Fact Check: স্মৃতি ইৰাণীৰ বিৰুদ্ধে এবছৰ পূৰ্বে হোৱা প্ৰতিবাদৰ ভিডিঅ’ ভাইৰেল
বিশ্বাস নিউজৰ তদন্তত শেহতীয়াকৈ ভাইৰেল হোৱা স্মৃতি ইৰাণীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভিডিঅ’টো এবছৰ পুৰণি বুলি প্ৰমাণিত হৈছে। কিছু লোকে এই ভিডিঅ’টো এতিয়াৰ বুলি উল্লেখ কৰি ভাইৰেল কৰি তুলিছে। আমাৰ অনুসন্ধানত ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে।
- By: Ashish Maharishi
- Published: Nov 3, 2021 at 11:25 AM
নতুন দিল্লী (Vishvas News)। কেন্দ্ৰীয় মন্ত্ৰী তথা আমেঠিৰ সাংসদ স্মৃতি ইৰাণীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ এটা ভিডিঅ’ বিভিন্ন সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত কেইবাজনো লোকক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয়ৰ সমূখত বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গৈছে। ব্যৱহাৰকাৰীসকলে এতিয়া দাবী কৰিছে যে সংবাদ মাধ্যমে বাৰাণসীত স্মৃতি ইৰাণীৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰা নাছিল। পিছে, বিশ্বাস নিউজে এই ভাইৰেল পোষ্টটো পৰীক্ষা কৰি জানিব পাৰিছিলো যে প্ৰতিবাদটো প্ৰকৃততে ২০২০ চনত বাৰাণসীত সংঘটিত হৈছিল, যিটো কিছুমান লোকে এতিয়া শেহতীয়াকৈ ভাইৰেল কৰি তুলিছে। আমাৰ অনুসন্ধানত ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। যেতিয়া স্মৃতি ইৰাণী ২০২০ চনত বাৰাণসীত উপস্থিত হৈছিল, তেতিয়া কিছুমান লোকে তেওঁৰ সমূখত বিক্ষোভ প্ৰদৰ্শন কৰিছিল। শেহতীয়াকৈ তেনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই।
কি এই ভাইৰেল পোষ্ট?
ফেচবুক পৃষ্ঠা সমস্তিপুৰ কুমাৰ বিজয়ে ১৪ অক্টোবৰত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছিল : ‘স্মৃতি ইৰাণীৰ বাৰাণসী ভ্ৰমণৰ সময়ত তীব্ৰ প্ৰতিবাদ হৈছিল কিন্তু সেয়া ‘গোডী মিডিয়া’ই বাতৰি হিচাপে পৰিৱেশন নকৰিলে।‘
ফেচবুক পোষ্টটোৰ হুবহু অনুবাদ ইয়াত আগবঢ়োৱা হৈছে। আন ব্যৱহাৰকাৰীসকলেও এতিয়া ইয়াক শেহতীয়া বুলি বিশ্বাস কৰি ভাইৰেল কৰি তুলিছে।
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজ প্ৰথমে ভাইৰেল পোষ্টটোৰ প্ৰকৃত উৎস জানিবৰ বাবে গুগল অপেন চাৰ্চৰ সহায় লৈছিল। আমি প্ৰাসঙ্গিক কী-ৱৰ্ডৰ জৰিয়তে অনুসন্ধান কৰাৰ সময়ত কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু ভিডিঅ’ বিচাৰি পাইছিলো। এই বাতৰিবোৰত প্ৰকাশ পাইছিল যে স্মৃতি ইৰাণীৰ ২০২০ চনৰ বাৰাণসী ভ্ৰমণকালত কংগ্ৰেছ নেতাসকলে তীব্ৰ বিৰোধিতা কৰিছিল। এতিয়া সেই ভিডিঅ’টোকেই শেহতীয়া ঘটনা বুলি উল্লেখ কৰি ভাইৰেল কৰা হৈছে।
ভিডিঅ’টো ২০২০ চনৰ ৩ অক্টোবৰত Live VNS নামৰ এটা ইউটিউব চেনেলে আপলোড কৰিছিল। ইয়াত কোৱা হৈছে, স্মৃতি ইৰাণীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি কংগ্ৰেছীসকলে বাৰাণসীৰ আয়ুক্তালয়ৰ বাহিৰত ক’লা পতাকা প্ৰদৰ্শন কৰিছিল। ভিডিঅ’টো ইয়াত চাওক।
অনুসন্ধানৰ সময়ত, আমি দৈনিক জাগৰণৰ ৱেবছাইটত এটা পুৰণি খবৰ পাইছিলো। ২০২০ চনৰ ৩ অক্টোবৰত প্ৰকাশিত বাতৰিটোত উল্লেখ আছিল যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বাৰাণসী ভ্ৰমণৰ সময়ত সমাজবাদী পাৰ্টীৰ একাংশ কৰ্মীয়ে আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছিল, ইফালে কংগ্ৰেছ কৰ্মীসকলেও তেওঁৰ বাহনখন ঘেৰি ধৰিছিল আৰু তেওঁৰ গাড়ীৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছিল। এই সন্দৰ্ভত, আৰক্ষীয়ে কেইবাজনো কৰ্মীৰ বিৰুদ্ধে ধাৰা ১৫১ ৰ অধীনত গোচৰ চৰিছিল। সম্পূৰ্ণ বাতৰিটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।
তদন্তটো আগবঢ়াই, বিশ্বাস নিউজে সেই প্ৰতিবাদত জড়িত কংগ্ৰেছ নেতা হৰিশ মিশ্ৰৰ কাষ চাপিছিল। তেওঁ আমাক জনাইছিল যে স্মৃতি ইৰাণী যোৱা বছৰ হাথৰাছৰ ঘটনাৰ পিছত বাৰাণসীলৈ আহিছিল। সেই সময়তেই এই বিক্ষোভ প্ৰদৰ্শন অনুষ্ঠিত হৈছিল। এই মুহূৰ্তত তেনেকুৱা একো হোৱা নাই। সেই ঘটনাত আৰক্ষীয়ে ১৪ জন লোকক গ্ৰেপ্তাৰো কৰিছিল।
বিশ্বাস নিউজে অনুসন্ধানৰ শেষত এই বিভ্ৰান্তিকৰ পোষ্ট কৰা ইউজাৰজনৰ ছ’চিয়েল স্কেনিং কৰাত আমি জানিব পাৰিছিলো যে ফেচবুক পৃষ্ঠা সমস্তিপুৰ কুমাৰ অজয়ৰ সৈতে ২৯৭৪ জন লোক আছে। এই পৃষ্ঠাটো ১৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে সৃষ্টি কৰা হৈছিল। এই পৃষ্ঠাটোত আমি বিহাৰ সম্পৰ্কীয় অধিক সমল দেখিবলৈ পাইছো।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত শেহতীয়াকৈ ভাইৰেল হোৱা স্মৃতি ইৰাণীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভিডিঅ’টো এবছৰ পুৰণি বুলি প্ৰমাণিত হৈছে। কিছু লোকে এই ভিডিঅ’টো এতিয়াৰ বুলি উল্লেখ কৰি ভাইৰেল কৰি তুলিছে। আমাৰ অনুসন্ধানত ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.