Fact Check: ধুলিৰ ঘূৰ্ণী বতাহৰ এই ভিডিঅ’ পশ্চিমবঙ্গৰ নহয়, কেনিয়াৰহে, ভাইৰেল পোষ্টৰ সৈতে কৰা দাবী ভুৱা

উপসংহাৰ – এই ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী সম্পূৰ্ণৰূপে ভুৱা। ধুলিৰ ঘূৰ্ণীবতাহৰ এই ভিডিঅ’ পশ্চিমবঙ্গৰ নহয়, এই ভিডিঅ’ কেনিয়াৰ এটা গীৰ্জাত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত হোৱা ঘূৰ্ণীবতাহৰহে।

Fact Check: ধুলিৰ ঘূৰ্ণী বতাহৰ এই ভিডিঅ’ পশ্চিমবঙ্গৰ নহয়, কেনিয়াৰহে, ভাইৰেল পোষ্টৰ সৈতে কৰা দাবী ভুৱা

নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈছে, য’ত এখন খেলপথাৰত ভালেমান চকী দেখা গৈছে, ইয়াতেই হঠাতে ধুলিৰ ধুমুহা আৰু ঘূৰ্ণীবতাহ বলা দেখা গৈছে। আৰু এই ঘূৰ্ণীবতাহত খেলপথাৰত থকা চকীবোৰ উৰি যোৱা দেখা গৈছে। ভিডিঅ’টোৰ সৈতে দাবী কৰা হৈছে যে এই ভিডিঅ’টো পশ্চিমবঙ্গৰ আৰু বিজেপিৰ এক ৰাজহুৱা সভাৰ সময়ত এই ঘটনা সংঘটিত হৈছে।

বিশ্বাস নিউজে এই ভিডিঅ’ সত্যতা পৰীক্ষা কৰাত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল পোষ্টৰ সৈতে কৰা দাবী সম্পূৰ্ণৰূপে ভুৱা বা মিছা। এই ভাইৰেল ভিডিঅ’টো প্ৰায় তিনিবছৰ পুৰণি আৰু কেনিয়াৰ এটা গীৰ্জাৰ এক অনুষ্ঠানত এই ঘটনা সংঘটিত হৈছিল।

কি এই ভাইৰেল পোষ্ট ?

ফে’চবুক ইউজাৰ ਸਾਡਾ ਆਪਣਾ ਪਿੰਡ এ এই ভিডিঅ’ শ্বেয়াৰ কৰি পাঞ্জাৱী ভাষাতে কথাখিনি লিখিছে। কথাখিনিৰ অসমীয়া অনুবাদ হৈছে – পশ্চিমবঙ্গৰ এই স্থানতে ভাৰতীয় জনতা পাৰ্টীৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু সম্ভৱতঃ তেওঁলোকৰ কামবোৰ ভগৱানৰ পচন্দ হোৱা নাছিল।

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধান আৰম্ভ কৰি সৰ্বপ্ৰথমে ইনভিড টুলৰ সহায়ত এই ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমবোৰ উলিয়াই লয় আৰু  ইয়াৰ পৰাই এখন ফটো গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ সহায়ত বিচাৰিবলৈ আৰম্ভ কৰে। আমি এই অনুসন্ধান কালত ২০১৮ চনত প্ৰকাশিত কিছু মিডিয়া ৰিপ’ৰ্ট লাভ কৰো, য’ত এই ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা ভিডিঅ’টোও সন্নিৱিষ্ট আছিল। ২০১৮ চনৰ ৩০ ছেপ্তেম্বৰত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি, কেনিয়াৰ ইউকাম্বনীত থকা এটা গীৰ্জাত এক অনুষ্ঠানৰ সময়তে হঠাতে ধুলিৰ ঘূৰ্ণীবতাহ বলিবলৈ আৰম্ভ কৰে আৰু এই বিধ্বংসী বতাহতে তাত থকা চকী, বিভিন্ন বৈদ্যুতিক সা-সৰঞ্জাম আদি উৰি যায়।

এই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবৰ বাবে আমি দৈনিক জাগৰণৰ পশ্চিমবঙ্গ সংস্কৰণৰ সম্পাদক জে কে বাজপেয়ীৰ সৈতে যোগাযোগ কৰো আৰু তেওঁলৈ এই ভিডিঅ’টো প্ৰেৰণ কৰো। তেওঁ আমাক জনায় যে এইপৰ্যন্ত পশ্চিমবঙ্গত এনেধৰণৰ কোনো ঘটনা জানিব পৰা হোৱা নাই আৰু তেনে কোনো খবৰো আমালৈ অহা নাই। আৰু এই ভিডিঅ’টো পশ্চিমবঙ্গৰ যেন লগা নাই, এই ভিডিঅ’টোৰ সৈতে কৰা দাবী ভুৱা।

ফে’চবুকত এই পোষ্টটো ਸਾਡਾ ਆਪਣਾ ਪਿੰਡ নামৰ এটা পোষ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে। এই পেজটোৰ প্ৰ’ফাইল আমি স্কেন কৰোতে লাভ কৰা তথ্য অনুসৰি এই বাতৰি লিখাৰ পৰলৈকে এই পেজটোত ফ’ল’ৱাৰ্ছৰ সংখ্যা ১০১৫৫ গৰাকী।

নিষ্কৰ্ষঃ উপসংহাৰ – এই ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী সম্পূৰ্ণৰূপে ভুৱা। ধুলিৰ ঘূৰ্ণীবতাহৰ এই ভিডিঅ’ পশ্চিমবঙ্গৰ নহয়, এই ভিডিঅ’ কেনিয়াৰ এটা গীৰ্জাত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত হোৱা ঘূৰ্ণীবতাহৰহে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস