Fact Check: জৈনপুৰত অসভ্যালী কৰা শিক্ষকক পিটন দিছিল, বিধায়ক বুলি ফটো দি ভাইৰেল হৈছে

বিশ্বাস টিমে নিজৰ অনুসন্ধানত পালে যে অনিল উপাধ্যায় নামৰে ভাইৰেল হৈ থকা পোষ্টটো নকলী| ভাজপাত অনিল উপাধ্যায় নামৰ কোনো বিধায়ক নাই| ভাইৰেল ফটো জৈনপুৰৰ এক চৰকাৰী স্কুলৰ সহকাৰী শিক্ষক শৈলেন্দ্ৰ ডুবেক পিটি থকা ফটো|

নতুন দিল্লী (বিশ্বাস নিউজ) কাল্পনিক ভাজপা বিধায়ক অনিল উপাধ্যায়ৰ নামত এবাৰ আকৌ পোষ্ট তীব্ৰগতিত ভাইৰেল হৈ আছে | এই পোষ্টটোত দুখন ফটো আছে, য’ত কিছুমান মানুহে এক সন্দেহীক পিটি থকা দেখা গৈছে | এই ফটো দুখন ভাইৰেল কৰি ইউজাৰে দাবী কৰিছে যে যিজনক পিটি আছে তেওঁ দিল্লীৰ ভাজপাৰ  বিধায়ক অনিল উপাধ্যায় |

বিশ্বাস নিউজৰ পৰিক্ষাত আগতে কেইবাবাৰো প্ৰমানিত হৈছে  যে ভাজপাত এই নামৰ কোনো বিধায়ক নাই | ছোচিয়েল মিডিয়াত অহা অনিল উপাধ্যাযৰ নামত নকলী পোষ্ট ভাইৰেল হৈ থাকে | যদি আমি এতিয়া ভাইৰেল হৈ থকা ফটোবোৰৰ কথা কৈ থাকোঁ তেন্তে যিজন ব্যক্তিক পিটি থকা দেখা গৈছে ,তেওঁ জৈনপুৰৰ এক চৰকাৰী স্কুলৰ সহায়ক শিক্ষক শৈলেন্দ্ৰ ডুবে আছিল | জানুৱাৰী 2020 ত গাঁৱৰ কিছু লোক আৰু ছাত্রৰ অবিভাৱকে স্কুলত সোমাই শিক্ষক শৈলেন্দ্ৰ ডুবক পিটিছিলে | এই জনৰ ওপৰত ছাত্রীসকলৰ লগত অসভ্যালি কৰাৰ আৰোপ আছিল|

কি আছিল ভাইৰেল পোষ্টত

ফেচবুক ইউজাৰ পংকজ দুৱৰাই এটা ভিডিও আপলোড কৰি লিখিছেঃ ” দিল্লীৰ মায়াপুৰীলৈ  ভোট বিচাৰি গৈছিল ”দিল্লীৰ মায়াপুৰীলৈ ভোট বিচাৰি গৈছিল দিল্লীৰ বিজেপি নেতা অনিল উপাধ্যায়, কিন্তু স্থানীয় মহিলাই উপাধ্যায়ক চাহ খোৱাম বুলি ঘৰৰ ভিতৰলৈ মাতি ঘৰত সোমোৱাই লৈ গুৰুলাগুৰুলকৈ পিটিলে”

( ফেচবুক পোষ্টৰ লিংক আৰু আৰ্কাইৱ  লিংক )

অনুসন্ধান

অনুসন্ধানৰ আৰম্ভ কৰোঁতে আমি পোনতে এই ফটোবোৰ গুগুল আৰু yandex ত আপলোড কৰি চাৰ্চকৰা আৰম্ভ কৰোঁ| আমি সম্বদ্ধিত ঘটনাৰ লগত জড়িত আৰু খবৰ কেইবা ঠাইতো পালোঁ|

নিউজচটেট ডট কমৰ ৱেবচাইটত মজুদ খবৰৰৰ ভিডিওত জনোৱা হৈছে যে জৈনপুৰৰ পৱাৰা থানাক্ষেত্রত এখন স্কুলত ছাত্রীসকলৰ লগত অভদ্ৰ ব্যৱহাৰ কৰাৰ কাৰণে শিক্ষকক গাঁৱৰ ৰাইজে  পিটিছিলে|

 চাৰ্চ কৰাত আমি abpnews ৱেবচাইটতো এটা খবৰ পালোঁ| তাত এই ঘটনাটোৰ ভিডিও আমি পালোঁ, যি এতিয়া মিছা দাবীৰ সৈতে ভাইৰেল হৈ আছে|  খবৰটো 24 জানুৱাৰীত পাব্লিচ কৰিছিল| তাত জনাইছিল যে গাঁৱৰ ৰাইজ আৰু শিশুসকলৰ অভিভাৱকে দোষী শিক্ষকক পিটাৰ পাচত তেওঁক পুলিচত গটাই দিয়ে|

তাৰ পাচত আমি গুগুল চাৰ্চৰ সহায় ল’লো| আমি গুগুলত ” জৈনপুৰত শিক্ষকৰ পিটন” বুলি টাইপ কৰি বিচাৰিলোঁ| আমি নৱভাৰত টাইমচ ৰ ৱেবচাইটত এটা খবৰ পালোঁ| তাতো শিক্ষকক পিটাৰ ঘটনাতো জৈনপুৰৰ পৱাৰা থানাক্ষেত্রৰ বুলি জনালে| ঘটনাটো প্ৰাইমেৰী স্কুলৰ আছিল|.এই বাতৰি 24 জানৱাৰী 2020 ত পাব্লিচ হৈছিল| বাতৰিৰ মতে দোষী সহায়ক শিক্ষকজনৰ নাম শৈলেন্দ্ৰ ডুবে|

অনুসন্ধানৰ তাৰ পিচৰ পৰ্য্যায়ত আমি জৈনপুৰৰ পুলিচ অধিকাৰিক টুইটাৰ হেণ্ডেল@jaunpurpolice ত চালোঁ| তাত যেতিয়া আমি হেণ্ডেলক চাৰ্চ কৰোঁ তেতিয়া আমি 24 জানুৱাৰী 2020 ৰ এক ট্ইট পোৱা গ’ল| তাত উচ্ছ পুলিচ অধীক্ষক গাঁৱৰ ৰাইজৰ ট্ইট পোৱা গ’ল| ইয়াত পুলিচ বিষয়াৰক পৱাৰাৰ ঘটনীৰ বিষয়ে জনোৱা হৈছে| শিশুৰ পিতাকৰ অভিযোগৰ পিচত শিক্ষকজনক আটক কৰিলোৱা গ’ল|

জৈনপুৰৰ এ এচপী গ্ৰমীন অজয় ৰায়েও ঘটনাটোত  হয়ভয় দি কয় যে আৰোপী শিক্ষকক এৰেষ্ট কৰা হৈছে| ছোচিয়েল মিডিয়াত কি ভাইৰেল হৈ আছে সেই কথা আমি একো নাজানো|

https://twitter.com/jaunpurpolice/status/1220572868032876544

অনুসন্ধানৰ সময়ত আমি Myneta.info ৱেৰচাইটলৈ গ’লো| এই ৱেবচাইটত দেশৰ সমগ্ৰ বিধায়ক আৰু সংসদৰ ৰেকৰ্ড মজুদ আছে| ইয়াত আমি অনিল উপাধ্যায় নামপ বিধায়ক আৰু সংসদক বিচাৰিব ধৰিলোঁ কিন্তু সেই নামৰ কোনো বিধায়কক নাপালোঁ যিজন বৰ্তমান ভাজপাৰ লগত জড়িত|

অন্তত আমি এই পোষ্টটো ছেয়াৰ কৰা  ফেচবুক একাউন্ট পংকজ দুৱৰাৰ ছোচিয়েল স্কেনিং কৰাৰ নিৰ্ণয় ল’লোঁ| আমি পালো যে ইউজাৰ গুৱাহাটীৰ বাসিন্দা আৰু পেছাত পত্রকাৰ|

নিষ্কৰ্ষঃ বিশ্বাস টিমে নিজৰ অনুসন্ধানত পালে যে অনিল উপাধ্যায় নামৰে ভাইৰেল হৈ থকা পোষ্টটো নকলী| ভাজপাত অনিল উপাধ্যায় নামৰ কোনো বিধায়ক নাই| ভাইৰেল ফটো জৈনপুৰৰ এক চৰকাৰী স্কুলৰ সহকাৰী শিক্ষক শৈলেন্দ্ৰ ডুবেক পিটি থকা ফটো|

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস