইৰেল ভিডিঅ’ সূক্ষ্মভাৱে সম্পাদনা কৰা হৈছে।

কি এই ভাইৰেল ভিডিঅ’

এই ভাইৰেল ভিডিঅ’টোত বদৰুদ্দিন আজমলে এনেদৰে কোৱা দেখা গৈছে যে, “মোগলে ৮০০ বছৰলৈ ভাৰত শাসন কৰিছিল। আমি ভাৰতক ইছলামিক ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিম। ইউপিএ আৰু মহাজোঁটৰ চৰকাৰ নিৰ্মাণ কৰিম আৰু ইয়াৰ অংশ হিচাপে থাকিব মোৰ দল এআইইউডিএফ। দেশত এজনো হিন্দু নাথাকিব। আমি সকলোকে মুছলমান বনাম।”

ভাইৰেল পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব

অনুসন্ধান

নিজস্ব অনুসন্ধান আৰম্ভ কৰিবৰ বাবে এই ভিডিঅ’টো ইনভিড টুলৰ মাধ্যমেৰে কী-ফ্ৰেমবোৰ উলিয়াই ললো, ইয়াৰ পিছত এই কীফ্ৰেমবোৰ গুগল ৰিভাৰ্ছ ইমেজত ছাৰ্ছ কৰিলো। ইয়াতেই আমি জানিব পাৰিলো যে এই ক্লিপটো ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বৰপেটাত অনুষ্ঠিত এক নিৰ্বাচনী সভাৰ এক ভিডিঅ’ৰ পৰা সংগ্ৰহ কৰা হৈছে। আমি এই সম্পূৰ্ণ ভিডিঅ’টো SANIDUL VLOGS নামৰ এটা youtube চেনেলত লাভ কৰিছো।

প্ৰকৃত ভাষণটোত মৌলানা বদৰুদ্দিন আজমলে কৈছে, “মোগলে ভাৰতত ৮০০ বছৰলৈ শাসন কৰিছিল, কিন্তু তেওঁ কেতিয়াও ভাৰতক ইছলামিক ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ সপোন দেখাৰো সাহস কৰা নাছিল। কৰিছিল নেকি? তেওঁ চেষ্টাও কৰা নাছিল। তেওঁ সাহস কৰিবই নোৱাৰিলে। তাৰ পিছত ব্ৰিটিছে ২০০ বছৰ ৰাজত্ব কৰিছিল ভাৰতত। তেওঁলোকেও কেতিয়াও ভাৰতক খ্ৰীষ্টিয়ান ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ সাহস কৰা নাছিল। দেশ স্বাধীন হোৱাৰ পিছত ৭০ বছৰৰ ভিতৰত ৫৫ বছৰ কংগ্ৰেছেই দেশৰ শাসনৰ দায়িত্ব লাভ কৰিছিল। জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি লাল বাহাদুৰ শাস্ত্ৰী, ৰাজীৱ গান্ধীৰ পৰা আৰম্ভ কৰি নৰসিংহ ৰাও, মনমোহন সিং আদি কংগ্ৰেছ নেতাইও কেতিয়াও ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ সপোন দেখা নাই। মোদী জী, আপুনিও এই সপোন কেতিয়াও নেদেখিব, আপোনাৰ এই সপোন ভাঙি যাব। এই দেশ ধৰ্ম নিৰপেক্ষ, আৰু ধৰ্ম নিৰপেক্ষ হৈয়েই থাকিব।”

আমাৰ তদন্তত আমি দেখিবলৈ পাইছো যে AIUDF ৰ নিজস্ব টুইটাৰ হেণ্ডেলতো এই ভাইৰেল দাবী সম্পূৰ্ণৰূপে ভুৱা বুলি উল্লেখ কৰাৰ উপৰিও প্ৰকৃত ভিডিঅ’টোও আপলোড কৰা হৈছে।

এই ভাইৰেল ভিডিঅ’ সন্দৰ্ভত আমি বদৰুদ্দিন আজমলৰ সৈতে যোগাযোগ কৰিছিলো আৰু তেওঁ জনায়, “এয়া মোৰ ৰাজনৈতিক কেৰিয়াৰটোত কালিমা সনাৰ এক ষড়যন্ত্ৰ। এই ভিডিঅ’টো মোৰ এক পুৰণি ভিডিঅ’ সম্পাদনা কৰি মোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে।”

এই বিভ্ৰান্তিকৰ সম্পাদিত ভাষণটো ফে’চবুকত শশাংক চক্ৰৱৰ্তী নামৰ এগৰাকী ইউজাৰে শ্বেয়াৰ কৰিছিল। এই ইউজাৰগৰাকী গুৱাহাটীৰ নিবাসী আৰু এই প্ৰ’ফাইলটো ২০১০ চনত খোলা হৈছিল।

নিষ্কৰ্ষঃ উপসংহাৰ – Vishvas News এ নিজস্ব অনুসন্ধানত এই ভিডিঅ’ সম্পাদিত বুলি ধৰা পৰিছে।

  • Claim Review : See what the great coalition wants to do, now tell whom you want to bring in the government, who does not want to bring the jihadis or the nationalist government.
  • Claimed By : Sanjit Pandit
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later