উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই পোষ্টৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’ত দেখা যোৱা ব্যক্তিগৰাকী নেপালৰ সাংসদ নহয়, বৰঞ্চ হিমাচল প্ৰদেশৰ কংগ্ৰেছী বিধায়ক জগত সিং নেগীহে।
নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত এগৰাকী ব্যক্তিক ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত কেতবোৰ মন্তব্য কৰা দেখা গৈছে, শুনা গৈছে। এই পোষ্টটোৰ সৈতে দাবী কৰা হৈছে যে এই ব্যক্তিগৰাকী হৈছে নেপালৰ সাংসদ আৰু তেওঁ নেপালৰ সংসদ ভৱনত ভাৰতীয় প্ৰধানমন্ত্ৰীক নিন্দা কৰিছে। বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই দাবী সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হৈছে। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী নেপালৰ সাংসদ নহয়, বৰঞ্চ ভাৰতৰে হিমাচল প্ৰদেশৰ কংগ্ৰেছী বিধায়ক জগত সিং নেগীহে।
কি এই ভাইৰেল পোষ্ট?
ভাইৰেল পোষ্টত এগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত বিভিন্ন কথা কৈ থকা শুনা গৈছে। এই পোষ্টটোৰ কেপশ্যনত লিখা হৈছে, “নেপালৰ সাংসদ মহোদয়ে মোদী ডাঙৰীয়াৰ প্ৰসংশা পত্ৰ পঢ়ি গৈছে। বিশ্বত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বহু ছবি আছে। লাজত শিৰনত হৈ গৈছে।”
এই পোষ্টটোৰ আৰ্কাইভ লিংকটো ইয়াত চাব পাৰিব।
অনুসন্ধান
অনুসন্ধান আৰম্ভ কৰিবৰ বাবে আমি এই ভিডিঅ’টো InVID টুলত দাখিল কৰি আৰু ইয়াৰ পৰা কী-ফ্ৰেমবোৰ উলিয়াই ললো। ইয়াৰ পিছত এই কী-ফ্ৰেমবোৰ গুগল ৰিভাৰ্ছ ইমেজ টুলত বিচাৰি চালো। আমি এই ভিডিঅ’টো হিমাচল কংগ্ৰেছৰ ভেৰিফাইড ফে’চবুক পেজত আপলোড কৰি থোৱা অৱস্থাত লাভ কৰিলো। ভিডিঅ’টোৰ সৈতে কেপশ্যনত লিখা আছিল, “কিন্নোৰৰ কংগ্ৰেছ বিধায়ক জগত সিং নেগীৰ পৰা দেশৰ মহান তথা যশস্বী প্ৰধানমন্ত্ৰী সন্দৰ্ভত শুনক…।”
আমি Hindustan Live ৰ ভেৰিফাইড ইউটিউব চেনেলতো এটা ভিডিঅ’ এই ক্লিপটো লাভ কৰিছো। ৩১ মাৰ্চ তাৰিখে আপলোড হোৱা এই ভিডিঅ’টোৰ সৈতে কেপশ্যনত লিখা হৈছে, “মোদী চৰকাৰৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত কংগ্ৰেছী বিধায়ক জগত সিং নেগীয়ে হিমাচল বিধানসভাত ভাষণ প্ৰদান কৰিছে।”
এই বিষয়টো সন্দৰ্ভত অধিক স্পষ্ট ছবি এখন লাভ কৰিবৰ বাবে আমি দৈনিক জাগৰণৰ হিমাচল ব্যুৰ’ৰ উপ-মুখ্য সংবাদদাতা হংসৰাজ ছৈনিৰ সৈতে যোগাযোগ কৰো। তেওঁ কয়, “এয়া হৈছে হিমাচল প্ৰদেশৰ কিন্নোৰ জিলাৰ বিধায়ক জগত সিং নেগী। এই ভিডিঅ’ হিমাচল বিধানসভাৰ বাজেট অধিবেশনৰ সময়ত হোৱা আলোচনাৰ ভিডিঅ’। এই বাজেট অধিবেশন ২০ মাৰ্চত সম্পন্ন হৈছিল।” উল্লেখ্য যে এই ভাইৰেল ফটো শ্বেয়াৰ কৰা ইউজাৰ ‘Sayyed Akmal Hussain’ ৰ ছ’চিয়েল মিডিয়াৰ প্ৰ’ফাইল স্কেন কৰাত আমি জানিব পাৰো যে এই ইউজাৰগৰাকী দিল্লী নিবাসী আৰু আলিগড়ৰ স্থায়ী নিবাসী।
নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই পোষ্টৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’ত দেখা যোৱা ব্যক্তিগৰাকী নেপালৰ সাংসদ নহয়, বৰঞ্চ হিমাচল প্ৰদেশৰ কংগ্ৰেছী বিধায়ক জগত সিং নেগীহে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ