X
X

Fact Check: ছোৱালীজনীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ এই ভিডিঅ’টো বাংলাদেশৰ, পশ্চিমবঙ্গৰ নহয়

উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল ভিডিঅ’ ভুৱা বুলি প্ৰমাণিত হৈছেএই ভাইৰেল ভিডিঅ’ পুৰণি আৰু বাংলাদেশৰহে, পশ্চিমবঙ্গৰ নহয়।

বিশ্বাস নিউজ (নতুন দিল্লী): শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত কিছুসংখ্যক লোকে এগৰাকী মহিলাক জোৰজুলুম কৈ তুলি লৈ যোৱা দেখা গৈছে। পোষ্টটোৰ সৈতে ছ’চিয়েল মিডিয়া ইউজাৰসকলে দাবী কৰিছে যে এই ঘটনাটো পশ্চিমবঙ্গৰ পিংলাৰ। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছে। ভাইৰেল কিছুদিন পুৰণি আৰু এয়া বাংলাদেশৰ।

কি এই ভাইৰেল পোষ্ট

ভাইৰেল ভিডিঅ’টোত, একাংশ লোকে এগৰাকী মহিলাক জোৰজুলুম কৈ তুলি লৈ যোৱা দেখা গৈছে। ফেচবুক ইউজাৰ ৰাজেশ পাছৱানে ৬ মে, ২০২১ তাৰিখে ফেচবুকত এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছিল, “বিজেপি কৰ্মী আৰু বুথ পোলিং এজেণ্ট শ্বাস্বতী জানাক পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ মানুহে দিনদুপৰতে উঠাই লৈ গৈছিল আৰু তাৰ পিছত ১৫-২০ টা জেহাদী দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰিছিল, ইয়াতকৈ আৰু ডাঙৰ প্ৰমাণ কিবা লাগে জানো। “

ফেচবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত  ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

আমি গুগল ৰিভাৰ্চ ইমেজৰ ব্যৱহাৰেৰে এই ভিডিঅ’টোৰ কী-ফ্ৰেম কিছুমান বিচাৰি পাইছিলো আৰু আমি এই ভিডিঅ’টোৰ সম্পূৰ্ণ সংস্কৰণ ‘রহমত আলী হেলালী‘ নামৰ এগৰাকী বাংলাদেশী ফে’চবুক ইউজাৰৰ টাইমলাইনত দেখিবলৈ পাও। ২০২১ চনৰ ২৭ এপ্ৰিলত আপলোড কৰা পোষ্টটোৰ সৈতে এক বিৱৰণ দিয়া হৈছে, আৰু এই বিৱৰণ অনুসৰি, ভিডিঅ’টোত দেখা যুৱতীগৰাকী এগৰাকী হিন্দু আছিল, যিয়ে এজন মুছলমান লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। মহিলাগৰাকীক আৰক্ষীৰ সহায়ত স্থানীয় লোকে বলপূৰ্বক তেওঁৰ হিন্দু পিতৃ-মাতৃক গতাই দিছিল। ঘটনাটো বাংলাদেশৰ ভোলাৰ দৌলত খানত সংঘটিত হৈছিল। মহিলাগৰাকীক এই ভিডিঅ’টোত যথেষ্ট প্ৰতিবাদ কৰা দেখা গৈছে। আমাৰ বাংলা অনুবাদকে আমাক জনায় যে ভিডিঅ’টোত মহিলাগৰাকীয়ে কৈছে যে তেওঁ মাক-দেউতাকৰ সৈতে যাবলৈ বিচৰা নাই, আৰু তেওঁ তেওঁৰ স্বামীৰ সৈতে থকাৰ ইচ্ছা প্ৰকাশ কৰিছে।”

ইয়াৰ পৰাই কিছু তথ্যৰ সহায় লৈ আমি কী-ৱৰ্ডেৰে বিচাৰ-খোচাৰ কৰা আৰম্ভ কৰিলো। আমি এই সন্দৰ্ভত এটা খবৰ dainikamadershomoy.com ত লাভ কৰিলোঁ। এই এই খবৰ অনুসৰি ভিডিঅ’ত দেখা যুৱতীগৰাকী এগৰাকী হিন্দু পৰিয়ালৰ যুৱতী, যিয়ে এজন মুছলমান লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এই কথা তেওঁৰ দেউতাকে জানিব পৰাত, পৰিয়ালৰ লোকে মহিলা আৰু শিশু উৎপীড়ন প্ৰতিৰোধ আইনৰ অধীনত এটা গোচৰ দাখিল কৰিছিল আৰু এই গোচৰৰ ভিত্তিতে সংশ্লিষ্ট যুৱতীগৰাকীক স্থানীয় আৰক্ষীয়ে ‘উদ্ধাৰ’ কৰে আৰু তেওঁৰ পৰিয়ালক গতাই দিয়ে। উল্লেখ্য যে গোচৰটো বাংলাদেশৰ ভোলাৰ দৌলত থানাত পঞ্জীয়ন কৰা হৈছিল।

এই সন্इদৰ্सভত সবিশেষ খবৰ ঢাকা পোষ্ট ত পঢ়িব পাৰিব।

এই কথা নিশ্চিত কৰিবলৈ আমি বাংলাদেশৰ জ্যেষ্ঠ সাংবাদিক আৰু জাকিগঞ্জ সংবাদ নামৰ বাংলাদেশী সংবাদ মাধ্যমৰ প্ৰতিষ্ঠাপক ৰহমত আলী হালালীৰ সৈতে যোগাযোগ কৰিছিলো আৰু ভিডিঅ’টো তেওঁৰ সৈতে শ্বেয়াৰ কৰিছিলো। তেওঁ আমাক নিশ্চিতি দি কৈছিল যে এইটো বাংলাদেশৰ ঘটনা। আৰু এয়া বাংলাদেশত ব্যাপকভাৱে চৰ্চিত হৈছিল।

দৈনিক জাগৰণৰ ৱেবছাইটত  বিগত ৬ মে’ তাৰিখে প্ৰকাসিত এক খবৰ অনুসৰি, “পশ্চিমবঙ্গত, বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা আৰম্ভ হোৱা ৰাজনৈতিক হিংসা সাম কটাৰ কোনো লক্ষণেই দেখা যোৱা নাই। ৰাজ্যিক বিজেপিয়ে বৃহস্পতিবাৰে দাবী কৰিছিল যে যোৱা ২৪ ঘণ্টাত দলটোৰ আৰু দুগৰাকী কৰ্মীক নিৰ্মমভাৱে হত্যা কৰা হৈছে। লগতে দলটোৱে ৰাজ্যখনৰ বিভিন্ন স্থানত বিজেপি কৰ্মী আৰু তেওঁলোকৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলিও উল্লেখ কৰিছে।” সবিশেষ তথ্যৰ বাবে এই বাতৰিটো পঢ়ক।

আমি শেষত এই ভাইৰেল ভিডিঅ শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ ৰাজেশ পাছৱানৰ প্ৰফাইল স্কেন কৰো। আমি জানিব পৰা মতে তেওঁক ৪৪৩১ গৰাকী লোকে ফেচবুকত ফলো কৰে।

এই বাতৰিটো ইংৰাজী তো পঢ়িব পাৰিব।

এয়া ফেক্টচেক ইউনিটি কনছ’ৰ্টিয়াম  (ভাৰতত ছটা তথ্য পৰীক্ষা সংগঠনৰ এটা গোট)ৰ সহযোগত প্ৰকাশ কৰা হৈছে।

নিষ্কৰ্ষঃ উপসংহাৰ – বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল ভিডিঅ’ ভুৱা বুলি প্ৰমাণিত হৈছেএই ভাইৰেল ভিডিঅ’ পুৰণি আৰু বাংলাদেশৰহে, পশ্চিমবঙ্গৰ নহয়।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later