Fact Check: বিজেপি-বিআৰএচ-ৰ পুৰণি সংঘাতৰ ঘটনাৰ ভিডিঅ’ক ভুৱা দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে

নতুন দিল্লী (বিশ্বাস নিউজ)। বিধানসভা নিৰ্ৱাচনৰ ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে আৰু ইয়াৰে মাজত সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল কৰা হৈ আছে। ভাইৰাল ভিডিঅ’ত কিছুমান মানুহক পলাই থকা দেখা পোৱা যায় আৰু তেঁওলোকৰ ডিঙিত বিজেপি-ৰ স্কাৰ্ফ আছিল। ভিডিঅ’খন চালে গম পোৱা যায় যে, যেনে এয়া কিবা মাৰপিট, সংঘাতৰ ঘটনা। তাত ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলক জনগনে পিটিছে।   

ভাইৰাল ভিডিঅ’ৰ তদন্তত আমি এই কথা গম পালো যে, এই ভিডিঅ’খন 9 ফেব্ৰুৱাৰী, 2022-ৰ সেইসময়ৰ ভিডিঅ’ যেতিয়া তেলেঙ্গানাৰ জনগাঁও-ত ভাজপা( ভাৰতীয় জনতা পাৰ্টি) আৰু টিআৰএচ( তেলেঙ্গানা ৰাষ্ট্ৰ সমিতি, যিখন এতিয়া ভাৰত ৰাষ্ট্ৰ সমিতি(বিআৰএছ) হৈ গ’ল)ৰ কৰ্মকৰ্তাসকলৰ মাজত সংঘাত হৈছিল। এই পুৰণি ভিডিঅ’খনক ভাইৰাল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰী আদিত্য দুবে ভাইৰাল ভিডিঅ’খন শ্বেয়াৰ কৰি লিখিছে যে, ”ভাজপাইয়া সকলক জনতায় দৌৰাই দৌৰাই পিটিছে।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণক ইয়াত চাওক

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণীত আমি পুনপ্ৰথমতে ভিডিঅ’খনক ভালকৈ চালো। ভিডিঅ’খনৰ 21 চেকেণ্ডৰ ফ্ৰেমত আমি ট্ৰাফিক বুথত ‘JANGOAN’ লিখা পালো, এই তথ্যৰ ভিত্তিত আমি সংবাদ বিছাৰিলোঁ আৰু আমি ৱান ইণ্ডিয়া-ৰ ইউটিউব চেনেলত ভাইৰাল ভিডিঅ’ 10 ফেব্ৰুৱাৰী 2022-ত আপল’ড হোৱা পালো। ইয়াত থকা তথ্য মতে, ‘প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মোডি বিৰোধী প্ৰদৰ্শনৰ সময়ত তেলেঙ্গানা ৰাজ্যত টিআৰএচ(এতিয়া ভাৰত ৰাষ্ট্ৰ সমিতি)আৰু ভাজপাৰ মাজত সংঘাত হ’ল।”

এই ভাইৰাল ভিডিঅ’খনৰ তেলেগু টিভি9 লাইভতও দেখা পোৱা যায়, ইয়াতও ভিডিঅ’ৰ লগত থকা তথ্য মতে, এয়া টিআৰএচ(এতিয়া বিআৰএচ) আৰু বিজেপি-ৰ কৰ্মকৰ্তাসকলৰ মাজত হোৱা সংঘাতৰ ঘটনা। 

এই সন্দৰ্ভত দা হিন্দুৰ 9 ফেব্ৰুৱাৰী 2022-ত প্ৰকাশিত এখন সংবাদ পোৱা গ’ল। সংবাদটোত থকা তথ্য মতে, ”জনগাঁও জিলা মূখ্য কাৰ্যালয়ত বুধবাৰ দিনা অলপ সময়ৰ বাবে সমস্যাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ’ল, যেতিয়া টিআৰএচ(এতিয়া বিআৰএচ) আৰু বিজেপিৰ নেতাসকলৰ মাজত ঝাণ্ডাৰ লাঠিৰ সৈতে সংঘাত আৰম্ভ হৈ গ’ল আৰু টিআৰএছ কৰ্মকৰ্তাসকলে বিজেপিৰ কৰ্মকৰ্তাসকলৰ পিছা কৰিলে।”তেলেঙ্গানা টুডে-ৰ ৱেবচাইটতও এই ঘটনা সন্দৰ্ভত সংবাদ পঢ়িব পাৰি।

এই ভিডিঅ’খনৰ ইয়াৰ আগতও আমি ফেক্ট চেক কৰিছিলোঁ আৰু তেতিয়া আমি কৰ্ণাটক বিজেপি প্ৰবক্তা প্ৰতাপ কুমাৰৰ লগত যোগাযোগ কৰিছিলোঁ। যিজনে ভিডিঅ’ৰ বিষযে আমাৰ লগত কথা পাতি থকাত জঁনালে যে, এই ভিডিঅ’ পুৰণি আৰু তেলেঙ্গানাৰ হয়।

এয়া মন কৰিবলগীয়া যে, 9 অক্টোৱৰত নিৰ্বাচন আয়োগে ছত্তিছগড়, মধ্যপ্ৰদেশ মিজোৰাম ৰাজস্থান আৰু তেলেঙ্গানাত আগামী বিধানসভা নিৰ্ৱাচনৰ তাৰিখ ঘোষণা কৰিছে। ছত্তিছগড় আৰু মিজোৰামে 7 নভেম্বৰৰ পৰা নিৰ্ৱাচন আৰম্ভ হ’ব। ছত্তিছগড়ে দুই ধাপত নিৰ্ৱাচন হ’ব- প্ৰথম 7 নভেম্বৰত আৰু তাৰপিছত 17 নভেম্বৰত। মধ্যপ্ৰদেশত নিৰ্ৱাচন 17 নভেম্বৰত হ’ব। ৰাজস্থান আৰু তেলেঙ্গানাত ক্ৰমে 23 আৰু 30 নভেম্বৰত নিৰ্ৱাচন হ’ব।

ভুৱা দাবিৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী “আদিত্য দুবে’ –ৰ সামাজিক স্কেনিঙত আমি এই তথ্য গম পালো যে, ব্যৱহাৰকাৰীজনৰ 98 হাজাৰ অনুসৰণকাৰী আছে, তেঁও এই প্ৰ’ফাইলৰ পৰা এটা বিশেষ দলৰ লগত জড়িত পোষ্ট শ্বেয়াৰ কৰে। 

इस फैक्ट चेक आर्टिकल को हिंदी में यहां पढ़ें।

উপসংহাৰ: ভাইৰাল ভিডিঅ’ৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই ভিডিঅ’খন 9 ফেব্ৰুৱাৰী, 2022-ৰ সেইসময়ৰ ভিডিঅ’ যেতিয়া তেলেঙ্গানাৰ জনগাঁও-ত ভাজপা( ভাৰতীয় জনতা পাৰ্টি) আৰু টিআৰএচ( তেলেঙ্গানা ৰাষ্ট্ৰ সমিতি, যিখন এতিয়া ভাৰত ৰাষ্ট্ৰ সমিতি(বিআৰএছ) হৈ গ’ল)ৰ কৰ্মকৰ্তাসকলৰ মাজত সংঘাত হৈছিল। এই পুৰণি ভিডিঅ’খনক ভাইৰাল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস